নৃশংস! চুৰিৰ সন্দেহত দুই শিশুক অকথ্য নিৰ্যাতন; প্ৰস্ৰাৱ খাবলৈ বাধ্য কৰি গুহ্যদ্বাৰত সানি দিলে জলকীয়া
এক নৃশংস কাণ্ড সংঘটিত হৈছে যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত। চুৰি কৰাৰ সন্দেহত এগৰাকী ১০ বছৰীয়া শিশু আৰু এটি ১৫ বছৰীয়া কিশোৰক অমানুষিক অত্যাচাৰ চলায় একাংশ লোকে। দুয়োকে শাৰীৰিক প্ৰহাৰ কৰাতে ক্ষান্ত নাথাকি দলটোৱে প্ৰস্ৰাৱ খাবলৈও বাধ্য কৰায়।
তদুপৰি দুয়োৰে গুহ্যদ্বাৰত জলকীয়া সানি, বলপূৰ্বকভাৱে কিছুমান অচিনাক্ত বেজীও দিও পাশৱিক নিৰ্যাতন চলায় দলটোৱে। ৰাজ্যখনৰ সিদ্ধাৰ্থনগৰ জিলাত সংঘটিত হৈছে এই ভয়াৱহ কাণ্ড।
দুই শিশুৰ ওপৰত চলোৱা এনে অত্যাচাৰৰ ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে।
ভাইৰেল ভিডিঅ’টোত শিশুদুটিক প্ৰথমে জলকীয়া খাবলৈ হুমকি দিয়াৰ লগতে বটলত থকা প্ৰস্থাৱ খাবলৈ বাধ্য কৰা দেখিবলৈ পোৱা গৈছে। এই কাৰ্য নকৰিলে দুয়োকে প্ৰহাৰ কৰা হ’ব বুলি ভাবুকি দিয়াও শুনিবলৈ পোৱা গৈছে ভিডিঅ’টোত।
আন এক ভিডিঅ’ত দুয়োকে ওলোটাকৈ শুৱাই, পিছফালে হাত বান্ধি এগৰাকী ব্যক্তিয়ে গুহ্যদ্বাৰত জলকীয়া সানি দিয়া দেখিবলৈ পোৱা গৈছে।
এই অমানুষিক নিৰ্যাতনত আটাহ পৰা শিশু দুটিক অশ্ৰাব্য গালি-গালাজ কৰি হালধীয়া ৰঙৰ তৰল পদাৰ্থ ভৰ্তি বেজী শৰীৰত দিয়া দেখিবলৈ পোৱা গৈছে ভিডিঅ’টোত।
এই ভিডিঅ’ দুটা যোৱা ৪ আগষ্টত ৰেকৰ্ডিং কৰা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ছ’চিয়েল মিডিয়াত ভিডিঅ’ দুটা ভাইৰেল হোৱাৰ পিছতে তাৎক্ষণিকভাৱে আইনৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
আক্ৰমণৰ লগত জড়িত ছয়গৰাকীক আটক কৰা হৈছে বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰে।