NORTHEAST NOW (Assamese)

ৰোমাঞ্চকৰ মেচ! চিপকত ইংলেণ্ডৰ বিৰুদ্ধে অনবদ্য ইনিংছ খেলি ভাৰতক জয়ৰ তিলক পিন্ধালে ভাৰ্মাই!

January 26, 2025 8:42 am · এন ই নাও নিউজ, গুৱাহাটী

ইডেনত অনুষ্ঠিত প্ৰথমখন খেলত ভাৰতীয় দলৰ স্পিন ঘূৰ্ণীৰ সন্মুখত অসহায়ভাৱে আত্মসমৰ্পণ কৰিছিল ইংলেণ্ডে। সেই সময়ত বহুতে হয়তো ভাবিছিল যে চিপক পিচ্চত ইংলেণ্ড আৰু অধিক দুৰ্যোগৰ সন্মুখীন হব। ভাৰতে পুনৰ একপক্ষীয়ভাৱে জয়লাভ কৰিব। অৱশ্যে সেয়া নহল।

শনিবাৰে চিপকত জয়ৰ লক্ষ্যত উপনীত হ’বলৈ টিম ইণ্ডিয়াই কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল। শেষত তিলক ভাৰ্মাৰ অনবদ্য ইনিংছেৰে গম্ভীৰ ব্ৰিগেডে ২ উইকেটত কষ্টোপাৰ্জিত জয় নিশ্চিত কৰে।

ভাৰতৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে শনিবাৰে টছত জয়লাভ কৰি প্ৰত্যাশিতভাৱে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। বাটলাৰ আৰু কাৰ্চৰ যুঁজাৰু ইনিংছত নিৰ্ভৰ  কৰি স্পিন ফ্ৰেণ্ডলী পিটছত ইংলেণ্ডে ১৬৫ ৰান সংগ্ৰহ কৰে। বাটলাৰে ৪৫ ৰান সংগ্ৰহ কৰে। শেষত কাৰ্চে ১৭টা বলত ৩১ ৰান সংগ্ৰহ কৰে।

ইডেনতকৈ চিপকত ভাৰতীয় স্পিনাৰৰ সৈতে মোকাবিলা কৰাত ইংৰাজ বেটছমেনসকলক অধিক স্বচ্ছন্দ দেখা গৈছিল। ইয়াৰ পিছতো অক্ষৰ পেটেলে ৩২ ৰানত দুটা উইকেট দখল কৰে। বৰুণ চক্ৰৱৰ্তীয়েও ৩৮ ৰানত দুটা উইকেট দখল কৰে।

১৬৬ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে অস্বস্তিকৰ আৰম্ভণি কৰে। পূর্বৰ মেচখনত দুৰ্দান্ত ইনিংছ খেলা অভিষেক শর্মাই মাত্র ৫ ৰানতে পেভিলিয়নলৈ উভতি যায়৷ সঞ্জু ছেমচনো খৰধৰকৈ উভতিল। সূৰ্যকুমাৰ যাদৱেও মাত্ৰ ১২ ৰান কৰিয়েই উভতি যায়। ধ্ৰুৱ জুৰেল আৰু হাৰ্দিক পাণ্ডিয়াও ব্যৰ্থ হয়।

এটা সময়ত টিম ইণ্ডিয়াই ৭৮ ৰানত ৫টা উইকেট হেৰুৱাই চাপত পৰিছিল। তাৰ পৰা তিলক ভাৰ্মাই ৱাশ্বিংটন সুন্দৰৰ সৈতে মেচলৈ উভতি আহিল। সুন্দৰ ২৬ ৰানত আউট হোৱাৰ পাছত পুনৰ চাপত পৰে ভাৰত। টেইলেণ্ডাৰক লগত লৈয়েই তিলক ভাৰ্মাই যুঁজখন অব্যাহত ৰাখিলে। শেষত চাৰিটা বল বাকী থকা অৱস্থাত টিম ইণ্ডিয়াই জয়ৰ লক্ষ্যত উপনীত হয়। ৭২ ৰানত অপৰাজিত হৈ থাকে তিলক। ৫টা বলত ৯ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলে ৰবি বিষ্ণোই।

ইডেন গাৰ্ডেনৰ পিছত চিপকত জয়লাভ কৰি টি-২০ শৃংখলাত ভাৰতে ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে। ছিৰিজৰ পৰৱৰ্তী ৩ খন খেল ৰাজকোট, পুনে আৰু মুম্বাইত অনুষ্ঠিত হোৱাৰ কথা।

সংক্ষিপ্ত স্কোৰঃ

ইংলেণ্ড: ১৬৫-৯ (বাটলাৰ ৪৫, কাৰ্চ ৩১)

ভাৰতঃ ১৬৬-৮ (তিলক ভাৰ্মা ৭২*, ৱাশ্বিংটন সুন্দৰ ২৬)

ভাৰতে ২ উইকেটত জয়লাভ কৰে।

Related News