নাগ্ৰীজুলিত বাঢ়নী নদীৰ পানীয়ে খহালে দুখনকৈ দলং; যোগাযোগ বিচ্ছিন্ন

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত তামুলপুৰ-নাগ্ৰীজুলি পথত থকা  বাল্টিনদীৰ বাঢ়নী পানীয়ে দলংখনৰ পশ্চিম দিশৰ মূৰটো খহাই নিয়াত তামুলপুৰ-নাগ্ৰীজুলি পথেৰে যোগাযোগ প্ৰায় বিছিন্ন হৈ পৰিছে।

বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা  বৰষুণৰ ফলত ফেনে-ফুটুকাৰে ভূটান পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা বাল্টিনদীৰ বাঢ়নী পানীয়ে বাল্টিনদীৰ ওপৰত থকা দলংখনৰ পশ্চিম দিশৰ মূৰটো খহাই নিয়াৰ ফলত দলংখনৰ ওপৰেৰে যাতায়ত প্ৰায় বন্ধ হৈ পৰিছে।

বাল্টিনদীৰ ওপৰত এখন দলঙৰ নিৰ্মাণ কাৰ্য চলি আছে যদিও উপপথত থকা সৰু পকী দলং এখনৰ ওপৰেদি গাড়ী-মটৰৰ চলাচল অব্যাহত আছিল। কিন্তু দলংখনৰ পশ্চিম ফালৰ মূৰটো নদীৰ পানীৰ সোঁতত খহি যোৱাৰ ফলত এতিয়া স্থানীয় ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

আনহাতে নদীৰ বাঢ়নী পানীয়ে বিমলানগৰ, বাঘমাৰা, মতিগাঁও, সাহপুৰ, বাল্টিপাৰ আদি অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ গঢ়াখহনীয়াৰ। ফলত স্থানীয় ৰাইজে অনতি পলমে বাল্টিনদীৰ ওপৰত থকা দলংখনৰ খহি যোৱা মূৰটো মেৰামতি কৰি দলংখনৰ ওপৰেদি যোগাযোগ সুচল কৰাৰ বাবে দাবী জনাইছে।

ইফালে নাগ্ৰীজুলি-আহিয়াবাৰী-লাতিবাৰী পথত বৰলীয়া নদীৰ ওপৰত থকা লোৰ দলংখনৰো এটা মূৰ বাঢ়নী পানীয়ে খহাই নিয়ে। ফলত দোৱামখা, ঘিলাঝাৰ, বৰলীয়াপাৰ আদি গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

পৰিস্থিতি ইমানেই বেয়া যে গাঁও কেইখনৰ সাধাৰণ ৰাইজ আৰু অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে ৰেলিঙৰ ওপৰেৰে নিজৰ জীৱনটো হাতৰ মুঠিত লৈ অহা-যোৱা কৰিব লগাত পৰিছে। তাৰোপৰি দলংখনৰ এটা মূৰ খহাই নিয়াৰ ফলত বহু কণ কণ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যাব নোৱাৰাত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’ব লগাত পৰিছে।

গতিকে স্থানীয় ৰাইজে দুয়োখন দলং অতি শীঘ্ৰে মেৰামতি কৰি যোগাযোগ সূচল কৰাৰ বাবে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।