অহা ৮ আৰু ৯ জানুৱাৰিত চকা বন্ধ অসম মটৰ পৰিবহণ শ্ৰমিক সংগঠনসমূহৰ; কাৰ্বি আংলঙক ৰেহাই

Chakka Bandha

প্ৰতিনিধিত্বমূলক ছবি।

নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিয়ে অসমত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ মাজতে অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই (The joint forum of motor transport workers’ organisations of Assam) দুদিনীয়া চকা বন্ধৰ কাৰ্য্যসূচী লৈছে। নিখিল ভাৰত পথ পৰিবহণ কৰ্মীসংঘ (All India Road Transport Workers Federation)ৰ কাৰ্য্যসূচীৰ অংশ হিচাপে অসমত অহা ৮ আৰু ৯ জানুৱাৰিত এই চকা বন্ধৰ আহ্বান দিয়া হৈছে। সেই অনুসৰি কেৱল কাৰ্বি আংলঙৰ বাদে অসমৰ বাকী অংশত উক্ত দুদিন গাড়ী-মটৰৰ চলাচল বন্ধ থাকিব। কাৰ্বি আংলঙত অহা ১২ জানুৱাৰিত টাউন কমিটীৰ নিৰ্বাচন থকা বাবে ৰেহাই দিয়া হৈছে বুলি মঞ্চৰ সূত্ৰই জনায়।

মোদী চৰকাৰে অনা Motor Vehicle (Amendment) Bill, 2017খনৰ জৰিয়তে দেশৰ পৰিৱহণ ব্যৱস্থাটোক হাইজেক কৰি পুঁজিপতিৰ ওচৰত গতোৱাৰ যি ষড়যন্ত্ৰ কৰিছে তাৰ প্ৰতিবাদকল্পে সমগ্ৰ ভাৰতত এই চকা বন্ধ দিয়া হৈছে। অসম পেট্ৰলিয়াম মজদুৰ য়ুনিয়নৰ সাধাৰণ সম্পাদক ৰমেন দাসে ৰাজ্যবাসীক চকা বন্ধৰ কাৰ্য্যসূচীত সহযোগ কৰিবলৈ আহ্বান জনাইছে।

উল্লেখযোগ্য যে চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে বিভিন্ন দল-সংগঠনে আন্দোলনৰ পথ ল’ব লগীয়া হৈছে। জনজাতিকৰণ নকৰাৰ প্ৰতিবাদত ছয় জনগোষ্ঠীৰ প্ৰতিবাদ, বড়োলেণ্ডৰ দাবীত প্ৰতিবাদ, বন্ধ হৈ থকা কাগজকলক পুনৰ চলোৱাৰ ব্যৱস্থা নকৰাৰ প্ৰতিবাদত কল দুটাৰ কৰ্মচাৰী, তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ কৰাৰ বিৰুদ্ধে অইলৰ কৰ্মচাৰী, ভেন্সাৰ শিক্ষকসকলৰ প্ৰতিবাদ, বেতন বিহীন শিক্ষকৰ প্ৰতিবাদ, মুঠতে এশ এটা প্ৰতিবাদৰ জন্ম দিছে চৰকাৰৰ কৰ্মকাণ্ডই। ফলত ৰাজ্যখনে অগ্নিগৰ্ভ পৰিস্থিতিলৈ গতি কৰিছে।