নিৰ্বাচনৰ মাজত কঠোৰ পদক্ষেপ নহয়; কংগ্ৰেছক জাননী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত জনালে আয়কৰ বিভাগে

লোকসভা নিৰ্বাচন আৰম্ভ হোৱাৰ কেইসপ্তাহমান পূৰ্বে আয়কৰ বিভাগৰ পৰা দুখনকৈ জাননী লাভ কৰিছিল কংগ্ৰেছে। সংখ্যাটো হৈছে ৩৫৬৭ কোটি টকা। কংগ্ৰেছৰ দাবী যে নিৰ্বাচনৰ সময়ত যাতে দলটোৱে কোনো ধন খৰচ কৰিব নোৱাৰে তাৰেই ষড়যন্ত্ৰ হিচাপে এই জাননী দিয়া হৈছে।

কিন্তু সোমবাৰে উচ্চতম ন্যায়ালয়ত আয়কৰ বিভাগে কোৱা কথাখিনিৰ পৰা সকাহ পালে ছোনিয়া গান্ধী-ৰাহুল গান্ধীয়ে। আয়কৰ বিভাগে কংগ্ৰেছৰ বিৰুদ্ধে এতিয়া কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে বুলি জানিবলৈ দিয়ে।

সোমবাৰে উচ্চতম ন্যায়ালয়ত গোচৰৰ শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে যিহেতু নিৰ্বাচনৰ সময় গতিকে আয়কৰ বিভাগে কংগ্ৰেছৰ কোনো সমস্যা হোৱাটো নিবিচাৰে। সেইবাবেই ২৪ জুলাইলৈকে তেওঁলোকৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে।

লগতে পঢ়কঃ সকাহ নিমিলিল! অৰবিন্দ কেজৰিৱালক ১৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে দিল্লীৰ আদালতে

এই গোচৰৰ পৰৱৰ্তী শুনানি উচ্চতম ন্যায়ালয়ত ২৪ জুলাইত হ’ব। কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপিত মূল অভিযোগ যে নিৰ্বাচনী বণ্ড বা অন্যান্য খণ্ডৰ পৰা কংগ্ৰেছে লাভ কৰা আয় একেৰাহে কেইবাটাও  বিত্তীয় বৰ্ষত ফাঁকি দিয়া হৈছে।

যোৱা শুকুৰবাৰে আয়কৰ বিভাগে ২০১৭-১৮ আৰু ২০২০-২১ চনৰ মূল্যায়ন বৰ্ষৰ বাবে জৰিমনা আৰু সুতৰ বাবে কংগ্ৰেছক ১৭০০ কোটি টকাৰ কৰ জাননী জাৰি কৰিছিল। দেওবাৰে তেওঁলোকক আন এক নতুন জাননী জাৰি কৰা হয়।

কংগ্ৰেছৰ তৰফৰ পৰা জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে দাবী কৰে যে, “নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছক লক্ষ্য কৰি লোৱা হৈছে। ই কৰ সন্ত্ৰাসবাদৰ বাহিৰে আন একো নহয়।” কিন্তু সোমবাৰে উচ্চতম ন্যায়ালয়ত আয়কৰ বিভাগে দিয়া বিবৃতিয়ে ভোটদানৰ পূৰ্বে এতিয়াৰ বাবে কংগ্ৰেছক চাপমুক্ত কৰে।

লগতে পঢ়কঃ ধোনীৰ সন্মুখত তাণ্ডৱ, তাৰপিছত নিয়ম ভংগৰ অভিযোগ! পকেটৰ পৰা ১২ লাখ টকা যাব `বেচেৰা‘ পন্তৰ

উল্লেখ্য যে দেওবাৰে ২০১৪-১৫ আৰু ২০১৬-১৭ চনৰ মূল্যায়ন বৰ্ষৰ বাবে কংগ্ৰেছক ১৭৪৫ কোটি টকাৰ নতুন জাননী দিয়া হয়। জাৰি কৰা নতুন জাননীখনত ২০১৪-১৫ বৰ্ষৰ বাবে ৬৬৩ কোটি, ২০১৫-১৬ বৰ্ষৰ বাবে ৬৬৪ কোটি আৰু ২০১৬-১৭ বৰ্ষৰ বাবে ৪১৭ কোটি টকাৰ কথা উল্লেখ কৰা হৈছে।