ফোনকল ফাদিল: কৰ’নাৰ সংহাৰক লৈ ডোনাল্ড ট্ৰাম্পক উভতি ধৰিলে বাৰাক অ’বামাই

Political-Debates-Barack-Obama-Vs.-President-Elect-Donald-Trump-1280x640

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ'বামা। ফাইল ফটো

কৰ’না ভাইৰাছৰ সংক্ৰমণে বিশ্বৰ ভিতৰতে আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত কৰি তুলিছে আমেৰিকা যুক্তৰাষ্ট্ৰক।

ইয়াৰ মাজতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই দেশখনৰ অৱনতি ঘটা পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক উভতি ধৰিছে।

বাৰাক অ’বামাই ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আচৰণক অবাঞ্চিত দুৰ্যোগ বুলি অভিহিত কৰিছে।

বাতৰি অনুসৰি, বাৰাক অ’বামাই ট্ৰাম্পক লক্ষ্য কৰি লোৱা এক ফোন কল ফাদিল হৈছে। অ’বামাই ৱেব কলটোত তেওঁৰ প্ৰশাসনৰ একাংশ প্ৰাক্তন সহযোগীক সম্বোধন কৰিছিল।

অ’বামাই ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেট দলৰ সম্ভাৱ্য প্ৰাৰ্থী জো বিডেনক সমৰ্থন কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে।

অ’বামাই প্ৰাক্তন সতীৰ্থ সন্মিলনৰ সৈতে জড়িত প্ৰায় ৩০০লোকৰ সৈতে কথা পাতিছিল যিসকলে অ’বামা প্ৰশাসনত কাম কৰিছিল।

তাৰ মাজতে অ’বামাই লোকসকলৰ সৈতে দেশখনৰ বৰ্তমান পৰিস্থিতি আগন্তুক নিৰ্বাচন সন্দৰ্ভতো বাৰ্তালাপ কৰে।

ইয়াৰ মাজতে তেওঁ ডেম’ক্ৰেটিক দলৰ ফালৰ পৰা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী সন্দৰ্ভতো নিজৰ মত ব্যক্ত কৰে।

অ’বামাই কয় যে বিশ্বজোৰা মহামাৰীৰ বিৰুদ্ধে আমাৰ প্ৰত্যুত্তৰ নিৰাশাজনক তথা নিস্তেজ। এনে মানসিকতাৰ বাবে ইয়াত অৰাজক পৰিস্থিতিৰ দৰে সৃষ্টি হৈছে।

বাতৰি অনুসৰি, বাৰাক অ’বামাই লগতে আগন্তুক নিৰ্বাচনত জো বিডেনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথাও সদৰী কৰিছে।

অহা নৱেম্বৰ মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হোৱাৰ কথা। অ’বামাই নিজৰ সহযোগীসকলক একত্ৰিত কৰাৰ বাবে প্ৰচেষ্টা চলাইছে।

আনহাতে, বাৰাক অ’বামাই এনেদৰে ডোনাল্ড ট্ৰাম্পৰ ওপৰত আক্ৰমণৰ বাতৰি আন্ত:ৰাষ্ট্ৰীয় মিডিয়াত চৰ্চা লাভ কৰিছে।

সাধাৰণতে বাৰাক অ’বামাই ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে কোনো ৰাজনৈতিক মন্তব্য নকৰে। পূৰ্বে কেইবাবাৰো ট্ৰাম্পে অ’বামাৰ ওপৰত অভিযোগ অনাৰ পাছতো তেওঁ কোনো প্ৰত্যুত্তৰ দিয়া নাছিল।