চলিত মাহত অনুষ্ঠিত হ’ব ভাৰত-বাংলাদেশ যুটীয়া পৰামৰ্শ আয়োগৰ বৈঠক

ভাৰত আৰু বাংলাদেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক  সম্বন্ধে দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰ্যালয় পৰ্যায়ত এখন যুটীয়া পৰামৰ্শদাতা আয়োগৰ বৈঠক শীঘ্ৰেই অনুষ্ঠিত হ’ব।

অনলাইন মাধ্যমত অনুষ্ঠিত হ’বলগীয়া বৈঠকখন চলিত মাহৰ ভিতৰতে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বাংলাদেশী বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমিনৰ সৈতে এই সম্বন্ধে ফোনযোগে আলোচনা কৰে।

”বাংলাদেশৰ বৈদেশিক মন্ত্ৰী ড০ আব্দুল মমিনৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হয় আৰু দুয়োখন দেশে শীঘ্ৰে এক বৈঠকত অংশগ্ৰহণৰ বাবে সন্মতি প্ৰকাশ কৰে,” জয়শংকৰে এইদৰে টুইট কৰে।

যুটীয়া পৰামৰ্শদাতা আয়োগৰ বৈঠকত দুয়োখন দেশৰ মাজত চলি থকা প্ৰকল্প আৰু হ’বলগীয়া প্ৰকল্প সমূহৰো ওপৰতো চৰ্চা কৰা হ’ব বুলি জয়শংকৰে জানিবলৈ দিয়ে।

আনহাতে, দুয়োখন দেশৰ মাজত চলি থকা প্ৰকল্প সমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এখন উচ্চস্তৰীয় সমিতিও গঠন কৰা হ’ব যিয়ে প্ৰকল্পৰ কাম সমূহ চোৱা-চিতা কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব।

ভাৰত আৰু বাংলাদেশৰ মাজৰ পঞ্চমখন যুটীয়া পৰামৰ্শদাতা আয়োগৰ বৈঠক বিগত বৰ্ষৰ ৮ ফেব্ৰুৱাৰিত অনুষ্ঠিত হৈছিল।