শিবিৰৰ পৰাই ভোটদান কৰিব পাৰিব হিংসাজৰ্জৰ মণিপুৰৰ লোকেঃ নিৰ্বাচন আয়োগৰ ঘোষণা

Lok Sabha election Manipur

হিংসাজৰ্জৰ মণিপুৰত আতংকময় পৰিস্থিতিৰ বাবে শিবিৰত বাস কৰি থকা লোকসকলে আগন্তুক লোকসভা নিৰ্বাচনত শিবিৰৰ পৰাই ভোটদান কৰিব পাৰিব। আজি নিৰ্বাচন আয়োগে এই ঘোষণা কৰিছে।

লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ সময়ত সংবাদমেলত মণিপুৰ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে এই ক্ষেত্ৰত আয়োগে সকলো ব্যৱস্থা কৰিব বুলি সদৰী কৰে।

এই সন্দৰ্ভত কুমাৰে কয় যে মণিপুৰত শিবিৰত থকা ভোটাৰসকলে শিবিৰৰ পৰা ভোটদান কৰিব পৰাকৈ আয়োগে এক ব্যৱস্থা গ্ৰহণ কৰিছে। জম্মু-কাশ্মীৰৰ প্ৰব্ৰজনকাৰীসকলৰ ক্ষেত্ৰত কাৰ্যকৰী কৰাৰ দৰেই মণিপুৰতো এই ব্যৱস্থা কাৰ্যকৰী হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁ লগতে ভোটাৰসকলক বেলটৰ জৰিয়তে ভোটদান কৰি শান্তিপূৰ্ণভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইয়াৰ বাবে আয়োগে প্ৰয়োজনীয় ব্যৱস্থা কৰিব বুলি তেওঁ লগতে কয়।

উল্লেখ্য যে, যোৱা প্ৰায় এটা বছৰ ধৰি উত্তপ্ত হৈ আছে মণিপুৰ। বিগত বৰ্ষৰ মে’ মাহৰ পৰা মণিপুৰত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হোৱা জাতিগত সংঘৰ্ষৰ ফলত দুই শতাধিক লোকে প্ৰাণ হেৰুৱাইছে।

কৰ্তৃপক্ষৰ তথ্য মতে, হিংসাত্মক কাণ্ডৰ পিছত ২৫ হাজাৰৰো অধিক লোকক নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰাৰ বিপৰীতে প্ৰায় ৫০ হাজাৰ লোকে শিবিৰত বসবাস কৰি আছে।