কিৰণ শংকৰ ৰায়ৰ কিৰণ

kiran shankar roy

গুৱাহাটী জিলা পুথিভঁৰাল চৌহদৰ বাৰাণ্ডাখনত মানুহজন থিয় দি আছে। তেওঁৰ সন্মুখত এটা বিশাল ফ্ৰেমৰ ক’লাজ। ডাঢ়িভৰ্তি মুখখনত ভিৰ কৰিছেহি এক বুজাব নোৱৰা উৎকণ্ঠা। মিহি ফ্ৰেমৰ চছ্‌মাযোৰৰ তলত তিৰবিৰাই থকা চকুযুৰিয়ে যেন ফ্ৰেমৰ ভিতৰত কিবা এটা বিচাৰিছে। ফাগুনৰ বতাহজাকে তেওঁৰ ৰূপালী ৰঙলগা চুলিবোৰ মাজে সময়ে কোবাই আছেহি৷ ফ্ৰেমটোৰ কাষ চাপি যোৱাত তেওঁৰ মুখেৰে প্রশ্ন এটা বাগৰিল-“ঠিকে আছেনে কলাজটো গকনফাৰেঞ্চৰ থীমটো ফুটি উঠিছেনে?”

শিল্পী গৰাকী আছিল কিৰণ শংকৰ ৰয়। অসমৰ প্রগতিশীল শিল্প-সাহিত্য আৰু বাওঁপন্থী আন্দোলনৰ এগৰাকী চিৰপৰিচিত নাম কিৰণ শংকৰ ৰায়ে দীৰ্ঘকালীন অসুস্থতাৰ অন্ততঃ অৱশেষত আমাৰ সকলোৰে পৰা মেলানি মাগিলে। আজি সুদীৰ্ঘ কেবাটাও দশকধৰি অসমৰ বাওঁপন্থী আন্দোলনৰ এগৰাকী সন্ৰিয় কৰ্মী কিৰণ শংকৰ ৰায়ে চিত্ৰশিল্পৰ জৰিয়তে অসমৰ প্ৰগতিশীল শিল্প-সাহিত্যক দিছে এক নতুন প্ৰাণ:অনন্য গতি।

নিজকে এগৰাকী শিল্প সাধনাৰ একান্ত সাধক বুলি বিবেচনা কৰা কিৰণদাৰ জন্ম নগাঁও চহৰৰপৰা ৪০-৫০ কিলোমিটাৰ দূৰৈৰ চিমনা বস্তি নামৰ গাঁওখনত। পিতৃ প্রয়াত কৰুণাময় ৰায় আৰু মাতৃ স্বাধীনতা সংগ্ৰামী শোভাৰাণী ৰায়৷ কাৰ্বি, কছাৰী, চাহ শ্রমিক, অসমীয়া আৰু বাংলাভাষীৰে পৰিপূৰ্ণ এক মিশ্ৰিত জনগাঁথনিত ডাঙৰ-দীঘল হৈছিল কিৰণ শংকৰ ৰায়। সৰুৰেপৰা ছবি অঁকাৰ প্রতি আছিল দুৰ্বাৰ আকৰ্ষণ ৷ সেই জগতখনত প্রবেশ কৰিবলৈ উৎসাহ দিয়া মূল মানুহজনেই আছিল তেওঁ পঢ়া বিদ্যালয়খনৰ নমস্য শিক্ষক ৰত্নকান্ত শৰ্মা।

নিষ্ঠাৱান এই শিক্ষকজনাই ছবি আঁকিবলৈ উদগনি যোগোৱাৰ লগতে গাবলৈ শিকাইছিল ৰসৰাজ লক্ষীনাথ বেজবৰুৱাদেৱ ৰচিত ‘অ’ মোৰ আপোনাৰ দেশ’ শীৰ্ষক অসমৰ জাতীয় সংগীতটো। এই স্মৃতি ৰোমন্থন কৰি কিৰণদাই এদিন কৈছিল-“এই গীতটোৰ সৈতে জড়িত হৈ আছে মোৰ শিপাৰ গভীৰতা, আত্মীয়তা, বিচ্ছিন্নতা, মান-অভিমান, সপোন ভঙা-গঢ়া, ক্ষোভ-যন্তুণা, প্ৰতিবাদ-প্ৰতিৰোধৰ এক মিশ্ৰিত আবেগ-অনুভৱ৷ সবাৰোপৰি গীতটোৱে মোক স্মৃতিকাতৰ কৰি তোলে।ক’ব নোৱৰাকৈ গুচি যাও মোৰ শৈশৱলৈ।”

কিৰণ শংকৰ ৰায়ৰ সেই শৈশৱ আছিল বিচিত্ৰতাৰে ভৰা৷ ভিন্নভাষী সংস্কৃতিৰ মাজত ডাঙৰ-দীঘল হোৱা কিৰণ শংকৰৰ পৰিয়ালটোত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্রভাৱ আছিল একেবাৰে গভীৰ৷ মাক শোভাৰাণী ৰায় এগৰাকী স্বাধীনতা সংগ্ৰামী হোৱাৰ লগতে দেউতাক আছিল অঞ্চলটোৰ এগৰাকী প্রভাৱশালী লোক। সেয়েহে তেওঁলোকৰ ঘৰৰ লগত মতিৰাম বৰা, দেৱকান্ত বৰুৱা আদিৰ নিচিনা ব্যক্তিৰ আছিল অতি মধুৰ সম্পৰ্ক।

সেই সুবাদতে এদিন দেউতাকে দেৱকান্ত বৰুৱাৰ আগত কিৰণ শংকৰৰ ছবি অঁকাৰ প্রতি থকা দুৰ্বাৰ বাসনাৰ কথা ব্যক্ত কৰিছিল। সেই সময়ৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ নেতা দেৱকান্ত বৰুৱাইও কথা দিছিল-“আপুনি চিন্তা কৰিব নালাগে। মেট্ৰিক পাছ কৰিলে সকলো হৈ যাব। মেট্ৰিক পাছ কৰাৰ পিছত মোক লগ ধৰিব। মই কথা দিলো।”

দেৱকান্তৰ মুখত সেই আশ্বাসবাণী শুনাৰ পিছত এটি সপোনে লৰাজনক খেদি ফুৰিবলৈ ধৰিলে শান্তি নিকেতনত পঢ়াৰ বাসনাটোৱে ল’ৰাজনৰ মানসিক জগতখনক অনবৰত আন্দোলিত কৰি থাকিল। কিন্তু ঘৰুৱা আৰ্থিক দুৰ্যোগ, গাঁও এৰি আহি নগাঁও চহৰত সংস্থাপিত হোৱাৰ সংগ্ৰাম, পিতৃৰ মৃত্যু আদিৰ বাবে তেওঁৰ সপোনটোবো এদিন মৰি থাকিল। আৰম্ভ হ’ল দাৰিদ্ৰতাৰ বিৰুদ্ধে সংগ্ৰাম আৰু ঘৰ চলোৱাৰ তাড়না।

মেট্ৰিক পাছ কৰাৰ পাছত তেওঁ প্রাথমিক বিদ্যালয় এখনত ছবি অঁকা শিক্ষক হিচাপে নিযুক্তি লাভ কৰিলে। সামান্য দৰমহাৰ চাকৰিটো কৰাৰ পাছত তেওঁ চাকৰি এৰি ‘সৃজনী’ নামৰ ষ্টুডিঅ’ এটা আৰম্ভ কৰে। ১৯৭৬ চনত নগাঁৱত ‘কল্লোল চিত্ৰাংকন বিদ্যালয়’ স্থাপন হয় আৰু কিৰণ শংকৰ ৰায়ে তাৰ লগত জড়িত হৈ পৰে। বিদ্যালয়খন আৰম্ভ হোৱাৰ কিছুদিন পাছতে প্ৰখ্যাত চিত্ৰশিল্পী প্ৰণৱ বৰুৱাই ‘কল্লোল’ত যোগ দিয়ে।

প্রণৱ বৰুৱাৰ সান্নিধ্য সুৱৰি কিৰণ দাই কৈছিল- “প্রণৱদাই তেতিয়া মুম্বাইৰ জে জে আৰ্ট কলেজৰপৰা সুখ্যাতিৰে পাছ কৰি কিছুদিন গুৱাহাটীত থাকি নগাঁৱলৈ উভতি গৈছে। তেওঁক লগ পোৱাটো মোৰ বাবে এক টাৰ্নিং পইন্ট। ছবি অঁকাৰ উপৰি জীৱনৰ গভীৰলৈ যোৱাৰ পথ প্ৰদৰ্শক আছিল প্ৰণৱদা৷”

১৯৮২-৮৩ চনত চিপি আই(এম) দলৰ লগত জড়িত হৈ পৰা কিৰণ শংকৰ ৰায়ে ১৯৯০ চনত গুৱাহাটীলৈ স্থায়ীভাৱে অহাৰ পাছত ভাৰতীয় গণনাট্য সংঘৰ লগত জড়িত হৈ পৰিল। নগাঁৱত থাকোতে তেওঁ নগাঁও ফিল্ম ছ’ছাইটিৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। গুৱাহাটীলৈ অহাৰ পিছত চিনেমা শিল্পৰ লগত তেওঁৰ সম্পৰ্ক আৰু গভীৰ হৈ পৰিল। চিত্ৰশিল্পক নিজ জীৱনৰ নিচা আৰু পেচা কৰি লোৱা মানুহজনে আমৃত্যুপৰ্যন্ত নিজৰ আদৰ্শগত অৱস্থানত অলৰ-অটৰ হৈ থাকিল। তেখেতৰ দীৰ্ঘকালীন অৱদানৰ প্রতি সন্মান প্ৰদৰ্শন কৰি ২০২২ চনত তেওঁলৈ আগবঢ়োৱা হৈছিল প্রণৱ বৰুৱা শিল্পী বঁটা।

অসম চৰকাৰৰপৰা শিল্পী পেঞ্চন প্রাপ্ত কিৰণদাই এটি সন্ধিয়া আমাৰ আগত কৈছিল-“জীৱনৰ স্বৰূপক বিচাৰি পোৱাৰ উদ্দেশ্যেৰে মিচিং লিংকে মোক মোৰ এৰি অহা দিনবোৰলৈ ওভতাই লৈ যাব খুজিছে। মোৰ আজিৰ ময়ে মোৰ অতীতৰ মইক চাবলৈ লৈছো। আজিৰ মই সংস্কাৰমুক্ত চিন্তাত বিশ্বাসী, মনুষ্যত্ব অৰ্জনৰ বাবে কোনো ভৌগোলিক সীমা নামানো, সাম্প্ৰদায়িকতাক ঘিণ কৰো। মোৰ এই বিশ্বাসৰ ভেটি প্রস্তুত হৈছিল শৈশৱৰ এক মুক্ত পৰিৱেশত। মোৰ গৰ্ভধাৰিণী মা আছিল বিটিছ সাম্ৰাজ্যবাদী শক্তিৰ বিৰুদ্ধে যুঁজ দিয়া স্বাধীনতা সংগ্রামী, যাৰ স্কুলীয়া শিক্ষা অসমীয়া মাধ্যমত। অসমীয়া, বাংলাৰ উপৰি কাৰ্বি আৰু বাগানীয়া ভাষা সলসলীয়াকৈ ক’ব পৰা মোৰ দেউতা ‘জিনিস নয় মানুষকে আৰো বেশী কৰে ভালোবাসো’ জীৱনাদৰ্শত বিশ্বাসী আছিল। এনে পৰিৱেশত জন্ম লৈ মোৰ মাতৃভাষা হৈ গ’ল দুটা। যিগৰাকী মাতৃৰ গৰ্ভৰ পৰা মোৰ জন্ম হ’ল, ঘটনাচক্ৰত তেওঁ বঙালী৷ ঘটনাচক্ৰত ক’লো এই কাৰণতে যে মোৰ মাৰ যেতিয়া প্রসৱযন্ত্রণা হৈছিল ঠিক সেই সময়তে এই পৃথিৱীৰ বহু মাতৃৰো প্রসৱযন্ত্ৰণা হৈছিল। ঘটনাচক্ৰত মোৰ জন্ম হৈ গ’ল এগৰাকী বঙালী মাতৃৰ গৰ্ভৰ পৰা আৰু মোৰ মাতৃভাষা হৈ গ’ল বাংলা। এই পৃথিৱীত মোৰ প্রথম মাটি, মোৰ ওপজা ঠাই, মোৰ মাতৃভূমিৰ কোলাত বহি যিটো ভাষাত মোৰ প্রথম বৰ্ণ পৰিচয় হ’ল, সেই ভাষা অসমীয়া। বহুতৰ পৰা মই এইক্ষেত্ৰত বেলেগ- মোৰ মাতৃভাষা দুটা আৰু তাৰ বাবে মই গৰ্ব অনুভৱ কৰো। মজাৰ কথা, মোৰ আৰু এটা ভাষা আছে, মই যিটো মাধ্যমত কাম কৰো, ভাব প্রকাশ কৰো তাৰ ভাষ্য- ভিজুৱেল লেংগুৱেজ, এটা আন্তৰ্জাতিক ভাষা৷ মই এইকেইটা ভাষাতেই ভাবো, ভাব প্রকাশ কৰো, সপোন দেখো, গান গুণগুণাওঁ৷”