• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

দহ হাজাৰ যুৱক-যুৱতীৰ ঝুমুৰ নৃত‍্য

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
February 28, 2025 10:00 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সেইদিনা দহ হাজাৰ যুৱক-যুৱতীয়ে একেলগে মাদলৰ কোবে কোবে ঝুমুৰ নৃত‍্য কৰিছিল।দেখি ইমান ভাল লাগিছিল! কি এক দৃষ্টি নন্দন  দৃশ‍্য। কিন্তু তেতিয়াই মোৰ মনলৈ এটা প্ৰশ্ন আহিছিল- কলাৰ উদ্দেশ‍্য কি?  কিয়, কলাই জীৱনৰ কথা কয়। কলাৰ সুৰ, লয় সৌন্দৰ্যই আমাক আকৰ্ষণ কৰে। কলাৰ আবেদন দুই প্ৰকাৰৰ-এক বাহ‍্যিক আৰু আন এক আভ‍্যন্তৰীণ, অন্তৰ্মুখী। বাহ‍্যিক আবেদন, কলাৰ শৰীৰ আৰু অন্তৰ্মুখী আবেদন  কলাৰ আত্মা। সাধাৰণতে খুব কম লোকেহে কলাৰ অন্তৰ্মুখী আবেদন ধৰিব পাৰে। বেছিভাগ সময়তে আমি বাহিৰৰ সুৰ, লয় সৈন্দৰ্যতে নিমগ্নহৈ থাকোঁ। মই কিয় হঠাৎ কলাৰ বৈশিষ্ট‍্যৰ বিষয়ে আলোচনা কৰিবলৈ ল’লো?  গুৱাহাটীত এডভান্টেজ আসাম হৈ গ’ল। দেশৰ প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী মণ্ডল অসমলৈ আহিল। দেশৰ প্ৰথম শাৰীৰ উদ‍্যোগপতি আদানী, আম্বানী আহিল। তাতে আমাৰ আদীবাসী ভাই-ভণী সকলে উল্লাসেৰে ঋুমুৰ নাচিলে। এই গোটেই কথাটোত  কিবা এটা বৈপৰীত‍্য  আমাৰ চকুত নপৰেনে? অসমৰ চাহ বাগিছাত কাম কৰা  আদিবাসী মূলৰ এই লোকসকল কোন? তেওঁলোক কিয় অসমলৈ আহিছিল? কোনে তেওঁলোকক অসমলৈ আনিছিল?  বৃটিছে চাহ বাগিছাত  শ্ৰমিক হিচাপে কাম কৰিবলৈ আজিৰ পৰা ১৫০/২০০ বছৰ আগতে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা তেওঁলোকক অসমলৈ আনিছিল। নিজৰ ব‍্যাৱসায়িক স্বাৰ্থত কিমান কৌশলে, নানা ৰঙীণ সপোন দেখুৱাই এই লোকসকলক অসমলৈ অনা হৈছিল। অসম পোৱাৰ পিছতহে, তেওঁলোকে গম পাইছিল, কি উদ্দেশ‍্যেৰে তেওঁলোকক অনা হৈছিল। চাহ বাগানত কৃতদাসৰ দৰে সামান‍্য মজুৰিত তেওঁলোকক হাড় ভঙা পৰিশ্ৰম কৰিবলৈ বাধ‍্য কৰোৱা হৈছিল। সেই তেতিয়াও সপোন আছিল উন্নয়নৰ। অমলেন্দু গুহৰ ‘Planter Raj To Swaraj’ আৰু অৰূপা পটংগিয়া কলিতাৰ ‘জছনাৰ ঝিটাছ’আৰু অন‍্য বহু কিতাপত  বৰ্ণিত হৈছে চাহ বাগানত কাম কৰা আদিবাসী লোক সকলৰ জীৱনৰ শোষণ নিস্পেষণৰ  মৰ্ম্মন্তুদ কাহিনী। সেই কাহিনীৰে এতিয়া পুনৰাবৃত্তি হোৱা নাইনে এডভেন্টজ আসামত? আজি দুদিনমান বাতৰিকাকতৰ প্ৰথম পৃষ্ঠা ভৰি আছিল অসমত কোনে কিমান হাজাৰ কোটি টকা বিনিয়োগ কৰি অসমক নদন বদন কৰি তুলিব তাৰ খবৰেৰে।এই এডভেন্টজ আসামে কেৱল যে আদিবাসী মূলৰ লোক সকলৰ জীৱনলৈয়ে বিপদ মাতি আনিব তেনে নহয় ই অসমীয়াৰ, বিশেষকৈ প্ৰান্তীয় বৰ্গৰ, দুখীয়া নিচলা লোকৰ জীৱন দুৰ্বিষহ কৰি তুলিব। কিয় আৰু কেনেকৈ? এই বিনিয়োগৰ অৰ্থ কি? এই বিনিয়োগৰ অৰ্থ তিনিটা।

প্ৰথম, আমাৰ প্ৰাকৃতিক সম্পদ, মানে আমাৰ পাহাৰ পৰ্বত, মাটি, পানী, বায়ু,নদ-নদী, অৰণ‍্য সকলো এতিয়া বণিয়াক গতাই দিয়া হ’ব। দ্বিতীয়, তাৰ কাৰণে কাক ক’ৰ পৰা উচ্ছেদ কৰা হ’ব তাৰ কোনো ঠিকনা নাই। যোৱা সময়ছোৱাত উন্নয়নৰ নামত ক’ত কিমান লোকক উচ্ছেদ কৰা হৈছে আমি দেখি আছোঁ। কাচাৰৰ দুলু চাহ বাগানৰ কথা আমাৰ স্মৃতিত এতিয়াও দগদগীয়াহৈ আছে। কাৰ্বি আংলঙত তেওঁলোকে ১৮ হাজাৰ বিঘা মাটি সৌৰ শক্তি উৎপাদনৰ কাৰণে অধিগ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে। মাজতে চান্দডুবিৰ ওচৰৰ মাটিত কাৰোবাৰ চকু পৰিছিল। গিবন অভয়াৰণ‍্য তচনচ কৰি এতিয়া তেওঁলোকে তেল উলিয়াব। আমি দেখিছোঁ এখনৰ পিছত এখন চাহ বাগান কাৰ হাতলৈ গৈ আছে। বৃটিছে চাহখেতি কৰিবলৈ এসময়ত হাজাৰ হাজাৰ লাখ লাখ বিঘা মাটি অধিগ্ৰহণ কৰিছিল।এতিয়া অসম চৰাকাৰ সহযোগত সেই কাম কৰিছে বহুজাতিকে। অসম চৰকাৰ মানে চৰকাৰৰ এচাম মন্ত্ৰী/ এম এল এ আৰু শক্তিশালী আমোলাৰ এটা জোট। গতিকে এডভেন্টেজ আসাম হৈছে এই জোটটো। তাত গোট খোৱা মানুহ বোৰ আপোনালোকে দেখা নাই জানো?

Apply Now

তৃতীয়, কথাটো হ’ল এডভান্টেজ আসামৰ দৰ্শন বা দৃষ্টিভংগী। উলম্ব ইন্নয়নৰ আৰ্হি। এফালে যধেমধে প্ৰাকৃতিক সম্পদ আাহৰণ কৰি আমাৰ পৰিৱেশতন্ত্ৰলৈ বিপদ মাতি অনা আৰু আনফালে শ্ৰমিকক শোষণ কৰি অৰ্থনৈতিক অসমতা বৃদ্ধি কৰা।জলবায়ু পৰিবৰ্তনৰ ফলত  উত্তৰ-পূৱ ভাৰতৰ ৰাজ‍্য সমূহ আটাইতকৈ বেছি ক্ষতিগ্ৰস্থ হ’ব বুলি কিয় এখনৰ পিছত এখন প্ৰতিবেদন প্ৰকাশ পাই আছে?  তাৰ মূল কাৰণ হ’ল উন্নয়নৰ নামত ইতিমধ‍্যে আমাৰ অঞ্চলটো ফোপোলা কৰি পেলোৱা হৈছে।নদী বান্ধ, কয়লা খনন, তেল উৎপাদন, ৰাজপথ নিৰ্মাণকে ধৰি নানা উন্নয়ন প্ৰকল্পই ইতিমধ‍্যে আমাৰ অঞ্চলটোৰ পৰিৱেশতন্ত্ৰৰ বিস্তৰ ক্ষতিক্ষাধন কৰিছে। গতিকে এই হাজাৰ কোটি লাখ কোটি টকাৰ বিনিয়োগে, যিখিনি ৰৈছেগৈ, সেইখিনিও শেষ কৰিব। আৰু এটা কথা, আদানী-আম্বানী আৰু অন‍্য পুঁজিপতি, উদ‍্যোগপতি সকলক বাৰু কি ছুট-খৰে খাইছে যে তেওঁলোকৰ লাভ নোহোৱাকৈ তেওঁলোকে অসমত হাজাৰ হাজৰ কোটি টকা বিনিয়োগ কৰিব? তেওঁলোকে আমাক লুটি-পুটি খাবলৈহে ইয়াত ধন বিনিয়োগ কৰিবলৈ আহিছে। টাটা,  আদানী-আম্বানীতকৈ বহু ভাল। কিন্তু টাটাক জাগীৰোড কাগজ কলৰ মাটি বোৰ কেনেকৈ দি দিয়া হ’ল আমি সকলোৱে দেখিছোঁ।আৰু চাকৰি? কি চাকৰি দিব তেওঁলোকে? পিয়ন চকীদাৰ আৰু কায়িক শ্ৰমৰ চাকৰি?

বৈপৰীত‍্য আৰু পৰিহাসটো এইটোৱেই যে তেওঁলোকে অমাক শোষণ কৰিবলৈ মেলা পাতিছে আৰু সেই মেলাতে ৰাগ টানিবলৈ নাচিবলৈ আমাকে মাতিছে। আৰু আমি নাচৰ নিচাত মতলীয়াহৈ আছোঁ। এতিয়া কোনোবাই ক’ব পাৰে? কি আমাক উন্নয়ন নালাগেনেকি? অলবৎ লাগে। আমাক পৰিৱেশ অনুকুল উন্নয়ন লাগে। আমাক বহনক্ষম উন্নয়ন লাগে। আমি ব‍্যক্তিগত খণ্ডৰ বিনিয়োগৰো বিৰোধিতা নকৰো। কিন্তু সেই বিনিয়োগ হ’ব লাগিব চৰকাৰৰ চৰ্ত সাপেক্ষে। চৰকাৰী আৰু ব‍্যক্তিগত খণ্ডৰ মাজত এক ভাৰসাম‍্য বজাই ৰাখিব পাৰিব লাগিব।উলম্ব উন্নয়নত মতলীয়াহৈ থাকিলে আমি নিগমে উচন হ’ম। আৰু এটা কথা, তেওঁলোকে গ্ৰীণ এনাৰ্জিৰ  বিষয়ে এডভেন্টেজ আসামত আলোচনাচক্ৰ পাতিছে। লাজ নালাগে গ্ৰীণ এনাৰ্জিৰ কাৰণে আদানীয়ে দুৰ্নীতি কৰি যে এতিয়া আমেৰিকালৈ যাব নোৱাৰা হৈ আছে। লাজ নালাগে গ্ৰীণ এনাৰ্জিৰ নামত কাৰ্বি আংলঙত মানুহক উচ্ছেদ কৰি যে ১৮০০০ বিঘা মাটি বনিয়াক গতাব বিচাৰিছে। গ্ৰীণ এনাৰ্জি, নালাগে আমাক এনে গ্ৰীণ এনাৰ্জি।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd