অধিনায়ক কোহলীৰ দুৰ্দান্ত বেটিঙেও ৰক্ষা কৰিব নোৱাৰিলে ভাৰতক; ইংলেণ্ডৰ সহজ জয়

index.jpga

অধিনায়ক বিৰাট কোহলীৰ দুৰ্দান্ত অৰ্ধ শতৰাণেও ৰক্ষা কৰিব নোৱাৰিলে ভাৰতক। মেটৰাত অনুষ্ঠিত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয়খন আন্তৰাষ্ট্ৰীয় টি২০ মেচত ইংলেণ্ডে ভাৰতক ৮ ইউকেটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিছে।

ক’ৰ’ণাৰ কাৰণে দশকশূণ্য মেটেৰাৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ শৃংখলাৰ তৃতীয় মেচখনত টছত জয়ী ভাৰতক বেটিঙৰ কবিবলৈ আমন্ত্ৰণ জনায় ইংলেণ্ডৰ অধিনায়ক ইয়াণ মৰ্গনে।

ইংনিছ আৰম্ভ কৰিয়ে ভাৰতে আৰম্ভণিতে অ’পেনাৰ কে আৰ ৰাহুলৰ উইকেটটো হেৰুৱায়। তেওঁ চাৰিটা বলৰ সন্মুখী হৈ ০ ৰাণতে পেভিলিয়নমুখী হয়।

উল্লেখ্য যে ইয়াৰ লগে লগে কে আৰ ৰাহুলে অষ্টমবাৰ ক্ৰমাগতভাৱে দুবাৰকৈ শূণ্যতে আউট হোৱাৰ অনাকাংক্ষিত অভিলেখৰ গৰাকী হৈছে।

অন্যগৰাকী অ’পেনাৰ ‘হিটমান’ ৰোহিত শৰ্মাও ব্যৰ্থ(১৫) হয়। শ্ৰেয়স আয়াৰ(৯), আন্তৰাষ্ট্ৰীয় টি২০ত অভিষেক ঘটা নতুন বেটিং চাঞ্চল্য ইষাণ কিষাণ(৪)ও ব্যৰ্থ হয়।

অধিনায়ক বিৰাট কোহলীৰ দুৰ্দান্ত অৰ্ধ শতৰাণৰ সহায় ভাৰতে সন্মানজনক ১৫৬/৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

বিৰাটক কিছু পৰিমাণে সহযোগ কৰে ঋষভ পণ্ট(২৫) আৰু হাৰ্দিক পাণ্ডিয়াই(১৭)। বিৰটা কোহলীয়ে মাত্ৰ ৪৬ টা বলত ৭৭ ৰাণ কৰি অপৰাজিত হৈ ৰয়।

ইয়াৰ পিছতে ইংলেণ্ডে বেটিং কৰি ১০ টা বল বাকী থকা অৱস্থাত মাত্ৰ দুটা উইকেট হেৰুৱাই বিজয় লক্ষ্য ১৫৭ ৰাণত উপণীত হয়।

জ’ছ বাটলাৰৰ মাৰমুখী বেটিঙৰ সহায়ত ইংলেণ্ডে ভাৰতক ৮ উইকেটক পৰাস্ত কৰে। তেওঁ ৫২ টা বলত ৮৮ ৰাণ কৰি অপৰাজিত হৈ থাকে। ইংলেণ্ডৰ হৈ ভেডিভ মালানে ১৮ ৰাণ বেয়াৰষ্টোকে ৪০(অপঃ) ৰাণ সংগ্ৰহ কৰে।

এই জয়ৰ লগে লগে ইংলেণ্ডে ৫ খনীয়া টি২০ শৃংখলাটোত ২-১ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে।