NORTHEAST NOW (Assamese)

অৰুণোদয় আঁচনিৰ নামত আমগুৰিৰ পঞ্চায়তে পঞ্চায়তে দূৰ্নীতি! : নাম সাঙোৰ খাইছে স্থানীয় বিধায়কৰ

October 20, 2020 4:19 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: October 20, 2020 4:26 pm

অৰুণোদয় আঁচনিৰ নামত চলিছে ৰাজ্যত এতিয়া শাসকীয় দলৰ ৰাজনীতি। শিৱসাগৰ জিলাৰ আমগুৰিৰ পঞ্চায়তে পঞ্চায়তে সংঘটিত হৈছে কেলেংকাৰি।

নামতি আলি গাঁও পঞ্চায়তৰ পিছত এইবাৰ অৰুণোদয় আঁচনিৰ কেলেংকাৰিৰ তথ্য পোহৰলৈ আহিছে বৰুৱাআলি গাঁও পঞ্চায়ত আৰু বৰাহীবাৰী গাঁও পঞ্চায়তৰ নাম।

এই কেলেংকাৰিত পুনৰবাৰ নাম সাঙোৰ খাইছে স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাৰ নাম।

প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে নাম অন্তভুক্ত হৈছে একাংশ ৰাজনৈতিক নেতাই নিৰ্বাচিত কৰি দিয়া ব্যক্তিৰ নাম।

স্থানীয় লোকৰ অভিযোগ আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা নিৰ্দেশতেই চলিছে এই বেমেজালি।

ৱাৰ্ড মেম্বাৰসকলে পঞ্চায়ত প্ৰতিনিধি আৰু ৰাইজৰ লগত আলেচনা কৰি নিজ নিজ অঞ্চলৰ প্ৰকৃত হিতাধিকাৰীসকলৰ নামৰ তালিকা প্ৰস্তুত কৰি আমগুৰিৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ পঠাইছিল যদিও পিছত সেইসকল হিতাধিকাৰীৰ পৰিৱৰ্তে অন্য ব্যক্তিৰ নাম সন্নিবিষ্ট হয় তালিকাত। যাৰ বাবে ক্ষুন্ন হৈ পৰে স্থানীয় ৰাইজ।

আজি বৰাহীবাৰী গাঁও পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। ধনী, চৰকাৰী পেঞ্চন প্ৰাপ্ত ব্যক্তিৰ নাম অতিশীঘ্ৰে কৰ্তন কৰি প্ৰকৃত হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ সুবিধা লাভৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় স্থানীয় লোকে। অন্যথা অৰুণোদয় আঁচনি আমগুৰি সমষ্টিত বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে স্থানীয় ৰাইজে।

ইপিনে আমগুৰিৰ প্ৰতিখন গাঁও পঞ্চায়ত অৰুণোদয় আঁচনিৰ নামত ব্যাপক বেমেজালিৰ সৃষ্টি হৈছে বুলি অভিযোগ কৰে ৰাইজে। মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা শিৱসাগৰ জিলা উপায়ুক্তক ইয়াৰ এক উচিত তদন্ত কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

Related News