বয়স ৪১ বছৰ। এগৰাকী পেচাৰৰ বাবে এই বয়সত আন্তঃ ৰাষ্ট্ৰীয় কেৰিয়াৰ আগবঢ়াই নিয়া স্বাভাৱিকতেই সম্ভৱ নহয়। কিন্তু এই অসম্ভৱক সম্ভৱ কৰি দেখুৱাইছে জেমছ এণ্ডাৰছনে। তাকো পূৰ্বৰ দৰেই প্ৰদৰ্শনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি।
কেৰিয়াৰৰ প্ৰাৰম্ভিক সময়ৰ পৰাই আকৰ্ষণীয় বলিং ষ্টাইলসহ সুকৌশলী ৰিভাৰ্ছ ছুইঙেৰে প্ৰতিপক্ষক ব্যতিব্যস্ত কৰি আহিছে এণ্ডাৰছনে। ইংলেণ্ডৰ বলিং আক্ৰমণক দীৰ্ঘসময় ধৰি নেতৃত্ব দি অহা এণ্ডাৰছন এতিয়া এক কিংবন্তিত পৰিণত হৈছে।
সীমিত অভাৰৰ ক্ৰিকেটৰ পৰা আঁতৰি থাকিলেও টেষ্টত ধাৰাবাহিকভাৱে ইংলেণ্ডক প্ৰতিনিধিত্ব কৰি আহিছে এণ্ডাৰছনে। টেষ্ট কেৰিয়াৰত তাৰকাগৰাকীক ৭০০ উইকেট সম্পূৰ্ণ কৰিবলৈ আৰু মাত্ৰ দুটা উইকেটৰ প্ৰয়োজন।
ভাৰতৰ বিপক্ষে চলি থকা টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্টতে এণ্ডাৰছনে ক্ৰিকেট ইতিহাসৰ প্ৰথমগৰাকী পেচাৰ হিচাপে এই অভিনৱ কৃতিত্ব অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। তেনে সময়তে তাৰকা পেচাৰগৰাকীয়ে জানিবলৈ দিছে তেওঁৰ এই সাফল্যৰ আঁৰৰ ব্যক্তিগৰাকীৰ কথা।
এণ্ডাৰছনে জানিবলৈ দিয়া মতে প্ৰাক্তন ভাৰতীয় তাৰকা পেচাৰ জাহিৰ খানৰ পৰা তেওঁ আয়ত্ব কৰিছিল ৰিভাৰ্ছ ছুইঙৰ লগতে বহুকেইটা পেচ বলিং কৌশল। জাহিৰ খানৰ পৰা শিকা এই কৌশলসমূহে এণ্ডাৰছনক ক্ৰিকেট ইতিহাসৰ এজন মহাতাৰকাত পৰিণত কৰিছে।
জিঅ’ চিনেমাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এণ্ডাৰছনে কয় যে জাহিৰ খান এনেকুৱা এজন ব্যক্তি, যাৰ খেল চাই তেওঁ শিকাৰ চেষ্টা কৰিছিল। জাহিৰ খানৰ বাবেই ৰিভাৰ্ছ ছুইং লাভ কৰিবলৈ সক্ষম হোৱা বুলি স্বীকাৰ কৰিছে এণ্ডাৰছনে।
জাহিৰ খানে বহুত সময় দি ৰিভাৰ্ছ ছুইং শিকাইছিল বুলি সাক্ষাৎকাৰটোত উল্লেখ কৰে ইংলেণ্ডৰ তাৰকাগৰাকীয়ে। সুযোগ পালেই জাহিৰ খানৰ লগত সময় কটাইছিলো বুলি অতীত সুঁৱৰি এণ্ডাৰছনে লগতে ভাৰতীয় পেচাৰগৰাকীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
উল্লেখ্য যে জাহিৰ খানে আন্তঃ ৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱাৰ তিনি বছৰৰ পাছত ২০০৩ চনত এণ্ডাৰছনে টেষ্ট কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১৪ চনত ভাৰতীয় তাৰকাগৰাকীয়ে ৬০০ৰো অধিক উইকেটেৰে আন্তঃ ৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিছিল।