NORTHEAST NOW (Assamese)

অট’ৰিক্সা চলাওঁ আমি দুয়ো ভাই : মহানগৰীৰ ৰাজপথত অট’চালকৰ ৰূপত উপমন্যু হাজৰিকা

April 20, 2019 10:27 pm · কল্পজ্যোতি শইকীয়া
গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ। ফটো : নৰ্থইষ্ট নাও

ৰাজ্যৰ তৃতীয় পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ কাইলৈ অন্তিম দিন, সেয়েহে প্ৰাৰ্থীসকলৰ প্ৰচাৰ তুংগত উঠিছে। ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ প্ৰয়োগ কৰিছে ন-ন কৌশল। ব্যতিক্ৰম নহ’ল ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ  নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাও। মহানগৰীৰ ৰাজপথত আজি অট’চালকৰ ৰূপত দেখা গ’ল হাজৰিকাক। সমান্তৰালকৈ হাজৰিকাৰ প্ৰতীক চিহ্ন ‘অট’ৰিক্সা’।

উল্লেখ্য যে, শনিবাৰে দিচপুৰ প্ৰেছ ক্লাৱৰ সন্মুখৰ পৰা অট’ৰিক্সাৰে নিৰ্বাচনী ৰেলী বাহিৰ কৰে উপমন্যু হাজৰিকাই। সেই সময়তে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ সৈতে তেওঁৰ এক আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল। তাতে সোধা হৈছিল তেওঁৰ প্ৰতীক চিহ্ন অট’ৰিক্সা নিৰ্বাচিত কৰাৰ কাৰণ।

‘’সাধাৰণ জনতাৰ যাতায়তৰ বাহন অট’ৰিক্সা, সাধাৰণ খিলঞ্জীয়া মানুহৰ সৈতে মই জৰিত আছো। সুধাকন্ঠ ড০ ভূপেন হাজৰিকা আৰু ভাতৃ জয়ন্ত হাজৰিকাৰ ‘অট’ৰিক্সা চলাও আমি’ গীতটিয়ে ৪০ বছৰ আগতে সকলোৰে অন্তৰ চুই গৈছিল। খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ এক প্ৰতীক হ’ল অট’ৰিক্সা। প্ৰথম ভাগত নিবনুৱা যুৱকসকল স্বাৱলম্বী হ’বলৈ আৰম্ভ কৰিছিল, তেতিয়া তেওঁলোকে অট’ৰিক্সা চলাইছিল,‘’-তেওঁ এইদৰে কয়।

আনহাতে, সাক্ষাৎকাৰৰ মাজতে তেওঁৰ নিৰ্বাচনী প্ৰচাৰ তুংগত থকা বুলি দাবী কৰি তেওঁ কয় ১১’ মাৰ্চৰ পৰা ৪০ দিন একেৰাহে প্ৰচাৰ চলাই আছো। মই সম্পূৰ্ণ আশাবাদী।

তদুপৰি, বিদেশী বহিস্কৰণৰ বিষয়টো কংগ্ৰেছ-বিজেপি কোনো এটা দলেই গুৰুত্ব সহকাৰে লোৱা নাই বুলি অভিযোগ তুলি হাজৰিকাই কয়, ‘’কংগ্ৰেছে এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলেও ২০১৫ চনৰ জুলাই মাহলৈকে সকলো বিদেশীকে নাগৰিকত্ব দিবলৈ আবেদন জনাইছিল। আনফালে বিজেপিয়ে হিন্দু বাংলাদেশী আনিবলৈ তৎপৰ হৈ আছে।‘’

তেওঁ আৰু কয়, ’’১৮ লাখ খিলঞ্জীয়া ভোটাৰে গুৱাহাটীৰ পৰা এটা বাৰ্তা দিব যে খিলঞ্জীয়াৰ স্বাৰ্থ আগত ৰাখিব লাগিব সকলো ৰাজনৈতিক নেতাই। যদি এই বাৰ্তা গুৱাহাটী লোকসভা সমষ্টিৰ পৰা দিব নোৱাৰো তেন্তে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা নহ’ব।‘’

Related News