তামুলপুৰৰ বাসগৃহত পুলুৱামাৰ আক্ৰমণত নিহত বীৰ জোৱান  শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ প্ৰতিমূৰ্তি উন্মোচন

IMG_20200214_120551

শ্বহীদ মনেশ্বৰ বসুমতাৰী প্ৰতিমূৰ্ত্তি উন্মোচনৰ আলোকচিত্ৰ, তামুলপুৰ

জন্মু কাশ্মীৰৰ অৱন্তীপুৰ পথৰ পুলুৱামাত আজিৰ দিটোতে শ্বহীদ হৈছিল বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ চি আৰ পি এফ জোৱান বীৰ মনেশ্বৰ বসুমতাৰী৷

কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ ফৰ্চৰ ৯৮ কোম্পানীৰ হেড কনিষ্টবল হিচাবে কৰ্মৰত আছিল মনেশ্বৰ বসুমতাৰী৷

কাশ্মীৰৰ পলুৱামাত ২০১৯ বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত পাক সমৰ্থিত উগ্ৰপন্থীৰ  আক্ৰমণত  নিহত হৈছিল ৪০ গৰাকীকৈ ভাৰতীয় বীৰ জোৱান। ইয়াৰ ভিতৰত নিহত হৈছিল  অসমৰ বীৰ জোৱান মনেশ্বৰ বসুমতাৰী।

আজি পূৰ্ণ হ’ল  পুলুৱামা কাণ্ডৰ এবছৰ। তামুলপুৰৰ কলবাৰীৰ  বাসগৃহত শ্বহীদ গৰাকীৰ  এবছৰীয়া মৃত্যু বাৰ্ষিকী বড়ো ধৰ্মীয় ৰীতি নীতিৰে আজি পালন কৰা হয়। পত্নী চানমতি বসুমতাৰী, পুত্ৰ ধানঞ্জয় বসুমতাৰী আৰু  কন্যা ডিদমশ্ৰী বসুমতাৰী পিতৃহীনতাৰ দুখত আজিও ম্ৰিয়মান। আত্মীয় স্বজনৰ লগতে সমগ্ৰ তামুলপুৰবাসী ৰাইজ আজি হৈ পৰিছে শোকাকুল।

ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী আৰু  বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই বাক্সা জিলা  আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবে,  চি আৰ পি এফৰ উচ্চ পদস্থ বিষয়া সকলৰ উপস্থিতিত আজি  উন্মোচন কৰে  শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ প্ৰতিমূৰ্ত্তি। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে তামুলপুৰৰ  বিভিন্ন দল সংগঠন আৰু স্হানীয় ৰাইজ।

শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্তি  উন্মোচনৰ  পিছতে শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্ত্তিত  মাল্যাৰ্পন কৰি পৰিয়ালৰ সদস্য সকলৰ লগতে চি আৰ পি এফৰ উচ্চ পাদস্থ বিষয়াসকলে গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

ইয়াৰ উপৰিও স্থানীয় লোক সকলেও পুষ্প মাল্যাৰ্পন কৰি বীৰ শ্বহীদ গৰাকীক শ্ৰদ্ধা নিবেদন কৰে। বাথৌ ধৰ্মীয় লোকসকলে বাথৌ আৰজ পৰিবেশন কৰি শ্বহীদ গৰাকীৰ আত্মাৰ শান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷

আজি দিনৰ ১১-৩০ বজাত সাংসদ বিশ্বজিৎ দৈমাৰীয়ে তামুলপুৰ মহকুমা সদৰৰ ৰঙিয়া-তামুলপুৰ-ভূটান পথাৰ মটঙাপাৰ চ’কত বীৰ  শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব বুলি সদৰি কৰি অচিৰেই এই কাম ৰ শুভাৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷