NORTHEAST NOW (Assamese)

ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ৩৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মটৰ চাইকেল ৰেলী

March 16, 2025 6:15 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় সশস্ত্ৰ বাহিনীৰ উদ্যোগত ৩৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মটৰ চাইকেল ৰেলী আয়োজন কৰিছে। এই ৰেলী গুৱাহাটীত উপস্থিত হৈ দেশজোৰা ভ্ৰমণৰ অংশ হিচাপে পশ্চিম বংগ অভিমুখে ৰাওনা হৈছে।

১০ মাৰ্চৰ পৰা অৰুণাচল প্ৰদেশৰ বিজয়নগৰৰ পৰা আৰম্ভ হোৱা ‘শৌৰ্য্য যাত্ৰা’ ৰেলীৰ সামৰণি পৰিব ২৩ মাৰ্চত গুজৰাটৰ ৰাণ অৱ কুচত। আছাম ৰাইফলছৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাইডাৰসকলে উষ্ম সম্বৰ্ধনা অনুষ্ঠানেৰে প্ৰবীণ সৈনিকসকলক সম্বৰ্ধনাও জনায়।

এই সমাৱেশৰ আনুষ্ঠানিকভাৱে মুকলি কৰে ৩ কৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেণ্ট জেনেৰেল অভিজিৎ এছ পেনধৰকাৰে। এই যাত্ৰাত ভাৰতীয় সেনা, আছাম ৰাইফলছৰ সদস্য আৰু অৰুণাচল প্ৰদেশৰ স্থানীয় লোককে ধৰি মুঠ ১২ গৰাকী ৰাইডাৰে অংশগ্ৰহণ কৰিছে।

 যুৱক-যুৱতীসকলক সশস্ত্ৰ বাহিনীত যোগদানৰ বাবে অনুপ্ৰাণিত কৰা আৰু জাতীয় সংহতিৰ প্ৰসাৰৰ লক্ষ্যৰে ‘এখন ভাৰত, শ্ৰেষ্ঠ ভাৰত’ শীৰ্ষক এই পদক্ষেপ গ্ৰহণ কৰা  হৈছে। এই ভ্ৰমণৰ সময়ত অংশগ্ৰহণকাৰীসকলে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতেও মত বিনিময় কৰিব আৰু সামৰিক ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ উৎসাহিত কৰিব বুলি সদৰী কৰিছে।

Related News