হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগ : মাত্ৰ তিনিমাহৰ ভিতৰত চৰকাৰী চিকিৎসালয়ত মৃত্যু হৈছে ৮৪৯ টা শিশুৰ

হিমন্ত বিশ্ব শৰ্মাই যিমান উন্নয়নৰ ঢোল কোবালেও অসমৰ চৰকাৰী স্বাস্থ্যখণ্ডৰ অৱস্থাৰ কোনো উন্নতি হোৱা নাই। অসমৰ চৰকাৰী চিকিৎসালয়ে ৰোধ কৰিব পৰা নাই শিশুৰ মৃত্যুৰ হাৰ।

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, চলিত বৰ্ষৰ এপ্রিল, মে’ আৰু জুন মাহত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতেই মৃত্যু হৈছে মুঠ ৮৪৯ টি শিশুৰ।

তথ্য অনুসৰি যোৱা এপ্রিল মাহত ৩২০টা, মে’ মাহত ৩০৩ টা আৰু জুন মাহত ২২৬ টা শিশুৰ মৃত্যু হৈছে অসমৰ চৰকাৰী চিকিৎসালয়ত।

তথ্য অনুসৰি ২০২০-২১ বৰ্ষত অসমৰ চৰকাৰী চিকিৎসালয়ত মুঠ ৯,৪৭৫টা শিশুৰ মৃত্যু হৈছিল।

আনহাতে ২০২১-২২ বর্ষত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰত অৱস্থাতে মৃত্যু হয় ৭,৯১০টা শিশুৰ।
ঠিক একেদৰে ২০২২-২৩ বৰ্ষত ৰাজ্যখনৰ চৰকাৰী চিকিৎসালয়তে মৃত্যু হয় ৬,৭৩৭টা শিশুৰ।

আনহাতে ২০২৩-২৪ বৰ্ষত অসমৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰত অৱস্থাত মৃত্যু হৈছে ৪,৭৯৩ টা শিশুৰ।

উল্লেখ্য যে ২০২২-২৩ বৰ্ষত ৰাজ্যখনৰ বিভিন্ন চৰকাৰী খণ্ডৰ চিকিৎসালয়ত জন্মৰ ২৪ ঘণ্টাৰ ভিতৰত ৬০৪টা নৱজাতকৰ, জন্মৰ পৰা সাত দিনৰ ভিতৰত ৩,০৯৮ টা শিশুৰ, জন্মৰ পৰা ২৮ দিনৰ ভিতৰত ৮৪৯ টা শিশুৰ, জন্মৰ এবছৰৰ ভিতৰৰ ১,৭৪৭ টা শিশুৰ, ১-৫ বছৰ বয়সৰ ৪৩৯ টা শিশুৰ মৃত্যু হৈছিল।