বিশ্বৰ পৰ্যটকক আকৰ্ষণৰ বাবে অতুল্য ভাৰত ৱেবচাইটত তিনিটা নতুন ভাষা সংলগ্ন

incredible-india

অতুল্য ভাৰত

যিসকল লোকে ভ্ৰমণ কৰি ভাল পাই তেওঁলোকে এটা ভ্ৰমণসূচীৰ পৰা আহিয়ে পৰৱৰ্তী ভ্ৰমণৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰে।

আধুনিক যুগৰ ভ্ৰমণসূচীত ভ্ৰমণকাৰী সকলে ইণ্টাৰনেটতে সকলো ঠাইৰ বিষয়ে ভালদৰে তথ্য সংগ্ৰহ কৰে আৰু নিজৰ গন্তব্য স্থানত উপনীত হয়।

ভাৰত বিশ্ব পৰ্যটন ক্ষেত্ৰখনৰ এখন উল্লেখযোগ্য পৰ্যটন স্থান। ভাৰতৰ অতুল্য ভাৰত (Incredible India) ৱেবচাইট পূৰ্বতে কেবল ইংৰাজী আৰু হিন্দী ভাষাত উপলব্ধ আছিল, এতিয়া ৱেবচাইটতো এই দুটা ভাষাৰ উপৰিও চীনা, আৰবীক আৰু স্পেনিছ ভাষাত উপলব্ধ কৰা হৈছে।

ৱেবচাইটত নতুনকৈ ভাষাৰ উপৰিও ভাৰতৰ পৰ্যটন স্থান, আকৰ্ষণ, অভিজ্ঞতাৰ আদিৰ বিষয়েও সুন্দৰকৈ উপস্থাপন কৰা হৈছে।

আপগ্ৰেডেড ৱেবচাইটত ভাৰতৰ মুঠ ১৬৫ খন পৰ্যটন স্থান, ২৮ খন ৰাজ্যকে ধৰি ৯ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ আকৰ্ষণীয় স্থানকে ধৰি পৰ্যটকৰ বাবে প্ৰয়োজনীয় আটাইবোৰ প্ৰয়োজনীয় তথ্য সংলগ্ন কৰা হৈছে।

অতুল্য ভাৰত ৱেবচাইটৰ মূল উদ্দেশ্য হৈছে বিশ্বত ভাৰতক এখন প্ৰধান পৰ্যটন ক্ষেত্ৰ হিচাপে দাঙি ধৰা।

অতুল্য ভাৰতৰ বহুভাষিক ৱেবচাইটটো আজি অশোক হোটেলত কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক ৰাজ্যিক মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলৰ উপস্থিতিত মুকলি কৰা হয়।

ৱেবচাইট মুকলি অনুষ্ঠানত দেশৰ পৰ্যটন উদ্যোগৰ অংশীদ্বাৰী দল সমূহেও অংশগ্ৰহণ কৰে।

অতুল্য ভাৰতৰ ৱেবচাইট সময়ে সময়ে নতুন নতুন বিষয়বস্তু আৰু আৰ্হিৰে সজাই তোলা হয়।

পৰ্যটন বিভাগে আহিবলগীয়া সময়ত আৰু অধিক আন্তঃৰাষ্ট্ৰীয় ভাষা ৱেবচাইটত সংলগ্ন কৰাৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিছে।