মহিলা আই.পি.এচ ইন্দ্ৰাণী বৰুৱাসহ অসম আৰক্ষীৰ ৩৫ বিষয়া-জোৱানলৈ মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক

CM Sonowal reconstitutes State Level Police Recruitment Board

কৃতিত্বপূৰ্ণ সেৱা আৰু নিষ্ঠাৰে বিভাগত কাম কৰি অহাৰ বাবে এইবেলি স্বাধীনতা দিৱসত চতুৰ্থ অসম আৰক্ষীৰ  বাহিনীৰ কামাণ্ডেণ্ট ইন্দ্ৰাণী বৰুৱাসহ (আই.পি.এচ) অসম আৰক্ষীৰ বিভিন্ন শাখাত কাম কৰি থকা ৩৫জন আৰক্ষী বিষয়া-জোৱানক মুখ্য মন্ত্ৰী আৰক্ষী পদকৰ বাবে বাচনি কৰা হৈছে।

আজি ৰাজ্য চৰকাৰৰ গৃহ বিভাগে এক জাননী যোগে প্ৰেৰণ কৰা মুখ্য মন্ত্ৰী আৰক্ষী পদকৰ বাবে বাচনি হোৱা আৰক্ষী বিষয়াসকল ক্ৰমে– ইন্দ্ৰাণী বৰুৱা (আই.পি.এছ), অমৰজিৎ কৌৰ (আই.পি.এছ), আনন্দ মিশ্ৰ (আই.পি.এছ), সুভাষিনী শংকৰন (আই.পি.এছ), স্বেবান্তক মিশ্ৰ (আই.পি.এছ)।

অসম আৰক্ষী সেৱাৰ বিষয়াসকল (এ.পি.এছ) হ’ল ক্ৰমে– মহেশচান্দ শৰ্মা, ৰিপুল দাস, ডম্বৰুধৰ দাস, ৰণজিৎ দুৱৰা, ৰিপুঞ্জয় কাকতি, বিতুল চেতিয়া, ময়দুল ইছলাম, জোন দাস, হিমাংশু দাস আৰু মৃণ্ময় দাস।

তেনেদৰে বাচনি হোৱা পৰিদৰ্শকদ্বয় অসীম বৰা আৰু অনিল দাস, উপ-পৰিদৰ্শক ক্ৰমে– ৰাজু বাহাদুৰ চেত্ৰী, নিপু কলিতা, পুলক বৰ্মন, অবিনাশ মেধি আৰু ঋতুপৰ্ণ সোণোৱাল, সহকাৰী পৰিদৰ্শক অৰুণ কুমাৰ নাথ, হাবিলদাৰ সুদৰ্শন দাস আৰু কনিষ্টবল ক্ৰমে- প্ৰকাশ বসুমতাৰী, ৰাকেশ কুমাৰ সিং, ইনু দেৱী, বিশ্বজিৎ ফটোৱালী আৰু তন্ময় নাথ।

আনহাতে অগ্নি আৰু আপদকালীন সেৱাৰ ছয়গৰাকী বিষয়া-জোৱান হ’ল ক্ৰমে– জ্যেষ্ঠ আস্থান বিষয়া তৰুণ চন্দ্ৰ দিহিংগীয়া, এছ.ডি.আৰ.এফৰ দিলীপ ওৰাং, পংকজ শুভা, পৰাগ বৰা, দেৱীদন চুতীয়া আৰু অমিত চৌধুৰী।

উল্লেখ্য যে ইয়াৰ পূৰ্বে অসম আৰক্ষীৰ পাঁচজন বিষয়া-জোৱান কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ আৰক্ষীৰ পদকৰ বাবে বাচনি হৈছিল।