সামান্য সকাহ! প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ ৮.১৫ শতাংশলৈ বৃদ্ধি

যোৱা মঙলবাৰে কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে অনুষ্ঠিত বৈঠকত ২০২২-২৩ বৰ্ষৰ বাবে কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ ৮.১৫ শতাংশলৈ প্ৰান্তীয়ভাৱে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইপিএফঅ’ই ২০২১-২২ চনৰ বাবে ছয় কোটিতকৈ অধিক গ্ৰাহকৰ ইপিএফৰ সুতৰ হাৰ ২০২২ চনৰ মাৰ্চ মাহত চাৰিটা দশকৰো অধিক সময়ৰ নিম্নতম স্তৰলৈ অৰ্থাৎ ৮.১০ শতাংশলৈ হ্ৰাস কৰিছিল।

এই হাৰ ১৯৭৭-৭৮ চনৰ পিছত আটাইতকৈ কম আছিল, যেতিয়া ইপিএফৰ সুতৰ হাৰ আছিল আঠ শতাংশ। ২০২০-২১ চনত এই হাৰ আছিল ৮.৫ শতাংশ।

শ্ৰম মন্ত্ৰালয়ে এক বিবৃতিত কয়, “কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনৰ শীৰ্ষ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা আৰু কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ নেতৃত্বত কেন্দ্ৰীয় বোৰ্ড অৱ ট্ৰাষ্টীয়ে ইপিএফত ২০২২-২৩ বৰ্ষৰ বাবে জমা ধনৰ বাৰ্ষিক ৮.১৫ শতাংশ হাৰৰ সুত অনুমোদন জনাইছে। ২০২১ চনৰ মাৰ্চ মাহত চিবিটিয়ে ২০২০-২১ চনৰ বাবে প্ৰভিডেণ্ট ফাণ্ড জমা ধনৰ সুতৰ হাৰ ৮.৫ শতাংশলৈ হ্ৰাস কৰিছিল।

এতিয়া চিবিটিৰ সিদ্ধান্তৰ পিছত ২০২২-২৩ বৰ্ষৰ ইপিএফ জমা ধনৰ সুতৰ হাৰৰ তথ্য বিত্ত মন্ত্ৰালয়লৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ’ব। চৰকাৰৰ অনুমোদন পোৱাৰ পিছত ২০২২-২৩ বৰ্ষৰ ইপিএফৰ সুত ইপিএফঅ’ৰ গ্ৰাহকৰ একাউণ্টত জমা কৰা হ’ব।

বিবৃতি অনুসৰি এই সুতৰ হাৰ আৰু উদ্বৃত্ত ৬৬৩.৯১ কোটি টকা পূৰ্বৰ বছৰৰ তুলনাত অধিক। ২০২০ চনৰ মাৰ্চ মাহত ইপিএফঅ’ই প্ৰভিডেণ্ট ফাণ্ডত জমা ধনৰ সুতৰ হাৰ নিম্নতম ৮.৫ শতাংশলৈ হ্ৰাস কৰিছিল। ২০১৮-১৯ বৰ্ষৰ বাবে এই হাৰ আছিল ৮.৬৫ শতাংশ।

ইপিএফঅ’ই ২০১৬-১৭ চনত ইপিএফৰ ওপৰত ৮.৬৫ শতাংশ, ২০১৭-১৮ চনত ৮.৫৫ শতাংশ, ২০১৫-১৬ চনত ৮.৮ শতাংশ হাৰত সুত প্ৰদান কৰিছিল। ২০১৩-১৪ আৰু ২০১৪-১৫ চনত সুতৰ হাৰ ৮.৭৫ শতাংশ, ২০১২-১৩ চনত ৮.৫ শতাংশ। ২০১১-১২ চনত সুতৰ হাৰ আছিল ৮.২৫ শতাংশ।