বিশ্ব লিংগ ব্যৱধান সূচকাংকত ১২৯ সংখ্যক স্থানত ভাৰত; পূৰ্ণ লিংগ সমতাৰ বাবে প্ৰয়োজন হ’ব ১৩৪ বছৰ

মঙলবাৰে (১১ জুন) বিশ্ব ৱৰ্ল্ড ইকনমিক ফ’ৰামে প্ৰকাশ কৰা ‘গ্ল’বেল জেণ্ডাৰ গেপ ৰিপ’ৰ্ট ২০২৪’ত ভাৰতে ১৪৬খন দেশৰ তালিকাত ১২৯ নম্বৰ স্থান লাভ কৰিছে, যিটো যোৱা বছৰৰ তুলনাত দুটা স্থান কম। এই সূচকাংকত এটা দশক ধৰি প্ৰথম স্থান দখল কৰা আইচলেণ্ডে এই বছৰো শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে।

খবৰ অনুসৰি দক্ষিণ এছিয়াত বাংলাদেশ (৯৯), নেপাল (১১১), শ্ৰীলংকা (১২৫) আৰু ভূটান (১২৪)ৰ পিছতে পঞ্চম স্থানত আছে ভাৰত। আনহাতে, পাকিস্তান এই ৰেংকিঙৰ তলত আছে আৰু বিশ্বজুৰি ১৪৫ নম্বৰ স্থানত আছে, ১৪৬খন দেশৰ ভিতৰত শেষ স্থানত থকা চুডানৰ পৰা ঠিক আগবাঢ়ি আছে চুবুৰীয়া পাকিস্তান।

ডব্লিউ ই এফৰ প্ৰতিবেদন অনুসৰি অৰ্থনৈতিক লিংগ সমতা সৰ্বনিম্ন দেশসমূহৰ ভিতৰত ভাৰতো অন্যতম। ইয়াত আনুমানিক উপাৰ্জিত আয়ৰ লিংগ সমতা ৩০%তকৈ কম বুলি ৰেকৰ্ড কৰা হৈছে। বাংলাদেশ, চুডান, ইৰাণ, পাকিস্তান আৰু মৰক্কোকো এই দেশসমূহৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই দেশসমূহত শ্ৰম শক্তিৰ অংশগ্ৰহণৰ হাৰত লিংগ সমতাৰ মাত্ৰা ৫০%তকৈও কম।

ইয়াত কোৱা হৈছে যে ভাৰতে ২০২৪ চনত লিংগ বৈষম্য ৬৪.১% হ্ৰাস কৰিছে। কিন্তু, যোৱা বছৰৰ ১২৭ নং স্থানৰ পৰা হ্ৰাস পোৱাৰ কাৰণ হৈছে ‘শৈক্ষিক প্ৰাপ্তি’ আৰু ‘ৰাজনৈতিক সবলীকৰণ’ৰ পৰিমাপ সামান্য হ্ৰাস। ডব্লিউ ই এফে কয় যে বিগত চাৰি বছৰ ধৰি ভাৰতৰ অৰ্থনৈতিক সমতাৰ স্ক’ৰ ওপৰলৈ গতি কৰি আহিছে।

মাধ্যমিক শিক্ষাৰ নামভৰ্তিৰ ক্ষেত্ৰত ভাৰতে ভাল প্ৰদৰ্শন কৰিছে। ইয়াত ই লিংগ সমতাৰ ক্ষেত্ৰত প্ৰথম স্থান দখল কৰিছে। তৃতীয় পৰ্যায়ৰ নামভৰ্তিৰ ক্ষেত্ৰত ইয়াৰ স্থান ১০৫, সাক্ষৰতাৰ হাৰত ১২৪ আৰু প্ৰাথমিক শিক্ষাৰ নামভৰ্তিৰ ক্ষেত্ৰত ৮৯ নম্বৰ।

আইচলেণ্ড, ফিনলেণ্ড, নৰৱে, নিউজিলেণ্ড আৰু ছুইডেনে বিশ্ব ৰেংকিঙত শীৰ্ষ পাঁচটা স্থানত আছে। যুক্তৰাজ্যই ১৪ নম্বৰ স্থান লাভ কৰাৰ বিপৰীতে আমেৰিকাই ৪৩ নম্বৰ স্থান লাভ কৰিছে।

এই তালিকা সন্দৰ্ভত ডব্লিউ ই এফৰ পৰিচালন সঞ্চালক সাদিয়া জাহিদীয়ে কয় যে আমি সমতাৰ বাবে ২১৫৮ চনলৈকে অপেক্ষা কৰিব নোৱাৰো। এতিয়া নিৰ্ণায়ক কাৰ্য্যৰ সময়। কিছুমান ইতিবাচক কথাৰ সত্ত্বেও এইবাৰৰ লিংগ ব্যৱধান প্ৰতিবেদনে বিশেষকৈ অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত লেহেমীয়া অগ্ৰগতিৰ ওপৰত আলোকপাত কৰিছে৷