NORTHEAST NOW (Assamese)

দিল্লীৰ বিজেপি কাৰ্যালয়ৰ এখন পোষ্টাৰক লৈ কৌতূহল; ফলাফলৰ পূৰ্বেই পৰাজয় স্বীকাৰ বিজেপিৰ!

February 11, 2020 10:23 am · এন ই নাও নিউজ
Updated: February 11, 2020 3:01 pm

দিল্লী বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনাৰ চলি আছে আৰু প্ৰাথমিক পৰ্যায়ত আম আদমী পাৰ্টিয়ে ৫৪খন আসনত অগ্ৰগতি লাভ কৰি আহিছে।

বিজেপিয়ে ১৮খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। যোৱাবাৰতকৈ দলটোৱে ১৫খন অধিক আসনত এইবাৰ প্ৰতিদ্বন্দ্বিতাত প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে।

ইপিনে আম আদমী পাৰ্টিৰ মুখ্য কাৰ্যালয়ত উৎসৱৰ পৰিৱেশ বিৰাজ কৰাৰ বিপৰীতে দিল্লীৰ বিজেপিৰ কাৰ্যালয়ত গৃহ মন্ত্ৰী অমিত শ্বাহৰ ফটো সম্বলিত পোষ্টাৰ এখনে বিশেষ চৰ্চা লাভ কৰিছে।

দিল্লীৰ পন্ট মাৰ্গত থকা বিজেপিৰ কাৰ্যালয়ত লাগি থকা পোষ্টাৰখনত অমিত শ্বাহৰ ফটোৰ সৈতে লিখা আছে –বিজয়ত আমি অহংকাৰী নহওঁ আৰু পৰাজয়েও আমাক নিৰাশ কৰিব নোৱাৰে।

দৰ্শকসকলে এই কথাৰ অন্তৰ্নিহিত অৰ্থ বিচৰাত ব্যস্ত হৈ পৰে।

বহুতেই ক’ব খোজে যে ইয়াৰ দ্বাৰা বিজেপিয়ে ফলাফল ঘোষণাৰ পূৰ্বেই পৰাজয় স্বীকাৰ কৰিলে নেকি?

বিজেপিয়ে দিল্লীত চৰকাৰ গঠনৰ বাবে সৰ্বাত্মক প্ৰচেষ্টা চলোৱাৰ কথা সৰ্বজনবিদিত। তদুপৰি, দলটোৱে নিৰ্বাচনৰ পাছতে ৪৫ আসন লাভ কৰিব বুলিও ব্যক্ত কৰিছিল।

কিন্তু দিল্লীত আম আদমী পাৰ্টিৰ ভেটি উৎখাত কৰি বিজেপিয়ে ক্ষমতালৈ অহাৰ শক্তি যে নাই সেইকথাৰে অনুভৱৰ প্ৰকাশ পোষ্টাৰখনত দেখা পোৱা বুলি বহুতেই চৰ্চা কৰিছে।

Related News