পৰিৱৰ্তন! জাৰ্মানিত পৰাজিত এঞ্জেলা মৰ্কেলৰ দল; মধ্য বাওঁপন্থী এছডিপি বিজয়ী

German Election

Germany’s federal elections: জাৰ্মানিৰ নিৰ্বাচনত এঞ্জেলা মৰ্কেলৰ দলক সামান্য ব্যৱধানত পৰাজিত কৰি মধ্য বাওঁপন্থী দল ছচিয়েল ডেম’ক্ৰেটিক পাৰ্টি (এছডিপি)বিজয়ী হৈছে।

দেশখনৰ নিৰ্বাচনৰ প্ৰাথমিক ফলাফল ঘোষণা অনুসৰি এছডিপিয়ে ২৫.৭শতাংশ ভোট লাভ কৰি ২০৬খন আসন লাভ কৰিছে।

এঞ্জেলা মৰ্কেলৰ ডেম’ক্ৰেটিক ইউনিয়ন অৱ জাৰ্মানি (চিডিইউ)য়ে ১৫১খন আসন লাভ কৰাৰ বিপৰীতে ইয়াৰ সহযোগী দল চিএছইউয়ে ৪৫খন আসন লাভ কৰিছে। এই মিত্ৰজোঁটে ২৪.১শতাংশ ভোট লাভ কৰি ১৯৬খন আসন লাভ কৰিছে।

আনহাতে, তৃতীয় স্থানত থকা গ্ৰীনছে দলীয়ভাৱে আটাইতকৈ ভাল ফল লাভ কৰিছে। দলটোৱে ১৪.৮শতাংশ ভোট লাভ কৰি ১১৮খন আসনত বিজয়ী হৈছে।

সেইদৰে ১১,৫শতাংশ ভোট লাভ কৰি এফডিপি দলে ৯২খন আসনত বিজয় সাৱ্যস্ত কৰিছে।

নিৰ্বাচনৰ প্ৰাথমিক ফলাফল ঘোষণা অনুসৰি কোনো এটা দলেই সংখ্যাগৰিষ্ঠাতা লাভ কৰা নাই। সেয়ে, চৰকাৰ গঠনৰ বাবে মিত্ৰজোঁট গঠন কৰাটো জৰুৰী হ’ব।

এছপিডি দলৰ নেতা ৱালফ ছলৎজক সমৰ্থকসকলে ব্যাপক আদৰণি জনাইছে। নেতাগৰাকীয়ে এখন বাস্তৱধৰ্মী চৰকাৰ গঠনৰ বাবে ভোটাৰসকলে তেওঁক দায়িত্ব দিছে।

আৰু পঢ়ক: তালিবান মানেই ‘নিষিদ্ধ ফতোৱা’ৰ দণ্ডধাৰী! এইবাৰ নাপিতক দাড়ি খুৰোৱাৰ পৰা কৰিলে বাৰণ

আনহাতে, এঞ্জেলা মৰ্কেলৰ উত্তৰসূৰী আৰমিন লাছেট কৈছে যে আটাইতকৈ বেছি ভোট লাভ কৰিলেই জয়ী হ’ব নোৱাৰে। গোটেই বিষয়টো এতিয়া অংকৰ খেল।

এতিয়া এখন মিত্ৰজোঁট চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব গ্ৰীনছ আৰু এফডিপিয়ে। তদুপৰি, এই দুয়োটা সৰু দলেই দেশখনৰ ৩০বছৰৰ তলৰ জাৰ্মানিৰ যুৱক-যুৱতীৰ প্ৰথম পছন্দ।

দেশখনত নতুন চৰকাৰ গঠনক লৈ জটিলতাৰ সৃষ্টি হৈছে। কিন্তু এখন নতুন মিত্ৰজোঁট চৰকাৰ গঠন নোহোৱালৈকে ক্ষমতা থাকিব বিদায়ী চেন্সেলৰ এঞ্জেলা মৰ্কেলৰ হাতত।