কেৰিয়াৰৰ সৰ্বোচ্চ স্থানত মায়ংক আগৰৱাল; স্মিথৰ সৈতে পইণ্টৰ ব্যৱধান হ্ৰাস পালে কোহলীৰ

mayank

মায়াংক আগৰৱাল

বাংলাদেশৰ বিৰুদ্ধে চমকপ্ৰদ শৃংখলা জয়ৰ পাছত প্ৰকাশ পোৱা আই চি চিৰ শেহতীয়া টেষ্ট ৰেংকিঙত শীৰ্ষ দহ নম্বৰ স্থানত উপনীত হৈছে অপেনিং বেটছমেন মায়ংক আগৰৱাল।

মায়াংক আগৰৱালে ৭০০ পইণ্টেৰে তালিকাৰ দহ নম্বৰ স্থানত থকাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথে ৯৩১ পইণ্টেৰে শীৰ্ষ স্থান বাহাল ৰাখিছে।

আনহাতে ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে ৯২৮ পইণ্টেৰে দ্বিতীয় স্থানত আছে। স্মিথ আৰু কোহলীৰ মাজত মাত্ৰ তিনি পইণ্টৰ ব্যৱধান আছে।

ভাৰতীয় দলৰ দুই নিৰ্ভৰযোগ্য মিডল অৰ্ডাৰ বেটছমেন চেতেশ্বৰ পূজাৰা আৰু আজিংক ৰাহানে ক্ৰমে তালিকাৰ চতুৰ্থ আৰু পঞ্চম স্থানত আছে।

আই চি চিৰ শেহতীয় টেষ্ট ৰেংকিঙৰ শীৰ্ষ দহগৰাকী বেটছমেনৰ ভিতৰত চাৰিগৰাকী ভাৰতীয় বেটছমেনে স্থান দখল কৰাটো গুৰুত্বপূৰ্ণ হিচাপে বিৱেচিত হৈছে।

আনহাতে, টেষ্ট বলিঙৰ ক্ষেত্ৰত প্ৰকাশ পোৱা তালিকা অনুসৰি ভাৰতৰ বেগী বলাৰ জাচপ্ৰীত বুমৰাহ আৰু স্পীনাৰ আশ্বিনে ক্ৰমে পঞ্চম আৰু নৱম স্থান অধিকাৰ কৰিছে।

অষ্ট্ৰেলিয়াৰ বেগী বলাৰ পেট কামিনছে ৯০০ পইণ্টেৰে শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে।

বাংলাদেশৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত দাঙি ধৰা দুৰ্দান্ত প্ৰদৰ্শনৰ সুবাদত ইশান্ত শৰ্মা, উমেশ যাদৱ আৰু মহম্মদ শ্বামীৰ ৰেংকিঙতো উত্তোৰণ ঘটিছে।