সূৰ্য গিৰি জিলা পৰিষদৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰত্যাহ্বানৰ সন্মুখীন শাসক-বিৰোধী

IMG-20181203-WA0022

পূব গোৱালপাৰাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ। ফটো : নৰ্থইষ্ট নাও

পূব গোৱালপাৰা সমষ্টিটোৰ মাটিয়া আৰু সূৰ্যগিৰি জিলা পৰিষদৰ আসন খন দখল কৰাৰ বাবে প্ৰত্যেকটো ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী সকলে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ৷ সমষ্টিটোৰ সূৰ্য্যগিৰি জিলা পৰিষদত এই বেলি নিৰ্দলীয় প্ৰাৰ্থীৰ লগত শাসক দলৰ লগতে বিৰোধী দলে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷

সমষ্টিৰ কংগ্ৰেছী বিধায়ক এ কে ৰছিদ আলমে তৃণমূল কৰ্মীৰ মতামতক কোনো গুৰুত্ব প্ৰদান নকৰি নিজৰ ৰাজনৈতিক স্থিতি সবলৰ কৰাৰ বাবে নিজৰ ভনীয়েক হামিদা আহমেদক প্ৰাৰ্থীত্ব প্ৰদান কৰাত ক্ষুণ্ণ হৈ পৰে বহু কৰ্মী।  উপযুক্ত প্ৰাৰ্থিত্বৰ দাবীদাৰ থকাৰ পাছতো বিধায়ক গৰাকীয়ে নিজৰ ভনীয়েকক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা ঘটনাই কংগ্ৰেছ কৰ্মীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বিধায়ক গৰাকীৰ এই কাৰ্যত ক্ষুব্ধ হৈ একাংশ কংগ্ৰেছী লোকে ছৰিফা আহমেদক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় কৰাই তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে কংগ্ৰেছ দলৰ বাবে৷ উল্লেখ্য যে সমষ্টিৰ উন্নয়ন ফালে পিঠি দি পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত লাগি পৰা বিধায়ক গৰাকীক উচিত শিক্ষা দিয়াৰ বাবে কংগ্ৰেছ শিবিৰৰ এক বৃহৎ সংখ্যক লোক একত্ৰিত হৈছে নিৰ্দলীয় প্ৰাৰ্থীৰ লগত।

নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থনত সূৰ্য্যগিৰি জিলা পৰিষদৰ আটাইকেইটা গাঁও পঞ্চায়তত তীব্ৰ প্ৰচাৰ অভিযান চলাই দিনে নিশাই নিৰ্বাচনী সভা অনুষ্ঠিত কৰি ইতিমধ্যে ৰাইজৰ সমৰ্থন লাভ কৰিবলৈ সমৰ্থ হৈছে।

আনহাতে, পৰিষদৰ আসনখন হস্তগত কৰাৰ বাবে উঠিপৰি লাগিছে শাসকীয় বিজেপি দলৰ লগতে অগপ দলে ৷ অৱশ্যে সূৰ্যগিৰি জিলা পৰিষদত মুল প্ৰতিদ্বন্দ্বিতা ছৰিফা বেগমৰ লগতে হোৱাৰ সম্ভাৱনা প্ৰৱল ৷ একাংশ ৰাইজৰ মতে এই নিৰ্বাচনত শাসক-বিৰোধী এই বাৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো এক প্ৰকাৰ নিশ্চিত।

মাটিয়া জিলা পৰিষদত কংগ্ৰেছ, বিজেপি, অগপ আৰু এ আই ইউ ডি এফে প্ৰতিদ্বন্দ্বিতা কৰিছে। অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত এই আসনখনৰ বাবে কংগ্ৰেছৰ তন্দ্ৰা চাংমা, বিজেপিৰ প্ৰিয়ংকা চাংমা, এই আই য়ু ডি এফৰ সুযেয়া চাংমা আৰু অগপ মিনু ৰাণী ব্ৰহ্ম পাঠকে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ সমষ্টিটোত অগপৰ লগতে হ’ব মুল প্ৰতিদ্বন্দ্বিতা ৷ প্ৰত্যেক গৰাকীয়ে ভোটাৰ ৰাইজৰ মন মুহিবলৈ চেষ্টা কৰিছে যদিও সমষ্টিটোৰ মাটিয়া জিলা পৰিষদ আসন খন এইবেলিও অগপৰ হাতলৈ যোৱাৰ সম্ভাৱনাই  বেছি বুলি একাংশ সচেতন ৰাইজে মন্তব্য কৰে ৷