স্ৰোতৰ বিপৰীতে পাকিস্তান! : কেনেকৈ ক’ৰ’ণাৰ গতি স্তিমিত হৈছে প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানত!

index.jpgkkk

যি সময়ত ভাৰতত হোৰাহোৰে ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা বাঢ়িছে সেই সময়তে প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানে ক’ৰ’ণা সংক্ৰমণক নিয়ন্ত্ৰণ কৰাত সফল হৈছে!

প্ৰথমাৱস্থাত পাকিস্তানত ক’ৰ’ণাৰ সংক্ৰমণ অত্যধিক হাৰত বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ হাৰো আছিল ভাৰততকৈ অধিক।

দেশখনৰ দুৰ্বল আন্তঃগাঁথনিৰ বাবে দেশৰ জনগণনে ইমৰাণ খানক চৰকাৰক সেই সময়ত তীব্ৰ সমালোচনাৰে থকা সৰকা কৰিছিল।

আনকি আন্তঃৰাষ্ট্ৰীয় মঞ্চতো পাকিস্তানৰ অসহায়তাৰ ছবিখন ফুটি উঠিছিল। দেশখনৰ অৰ্থনীতিৰ অৱস্থা অতি শোচনীয় হোৱা বুলি দোহাই দি ইমৰান খানৰ চৰকাৰে দেশখনত লকডাউনো উঠাই দিছে।

তথাপিও দেশখনত বিগত কেবাটা সপ্তাহ ধৰি ক’ৰ’ণা সংক্ৰমণ যথেষ্ট পৰিমাণে কমি আহিছে। ইয়াৰ সমান্তৰালভাৱে দেশখৰ কোভিড আক্ৰান্তৰ মৃত্যুৰ হাৰো লক্ষণীয়ভাৱে কমিছে।

পৰিসংখ্যাৰ মতে দেশখনত বিগত কেটামান সপ্তাহৰ পৰা দৈনিক মৃত্যুৰ সংখ্যা ১০ৰো তললৈ নামিছে। দেশখনত বৰ্তমানলৈকে ক’ৰ’ণাক্ৰান্তৰ সংখ্যা হৈছে ৩ লাখ।

দেশখনে ক’ৰ’ণাক নিয়ন্ত্ৰণ কৰাত কেনেকৈ সফল হৈছে? মাত্ৰ ছমাহৰ ভিতৰতে দেশখনে ক’ৰ’ণা সংক্ৰমণ কেনেকৈ স্থবিৰ কৰিছে?

একাধিক কাৰণত দেশখনত ক’ৰ’ণা সংক্ৰমণ আৰু মৃত্যুৰ হাৰ নিয়্ন্ত্ৰণলৈ অহা বুলি দাবী কৰিছে বিশেষজ্ঞ মহলে। পিছে এইবোৰ কাৰণ বৈজ্ঞানিকভাৱে প্ৰমাণিত নহয় বুলিও তেওঁলোকে মত প্ৰকাশ কৰিছে।

দেশখনৰ প্ৰচণ্ড গৰম আৰু সেই অনুপাতৰ আৰ্দ্ৰতাই ক’ৰ’ণাৰ গতিক ৰোধ কৰিছে বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে।

আনহাতে দেশখনত যুৱশক্তিৰ সংখ্যা বেছি। দেশখনৰ পৰিৱেশতন্ত্ৰক অতিক্ৰমী যুৱশক্তিক কাবু কৰবিলৈ সক্ষম হোৱা নাই ক’ৰ’ণাই। এই মতো প্ৰকাশ কৰিছে বিশষেজ্ঞই।

ইফালে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰচণ্ড গৰম বা আৰ্দ্ৰতাই ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ গতিক স্তব্ধ কৰিব পাৰে বুলি মানিবলৈ সন্মত নহয়।

ইফালে দেশখনৰ লাহোৰ চাৰ্ভিছ হাস্পতালৰ চিকিৎসক ছলমান হাচিব কয় “কি দৰে ক’ৰ’ণাৰ গতি ইয়াত স্তিমিত হৈছে, সেয়া আমি ধৰিবই পৰা নাই। আমাৰ হাতত কোনো বৈজ্ঞানিক ব্যাখ্যা নাই।”