প্ৰধান মন্ত্ৰী মোদীৰ ভূটান ভ্ৰমণ : ১০ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

Narendra-Modi-In-Bhutan-1140x570

নৰেন্দ্ৰ মোদী দ্বিতীয়বাৰৰ বাবে প্ৰধান মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শনিবাৰে প্ৰথমটো ভূটান ভ্ৰমণলৈ যায়।

জলবিদ্যুৎ, বাণিজ্য, শিক্ষাকে ধৰি বিভিন্ন বিষয়ত সহযোগিতা বৃদ্ধিৰ বাবে মোদীৰ এই ভূটান ভ্ৰমণ গুৰুত্বপূৰ্ণ হৈ পৰিছে।

শনিবাৰে পাৰো আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰত মোদীক ভূটানৰ প্ৰধান মন্ত্ৰী ড০ লোটে শ্বেৰিঙে আদৰণি জনায়।

মোদীয়ে থিম্ফুত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰে।

ইয়াৰ পাছত মোদীয়ে শ্বেৰিঙৰ সৈতে এক বৈঠকত মিলিত হয়।

বৈঠকত ভাৰত-ভূটানৰ মাজৰ সহযোগিতাক সম্প্ৰসাৰিত কৰাৰ বিষয়ে বিতং আলোচনা কৰা হয়।

বৈঠকত দুয়োগৰাকী নেতাই ৰাষ্ট্ৰ দুখনৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে ১০খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।

ভূটানত ডিজিটেল ক্রয় মাধ্যম ‘ৰুপে’ উন্মোচন মুকলি কৰাৰ মুহূৰ্তত প্ৰধান মন্ত্ৰী মোদী।

মহাকাশ গৱেষণা, তথ্য প্ৰযুক্তি, বিমান পৰিবহন, শক্তি তথা শিক্ষাখণ্ডক এই চুক্তিত সামৰি লোৱা হৈছে।

বৈঠকৰ পাছত এক যৌথ বিবৃতিত ভাৰতৰ প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে অৰ্থনৈতিক তথা সাংস্কৃতিক দিশত দুয়োখন ৰাষ্ট্ৰৰ সম্পৰ্ক অধিক উন্নত কৰাৰ সুযোগ আছে।

মোদীয়ে শ্বেৰিঙৰ সৈতে মাংডেশ্বু জলবিদ্যুৎ প্ৰকল্পৰ লগতে ভাৰত-ভূটান জলবিদ্যুৎ সহযোগিতাৰ পাঁচ দশক পূৰ্তি উপলক্ষে স্মাৰক টিকটো উন্মোচন কৰে।

প্ৰধান মন্ত্ৰী মোদীয়ে ঐতিহাসিক ছিমটোখা জঙত সামগ্ৰী ক্ৰয় কৰি দেশখনৰ ডিজিটেল ক্ৰয় মাধ্যম ‘ৰুপে’ কাৰ্ডো মুকলি কৰে।

ইয়াৰ দ্বাৰা দুয়োখন দেশৰ ডিজিটেল লেনদেন, বাণিজ্য তথা পৰ্যটনৰ সহযোগিতা বৃদ্ধি হোৱাৰ আশা কৰা হৈছে।

নেতা দুগৰাকীয়ে ইছৰোৱে নিৰ্মাণ কৰা গ্ৰাউণ্ড আৰ্ছ ষ্টেশ্যনো মুকলি কৰে।

প্ৰধান মন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ শিক্ষানুষ্ঠানসমূহৰ মাজত সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

দেওবাৰে মোদীয়ে ৰয়েল য়ুনিভাৰ্ছিটিৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰিব।