নিৰ্বাচনী প্ৰচাৰৰ অংশস্বৰূপে আজি এটা সমদল লৈ নুনমাটিৰ পৰা ভৰলুমুখলৈ যাত্ৰা কৰা গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ কাৰ্য্যালয়ৰ পৰা প্ৰচাৰ চলোৱাৰ এটা আকস্মিক আৰু বিৰল সুযোগ পায়। কথাটোৱে নিৰ্বাচনৰ ভৰপকত থকা ৰাজ্যৰ ৰাজনৈতিক মহলত আমোদৰো খোৰাক যোগাইছে।
খবৰ মতে, আজি হাজৰিকাই কৰ্মী-সমৰ্থকৰ সৈতে এটা খোজকঢ়া কাৰ্য্যক্ৰমৰ আয়োজন কৰিছিল। আবেলি ৩ বজাত আৰম্ভ হোৱা এই কাৰ্য্যসূচীত খোজ কাঢ়ি গৈ থকা অৱস্থাত নিউ গুৱাহাটী তিনি আলিৰ বাছ আস্থানৰ কাষতে থকা বিজেপিৰ এটা উকা নিৰ্বাচনী কাৰ্য্যালয় দেখা পায়।
জনবিহীন, কৰ্মীবিহীন কাৰ্য্যালয়টো দেখি বিজেপি প্ৰতিদ্বন্দ্বীগৰাকীৰ বিৰুদ্ধে এটা বিৰলতম সুযোগ হাততে পায় নিৰ্দলীয় প্ৰাৰ্থীজনে। তেওঁ তাৎক্ষণিক আৰু বুদ্ধিদীপ্ত সিদ্ধান্তৰে বিজেপিৰ শূন্য কাৰ্য্যালয়টোত প্ৰৱেশ কৰে আৰু দলটোৰ প্ৰতিশ্ৰুতিবোৰক ‘শূন্য’ৰ সৈতে ৰিজনি কৰাৰ সুযোগ লয়।
“এই শূন্য কাৰ্য্যালয়টো যেনেকৈ শূন্য, বিজেপিৰ প্ৰতিশ্ৰুতিবোৰো শূন্য”, বিজেপিৰ কাৰ্য্যালয়টোত বহি লৈ হাজৰিকাৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য।
আনহাতে নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা টোকাত প্ৰাৰ্থীজনে কয়, “বিজেপিৰ নিৰ্বাচনী কাৰ্য্যালয়টোত এজনো কাৰ্য্যকৰ্তা উপস্থিত নথকাটোৱে প্ৰমাণ কৰে যে খিলঞ্জীয়াৰ বৃহত্তৰ স্বাৰ্থক প্ৰতাৰণা কৰা বাবে কেৱল যে অসমৰ জনতাই বিজেপিক পৰিত্যাগ কৰিছে এনে নহয়, বৰং দলীয় কৰ্মীৰো দলৰ ওপৰত আস্থা নোহোৱা হৈছে।”
নিৰ্দলীয় হিচাপে ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা হাজৰিকা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক। খিলঞ্জীয়াৰ সুৰক্ষাৰ বিষয়ত সততে সৰৱ হৈ অহা হাজৰিকা পেচাত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা।
আজিৰ ঘটনাটোৱে ৰাজ্যৰ ৰাজৈনতিক মহলত আমোদৰ সৃষ্টি কৰাৰ লগতে এই ৰৱ উঠা দেখা গৈছে যে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ কাৰ্য্যালয়ৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলোৱা হাজৰিকাই সম্ভৱতঃ একমাত্ৰ প্ৰাৰ্থী।
https://www.facebook.com/upamanyuhazarikaguwahati/videos/2248863002031697/