ICC World Cup 2023: অপ্ৰতিৰোধ্য ভাৰত! দুটাকৈ শতকৰ পাছত বিৰাট-ৰোহিতৰ বলিং; বিশ্বকাপত নেদাৰলেণ্ডক পৰাস্ত কৰি ৯/৯ টীম ইণ্ডিয়াৰ

প্ৰথমে বেট ধৰি গঢ়িব ৰানৰ পাহাৰ। ইয়াৰ পিছত বলাৰসকলে ধ্বংস কৰিব বিপক্ষৰ বেটিং লাইন আপ। চলিত বিশ্বকাপৰ শেষৰ কেইখনমান মেচত ভাৰতৰ বিজয়ৰ মন্ত্ৰ এয়া। সেই ফৰ্মুলাতেই ভাৰতে দেওবাৰে উৰুৱাই দিলে নেদাৰলেণ্ডক। ৰোহিত বাহিনীয়ে ১৬০ ৰানৰ বিশাল ব্যৱধানত জয়লাভ কৰি ছেমি ফাইনেলৰ প্ৰস্তুতি সম্পূৰ্ণ কৰে। শ্ৰেয়াছ-ৰাহুলৰ শতকৰ পাছত চিন্নস্বামীত বিৰাট কোহলী-ৰোহিত শৰ্মাক বলিং কৰাও দেখা গ’ল। বেটেৰে ইতিহাস ৰচনা কৰা দুই ভাৰতীয় তাৰকাই উইকেটো লাভ কৰিলে।

দুৰ্বল প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে দলক লৈ পৰীক্ষা-নিৰীক্ষা কৰাৰ পথত ভাৰতে আগবঢ়া নাছিল। দলটোৱে নিজৰ শ্ৰেষ্ঠ এঘাৰজনক লৈয়ে খেলপথাৰত প্ৰৱেশ কৰে। আৰম্ভণিৰে পৰা ৰোহিত শৰ্মা আৰু শুভমন গীলে তীব্ৰ গতিৰে ৰান সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। ভাৰতীয় বেটছমেনে উইকেট পতনৰ পিছতো ৰানৰ গতি কমোৱা নাছিল। প্ৰথম তিনিজন বেটছমেনে অৰ্ধশতকৰে খেলপথাৰ এৰে।

প্ৰথম তিনিটা উইকেট পতনৰ পিছত শ্ৰেয়াছ আয়াৰ আৰু কে এল ৰাহুলে ভাৰতীয় ইনিংছটো আকাশচুম্বী স্কোৰলৈ লৈ যায়। দুয়োগৰাকী তাৰকাৰ শতকেৰে ভাৰতে ৪০০ ৰানৰ সীমা অতিক্ৰম কৰে। তাৰকা দুগৰাকীয়ে ২০৮ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ে। ৰোহিত বাহিনীয়ে নেদাৰলেণ্ড়ক ৪১১ ৰানৰ লক্ষ্য প্ৰদান কৰে।

অৱশ্যে কমলা ৰঙৰ জাৰ্চিধাৰীসকলেও সহজেই আত্মসমৰ্পণ কৰা নাছিল। দ্বিতীয় অভাৰত উইকেট হেৰুৱালেও মেক্স ডাউড আৰু কলিন একাৰমেনে খেল ঘুৰাই অনাৰ যুঁজত অৱতীৰ্ণ হয়। এংগেলব্ৰেক্টে ভাল ইনিংছ খেলিলে। ভাৰতীয় মূলৰ তেজা নিদামানুৰুৱে অৰ্ধশতক অৰ্জন কৰে।

কিন্তু শেষত ডাচসকলৰ যুঁজখন ২৫০ ৰানত স্তব্ধ হৈ গ’ল। যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, ৰবীন্দ্ৰ জাদেজাই দুটাকৈ উইকেট লাভ কৰে। ১৬০ ৰানত জয়লাভ কৰি ছেমি ফাইনেল খেলিব অপৰাজিত ভাৰতে।

দেওবাৰৰ খেলখনৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ আছিল ভাৰতৰ বলিং। বিৰাট-ৰোহিতে বুমৰাহ-চিৰাজৰ সৈতে বলিং কৰিলে। দুটা বেটছমেনৰ জোলোঙাত সোমাল দুটা উইকেট। বিৰাটে নেদাৰলেণ্ডৰ অধিনায়ক স্কট এডৱাৰ্ডছক ১৭ ৰানত আউট কৰে। ডাচ দলৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী তেজাক পেভিলিয়নলৈ ঘূৰাই আনি দলটোৰ জয় নিশ্চিত কৰে ৰোহিতে।

একেৰাহে ৯খন মেচত জয়লাভ কৰি বুধবাৰে ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া ২০১৯ চনৰ বিশ্বকাপৰ প্ৰতিশোধ পূৰণ হ’বনে?