NORTHEAST NOW (Assamese)

ফাঁচী বজাৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ীৰ প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ তালাচী অভিযান

June 9, 2023 3:49 pm · এন ই নাও নিউজ, গুৱাহাটী

বৃহস্পতিবাৰে নিশা আয়কৰ বিভাগে গুৱাহাটীৰ এটা প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলায়।

খবৰ অনুসৰি গুৱাহাটীৰ ফাঁচী বজাৰত থকা স্থানীয় ব্যৱসায়ী মুকেশ চৌৰাছিয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠানত এই অভিযান চলোৱা হয়।

ধঁপাত আৰু পাণ-মছলা ব্যৱসায়ী চৌৰাছিয়াই ফাঁচী বজাৰৰ জেল ৰোড থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বতাধিকাৰী।

জানিব পৰা মতে বৃহস্পতিবাৰে আয়কৰ বিভাগৰ বিষয়াৰ এটা দলে প্ৰায় চাৰিটা ঘণ্টা ধৰি এই অভিযান চলাইছিল। এই সময়ছোৱাত প্ৰতিষ্ঠানটোৰ ব্যৱসায় সম্পৰ্কীয় সকলো নথি-পত্ৰ পুংখানুপুংখভাৱে পৰীক্ষা কৰা হৈছিল।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহত আয়কৰ বিভাগে গুৱাহাটীৰ ঠিকাদাৰ অনিল দাসৰ বাসগৃহতো অভিযান চলাইছিল।

গুৱাহাটীৰ হেঙৰাবাৰী আৰু মিৰ্জাত থকা অনিল দাসৰ বাসগৃহৰ লগতে দাসৰ এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয়তো অভিযান চলাইছিল আয়কৰ বিভাগে। 

গুৱাহাটীত কেইবাখনো উৰণীয়া সেঁতু নিৰ্মাণৰ ঠিকা দাসে লাভ কৰিছিল। লগতে মহানগৰীৰ কেইবাখনো ফুটব্ৰিজৰ নিৰ্মাণৰ কামো লাভ কৰিছিল অনিল দাসে।

অসমৰ দুগৰাকী যুৱকৰ আবেদন মৰ্মে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে অনিল দাসৰ বাসগৃহ আৰু কাৰ্যালয়ত অভিযান চলাবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।

Related News