গণতন্ত্ৰৰ সম্পদ! স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰ শ্যাম চৰণ নেগীৰ ১০৬ বছৰ বয়সত দেহাৱসান

Independent India’s first voter Shyam Saran Negi passes away স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰ শ্যাম চৰণ নেগীৰ দেহাৱসান ঘটিছে। শনিবাৰে ৰাতিপুৱা ১০৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। নেগী ভাৰতৰ হিমাচল প্ৰদেশৰ কিন্নৌৰ জিলাৰ কল্পাৰ বাসিন্দা আছিল। তেওঁ আগন্তুক হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে ২ নৱেম্বৰত পোষ্টেল বেলটেৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল। ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন ১২ নৱেম্বৰত অনুষ্ঠিত হ’ব। নেগীয়ে জীৱনত ৩৪ বাৰ ভোট দিছে আৰু তেওঁ কেতিয়াও ভোটদানৰ পৰা বিৰত নাছিল।

১৯১৭ চনৰ ১ জুলাইত জন্মগ্ৰহণ কৰা নেগীয়ে কল্পাত স্কুল শিক্ষক হিচাপে কাম কৰিছিল। তেওঁ ১৯৭৫ চনত শিক্ষকতাৰ পৰা অৱসৰ লৈছিল।

লগতে পঢ়ক: জটিল ৰোগত আক্ৰান্ত বৰুণ ধাৱান! কি হৈছে বলীউদৰ জনপ্ৰিয় অভিনেতাজনৰ?

১৯৪৭ চনত ব্ৰিটিছ শাসনৰ সমাপ্তিৰ পিছত ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন ১৯৫২ চনৰ জানুৱাৰী-ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল। অৱশ্যে ফেব্ৰুৱাৰী আৰু মাৰ্চত বতৰৰ অৱনতি ঘটিব বুলি আৰু সেই সময়ছোৱাত প্ৰচণ্ড তুষাৰপাতৰ ফলত নাগৰিকসকলৰ বাবে ভোটকেন্দ্ৰত উপস্থিত হোৱাটো অসম্ভৱ হৈ পৰিব বুলি পাঁচ মাহ আগতে হিমাচল প্ৰদেশত ভোট লোৱা হৈছিল। সেই অনুসৰি নেগীয়ে ১৯৫১ চনৰ ২৫ অক্টোবৰত প্ৰথম ভোট দান কৰে।

বাতৰি অনুসৰি, ১০৬ বছৰীয়া নেগী সাম্প্ৰতিক সময়ত যথেষ্ট অসুস্থ আছিল। কিন্নৌৰ জিলা উপায়ুক্ত আবিদ হুছেইন চাদিকে কয় যে নেগীৰ শনিবাৰে পুৱা প্ৰায় ২ বজাত মৃত্যু হয়। জিলা প্ৰশাসনে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সকলো ব্যৱস্থা কৰি আছে আৰু তেওঁক সন্মানজনক বিদায় জনোৱাৰ বাবে এটা বেণ্ড পাৰ্টিৰ ব্যৱস্থা কৰা হৈছে।

ছাদিকে লগতে কয় যে নেগীয়ে ১৯৫১ চনৰ পৰা ২০২১ চনলৈ মাণ্ডি সংসদীয় সমষ্টিৰ প্ৰতিটো নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল। কিন্তু তেওঁৰ শাৰীৰিক অৱস্থাৰ কথা বিবেচনা কৰি আমি তেওঁক সুধিছিলো যে তেওঁ আগন্তুক বিধানসভা নিৰ্বাচনত ভোটকেন্দ্ৰত ভোটদান কৰিব নে ঘৰত ভোট দান কৰিব। অৱশ্যে, তেওঁ ভোটকেন্দ্ৰলৈ গৈ ভোটদান কৰাৰ ইচ্ছা প্ৰকাশ কৰে। কিন্তু ইয়াৰ মাজতে তেওঁ হঠাতে অসুস্থ হৈ পৰাৰ বাবে তেওঁৰ ইচ্ছা পূৰণ নহ’ল। তেনে ক্ষেত্ৰত জিলা প্ৰশাসনে তেওঁৰ ঘৰত ভোটদান কৰাৰ সকলো ব্যৱস্থা কৰিছিল। ভাৰতৰ ভোটাৰসকলক ভোট দিবলৈ উৎসাহিত কৰিবলৈ নেগী তেওঁলোকৰ উৎসাহৰ একমাত্ৰ প্ৰতীক আছিল।

লগতে পঢ়ক: অবাঞ্চিত! বাতৰি প্ৰকাশৰ বাবে ধন দাবী কৰা সাংবাদিকসকলক সতৰ্ক কৰি দিলে গুৱাহাটী প্ৰেছ ক্লাবে

আনকি কেইদিনমান পূৰ্বে তেওঁৰ অন্তিম বাৰ্তাটোত তেওঁ ভাৰতৰ যুৱসকলক ভোটদানৰ পৰা বিৰত নাথাকিবলৈ আহ্বান জনায় আৰু প্ৰতিটো ভোটৰ মূল্য কিমান তাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। শ্যাম চৰণ নেগীয়ে হিন্দী ছবি ‘চনম ৰে’ত এক বিশেষ চৰিত্ৰত অভিনয় কৰিছিল।