মণিপুৰত আকৌ অসম ৰাইফলছৰ কুখ্যাতি; এইবাৰ মহিলা আই পি এছ বিষয়াৰ গাতে হাত

Manipur-bus-

এগৰাকী মহিলা আই পি এছ বিষয়াক যৌন উৎপীড়ন কৰাৰ অভিযোগ উত্থাপিত হৈছে অসম ৰাইফলছৰ এজন জোৱানৰ বিৰুদ্ধে।

ঘটনাটো ঘটে ভাৰত-ম্যানমাৰ সীমান্তৰ টেংনৌপাল জিলাৰ মৰে চেকপোষ্টৰ ওচৰত দেওবাৰে (১৯ জানুৱাৰিত)।

মহিলা আই পি এছ বিষয়াগৰাকীৰ অভিযোগৰ ভিত্তিত ৰাইফলমেন জোৱান পি কে পাণ্ডেৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

ভুক্তভোগী মহিলাগৰাকী জিলাখনত মহকুমা আৰক্ষী বিষয়া হিচাপে নিযুক্ত আছিল।

আৰক্ষীয়ে ৰাইফলমেনজনক সংশ্লিষ্ট আৰক্ষী থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া বুলি সূত্ৰটোত প্ৰকাশ।

“এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। আমি আছাম ৰাইফলছৰ কৰ্তৃপক্ষক অৱগত কৰিছো। ভুক্তভোগীয়ে এখন অভিযোগ পত্ৰ দিছে”, মণিপুৰৰ ডি জি পি এল এম খৌটেই কয়।

ভুক্তভোগী মহিলা বিষয়াগৰাকীয়ে তেওঁৰ অভিযোগত কয় যে দেওবাৰে খুদেংটাবি চেকপোষ্ট পোৱাৰ সময়তে পৰিচয় দিয়া সত্ত্বেও তালাচী চলাই থকা আছাম ৰাইফলছৰ জোৱানজনে তেওঁলোকক আবদ্ধ কৰে।

ৰাইফলছৰ জোৱানজনে তেওঁলোকৰ গাড়ীখনতো প্ৰহাৰ কৰিবলৈ ধৰে আৰু দুৰ্ব্যৱহাৰ কৰে। তেওঁক আৰু তেওঁৰ এছক’ৰ্ট হিচাপে যোৱা জোৱানকো আঘাত কৰে। আৰু তেওঁক যৌন উৎপীড়ন কৰে। তেওঁৰ এছক’ৰ্টকেইজনে হস্তক্ষেপ কৰাত তেওঁলোকক প্ৰহাৰ কৰে।

মহিলা বিষয়াগৰাকীয়ে তেওঁৰ বিৰুদ্ধে অশালীন শব্দ প্ৰয়োগ কৰা বুলিও অভিযোগ আনে অভিযোগ পত্ৰখনত। আনকি ফোনটো কাঢ়ি ল’বলৈও চেষ্টা কৰা বুলি অভিযোগ আনে।

উল্লেখ কৰিব পাৰি যে অসম ৰাইফলছ মণিপুৰত মহিলাক যৌন নিৰ্য্যাতনৰ ঘটনাত গোটেই দেশজুৰি কুখ্যাত।