• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

India vs England T-20: দলীয় প্ৰদৰ্শনৰ সুফল; দ্বিতীয় টি-২০ত ইংলেণ্ডক হৰুৱাই ভাৰতৰ শৃংখলা দখল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2022 9:41 am
ফটো সৌজন্য: বিচিচিআই টুইটাৰ।

ফটো সৌজন্য: বিচিচিআই টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

India beat England by 49 runs আৰু এখন মেচ, আৰু এক জয়। সীমিত অভাৰৰ ক্ৰিকেটত ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে যেন জয়ৰ অভ্যাস গঢ়ি তুলিছে। ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় খন টি-২০ত টীম ইণ্ডিয়াই একেধৰণে জয়লাভ কৰে। ভাৰতৰ দলীয় প্ৰদৰ্শনে ইংলেণ্ডক একপ্ৰকাৰ বিধ্বস্ত কৰি দিয়ে। ফলস্বৰূপে ৰোহিত শৰ্মা বাহিনীয়ে এখন মেচ বাকী থকা অৱস্থাত তিনিখন খেলৰ শৃংখলাটো দখল কৰে।

ইংলেণ্ডৰ অধিনায়ক বাটলাৰে টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰি ভাৰতে এক সুন্দৰ আৰম্ভণি কৰে। ঋষভ পন্তে অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে ইনিংছ অপেনিং কৰে। ভাৰতে মাত্ৰ ৪ অভাৰ ৫ টা বলতে প্ৰথম উইকেটৰ যুটীত ৪৯ ৰাণ সংগ্ৰহ কৰে। পঞ্চম অভাৰৰ শেষ বলটোত ৩১ ৰাণ কৰি ৰোহিত পেভেলিয়নলৈ উভতি যায়।

ফটো সৌজন্য: বিচিচিআই টুইটাৰ।

অধিনায়কৰ উইকেটৰ পিছত ভাৰতৰ ইনিংছৰ ছন্দ হেৰাই যোৱা যেন লাগিছিল। দীপক হুডাৰ ঠাইত বিৰাট কোহলীক প্ৰথম একাদশত সুযোগ দিয়া হৈছিল। কিন্তু প্ৰাক্তন অধিনায়কজন পুনৰ হতাশ কৰে। তেওঁ মাত্ৰ ১ৰাণহে সংগ্ৰহ কৰে। পন্টো ৰাণ আউট হৈ যায়।

সূৰ্যকুমাৰ, হাৰ্দিক পাণ্ডিয়াই চেষ্টা কৰে যদিও বেছি প্ৰতিৰোধ আগবঢ়াব নোৱাৰিলে। শেষত জাদেজাই অপৰাজিত ৪৬ ৰাণৰ ইনিংছ খেলি খেলৰ গতি সলনি কৰে। তেওঁৰ ইনিংছৰ বাবেই ভাৰতে মুঠতে ৮ উইকেটত ১৭০ ৰাণ সংগ্ৰহ কৰে।

ফটো সৌজন্য: বিচিচিআই টুইটাৰ।

ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডে দৰ্বল আৰম্ভণি কৰে। নতুন বলৰ সৈতে দুৰ্দান্ত ফৰ্মত থকা ভুৱনেশ্বৰ কুমাৰে প্ৰথম বলটোতেই ইংলেণ্ডৰ ইনিংছত আঘাত হানে। জেচন ৰয় শূন্য ৰাণত উভতি যায়। অধিনায়ক বাটলাৰো ভুৱিৰ চিকাৰ হয়। তেওঁ সংগ্ৰহ কৰে মাত্ৰ চাৰি ৰাণ। মালান আৰু লিভিংষ্টনে যুটীয়ে প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰে যদিও সেয়া যথেষ্ট নহ’ল। মালানে ১৯ আৰু লিভিংষ্টোন ১৫ ৰাণত উভতি যায়। ব্ৰুক আৰু চেম কুৰানো সোনকালেই পেভেলিয়নলৈ ওভতে।

ফটো সৌজন্য: বিচিচিআই টুইটাৰ।

দৰাচলতে, ইংলেণ্ডে আৰম্ভণিৰ পৰাই নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱায়। অৱশেষত, মইন আলী আৰু ডেভিদ ৱিলিয়ে অলপ যুঁজ দিয়ে যাৰ ফলত ইংলেণ্ডে ১০০ ৰাণৰ সীমা অতিক্ৰম কৰে। অৱশেষত ইংলেণ্ডৰ ইনিংছ মাত্ৰ ১৭ অভাৰত ১২১ ৰাণত সমাপ্ত হয়।

ভুৱনেশ্বৰ কুমাৰে ভাৰতৰ হৈ মাত্ৰ ১৫ ৰাণত ৩ টা উইকেট দখল কৰে। বুমৰাহ আৰু চাহালে লাভ কৰে দুটাকৈ উইকেট। হাৰ্দিক আৰু হৰ্ষল পেটেলে এটাকৈ উইকেট দখল কৰে।

.@BhuviOfficial put on an impressive show with the ball & bagged the Player of the Match award as #TeamIndia beat England by 49 runs to take an unassailable lead in the series. 👏 👏

Scorecard ▶️ https://t.co/e1QU9hlHCk #ENGvIND pic.twitter.com/LxyxgaKZnr

— BCCI (@BCCI) July 9, 2022

এই জয়ৰ লগে লগে ভাৰতে এখন মেচ বাকী থকা অৱস্থাত শৃংখলাটো দখল কৰে। ইয়াৰ সৈতে ৰোহিত শৰ্মাই টি-২০ অধিনায়ক হিচাপে একেৰাহে ১৪ খন মেচ জিকাৰ অভিলেখ গঢ়িছে। নিয়মীয়া অধিনায়ক হোৱাৰ পিছত তেওঁ এতিয়াও টি-২০ত পৰাজয়ৰ সন্মুখীন হোৱা নাই। এই শৃংখলা জয়েৰে ভাৰতেও ইংলেণ্ডৰ বিৰুদ্ধে একেৰাহে চাৰিটা শৃংখলা জয়ৰ এক বিৰল অভিলেখ গঢ়িলে।

সংক্ষিপ্ত স্ক’ৰ:

ভাৰতঃ ১৭০-৮ (জাদেজা ৪৬, ৰোহিত ৩১)

ইংলেণ্ডঃ ১২১ (মইন আলী ৩৫, ভুৱনেশ্বৰ ৩-১৫)

ভাৰত ৪৯ ৰাণত বিজয়ী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

September 18, 2025 3:29 pm
এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm
ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

September 18, 2025 3:29 pm
এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd