NORTHEAST NOW (Assamese)

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm · এন ই নাও নিউজ. গুৱাহাটী

সুদীৰ্ঘ চাৰি বছৰৰ বিৰতিৰ অন্তত ভাৰতীয় ক্ৰিকেট দলে পুনৰ বাংলাদেশ ভ্ৰমণ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ছেপ্টেম্বৰ মাহত বাংলাদেশৰ মাটিত তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচৰ এখন শৃংখলাত অংশগ্ৰহণ কৰিব পাৰে ভাৰতীয় দলটোৱে। ভাৰতৰ এই সাম্ভাব্য বাংলাদেশ ভ্ৰমণৰ বাবে আফগানিস্তানৰ বিৰুদ্ধে হ’বলগীয়া টি-২০ শৃংখলাটো কেইদিনমানৰ বাবে পিছুৱাই দিয়াৰ সম্ভাৱনা আছে।

 

উল্লেখযোগ্য যে, ২০২৫ চনৰ জুলাই মাহতেই ভাৰতীয় ক্ৰিকেট দলটোৱে বাংলাদেশ ভ্ৰমণ কৰাৰ কথা আছিল। কিন্তু সেই সময়ত চুবুৰীয়া ৰাষ্ট্ৰখনত সৃষ্টি হোৱা তীব্ৰ ৰাজনৈতিক অস্থিৰতা আৰু বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ভাৰত বিৰোধী মনোভাৱৰ বাবে শৃংখলাটো স্থগিত ৰখা হৈছিল। বৰ্তমান বাংলাদেশ ক্ৰিকেট ব’ৰ্ড আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ মাজত এই স্থগিত হোৱা শৃংখলাটোক লৈ নতুনকৈ আলোচনা আৰম্ভ হৈছে আৰু ছেপ্টেম্বৰ মাহত দুয়োখন দেশৰ মাজত এই শৃংখলাটো অনুষ্ঠিত হোৱাৰ দিশত বিচিবিৰ বিষয়ববীয়াসকল যথেষ্ট আশাবাদী হৈ পৰিছে।

 

ভাৰতৰ বিৰুদ্ধে হ’বলগীয়া এই শৃংখলাটোৰ বাবে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে ইতিমধ্যে সম্প্ৰচাৰ স্বত্ব বিক্ৰীৰ প্ৰস্তুতিও আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত বিচিবিৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে তেওঁলোক শৃংখলাটোক লৈ আশাবাদী। যদিও বিচিচিআইৰ পৰা এতিয়ালৈকে কোনো সেউজ সংকেত লাভ কৰা নাই, তথাপিও ভাৰতীয় ব’ৰ্ডে দল নপঠায় বুলি কোনো কথা কোৱা নাই বুলি তেওঁ উল্লেখ কৰে। অতি শীঘ্ৰেই বিচিচিআইৰ পৰা এক ইতিবাচক সঁহাৰি লাভ কৰিব বুলিও বিষয়াগৰাকীয়ে আশা প্ৰকাশ কৰে।

 

ইপিনে, বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সভাপতি তামিম ইকবালো শেহতীয়াকৈ স্কটলেণ্ডত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আইচিচি) বৈঠকত অংশগ্ৰহণ কৰি ভাৰত-বাংলাদেশ শৃংখলা আয়োজনৰ সন্দৰ্ভত ইতিবাচক ইংগিত লাভ কৰিছে। বিচিবিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই তামিম ইকবালে ভাৰতৰ সৈতে ক্ৰিকেটীয় সুসম্পৰ্ক বজাই ৰাখিবলৈ আগ্ৰহী বুলি স্পষ্ট কৰি দিছিল।

 

পূৰ্বৰ সূচী অনুসৰি, ভাৰতীয় দলে ১৩ ছেপ্টেম্বৰৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে সীমিত অভাৰৰ শৃংখলা খেলাৰ কথা আছিল। কিন্তু যদিহে ভাৰতে বাংলাদেশ ভ্ৰমণ কৰে, তেন্তে আফগানিস্তানৰ বিৰুদ্ধে শৃংখলাটো কেইদিনমান পিছুৱাই ১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব পাৰে। এনে হ’লে শ্ৰীলংকা ভ্ৰমণৰ পিছত বাংলাদেশ শৃংখলাৰ বাবে ভাৰতীয় দলে সময় লাভ কৰিব। অৱশ্যে চাৰি বছৰৰ অন্তত ভাৰতীয় দলৰ এই বাংলাদেশ ভ্ৰমণ বাস্তৱায়িত হ’লে ক্ৰিকেটাৰসকলৰ জিৰণিৰ সময় যথেষ্ট হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে। বৰ্তমান সকলোৰে দৃষ্টি বিচিচিআইৰ পৰৱৰ্তী সিদ্ধান্তৰ ওপৰত নিৱদ্ধ হৈ আছে।

Related News