• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

স্বামীয়ে পত্নীৰ সন্মতি নোহোৱাকৈ কৰা যৌন সম্পৰ্ক আৰু মিছা প্ৰতিশ্ৰুতি দি কৰা যৌন সম্পৰ্ক : নতুন আইন মতে কি ধৰণৰ শাস্তি হ’ব অপৰাধীৰ?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 1, 2024 9:14 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১ জুলাইৰ পৰা দেশত বলৱৎ কৰা হৈছে তিনিখনকৈ ফৌজাদাৰী আইন। পুৰণি ভাৰতীয় দণ্ডবিধি আইনৰ সলনি অনা হৈছে এই তিনিখন আইন। এতিয়াৰে পৰা নতুন আইন অনুসৰি অপৰাধমূলক গোচৰ নিষ্পত্তি কৰা হ’ব। যোৱা বছৰ সংসদৰ দুয়োটা সদনে গৃহীত হৈছিল এই তিনিখন আইনৰ বিধেয়ক।

উল্লেখ্য যে পূৰ্বৰ দণ্ডবিধি আইনত মুঠ ৫১১টা ধাৰা আছিল, কিন্তু এতিয়া তাৰ ঠাইত ৩৫৮ টা ধাৰা আছে। আনহাতে চি আৰ পি চিত আছিল  ৪৮৪টা ধাৰা, এতিয়া ভাৰতীয় নাগৰিক প্ৰতিৰক্ষা সংহিতাত ৫৩১টা ধাৰা আৰু ভাৰতীয় প্ৰমাণ আইনত ১৬৬টা ধাৰা আছে।

Apply Now

উল্লেখ্য যে নাৰী নিৰ্যাতনকে ধৰি বিভিন্ন ক্ষেত্ৰত এই আইন সংশোধন কৰা হৈছে।

আগতে ধৰ্ষণৰ অভিযোগ ৩৭৫ ধাৰাত দাখিল কৰা হৈছিল, এতিয়া সেই ধাৰা হ’ব ৬৩। নতুন আইণৰ ৬৪ৰ পৰা ৭০ ধাৰাত ধৰ্ষণৰ শাস্তিৰ কথা উল্লেখ কৰা হৈছে।

ইয়াৰ পূৰ্বে আই পি চিৰ ৩৭৫ নং ধাৰাত ধৰ্ষণৰ বিষয়ে আছিল আৰু শাস্তিৰ বাবে ৩৭৬ নং ধাৰা আছিল। আই পি চিৰ ৩৭৬ ধাৰা অনুসৰি ধৰ্ষণৰ অভিযোগ প্ৰমাণিত হ’লে ১০ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ শাস্তি নিৰ্ধাৰণ কৰা হৈছিল, নতুন আইনখনেও ৬৪ নং ধাৰাত একে শাস্তিৰ ব্যৱস্থা কৰিছে।

নাবালক ধৰ্ষণৰ ক্ষেত্ৰত কঠোৰ শাস্তি প্ৰদান কৰা হৈছে নতুন আইনত। নতুন আইন মতে, যদিহে ভুক্তভোগীৰ বয়স ১৮ বছৰৰ তলৰ হয় তেন্তে দলবদ্ধ ধৰ্ষণৰ লগত জড়িত যিকোনো ব্যক্তিক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিব পাৰি। ইয়াৰ পূৰ্বে এই আইনত ১২ বছৰৰ তলৰ নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰাৰ সৰ্বোচ্চ শাস্তি আছিল মৃত্যুদণ্ড আৰু ১২ বছৰৰ ওপৰৰ নাবালিকাক দলবদ্ধ ধৰ্ষণৰ অভিযুক্তৰ শাস্তি আছিল যাৱজ্জীৱন কাৰাদণ্ড।

উল্লেখ্য যে বৈবাহিক ধৰ্ষণ(মেৰিটেল ৰেপ)ৰ বিষয়টোক লৈ বহু বছৰ ধৰি বিতৰ্ক চলি আহিছে। নিৰ্ভয়া ধৰ্ষণ গোচৰৰ পিছত ন্যায়াধীশ ভাৰ্মা কমিটীয়েও বৈবাহিক ধৰ্ষণৰ বাবে সুকীয়া আইন প্ৰণয়নৰ দাবী জনায়।

যদিও নতুন আইনখনত বৈবাহিক ধৰ্ষণৰ কথা উল্লেখ কৰা হোৱা নাই, তথাপিও ইয়াত কোৱা হৈছে যে যদি কোনো পুৰুষে পত্নীৰ সৈতে বলপূৰ্বকভাৱে যৌন সম্পৰ্ক স্থাপন কৰে, তেন্তে পত্নীৰ বয়স ১৮ বছৰৰ ওপৰত হ’লে ইয়াক ধৰ্ষণ হিচাপে গণ্য কৰা নহয়। অৰ্থাৎ নাবালক পত্নীৰ সৈতে জোৰকৈ যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ।

নতুনআইনত মতে বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰে কৰা যৌন সম্পৰ্কক অপৰাধমূলক বুলি গণ্য কৰা হয়। ইয়াৰ শাস্তি ১০ বছৰ পৰ্যন্ত হ’ব পাৰে।

নতুন আইনখনৰ ৬৯ নং ধাৰা অনুসৰি যদি কোনো ব্যক্তিয়ে বিবাহ, কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতি দি কোনো মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰে, তেন্তে ইয়াক অপৰাধ বুলি গণ্য কৰা হ’ব। ইয়াৰ বাবে ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে। কাৰাদণ্ড আৰু জৰিমনা দুয়োটাও আৰোপ কৰিব পাৰি।

যদি কোনো ব্যক্তিয়ে নিজৰ পৰিচয় লুকুৱাই ৰাখি বিবাহ কৰে তেন্তে তেওঁক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ডৰো নিৰ্দেশ দিয়া হ’ব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd