India vs New Zealand: ৰোহিত-ৰাহুলৰ দমনীয় বেটিঙেৰে দ্বিতীয়খন টী-২০ত ৭উইকেটত জয়ী টীম ইণ্ডিয়া

India vs Newzealand

India vs New Zealand নিউজিলেণ্ডৰ বিৰুদ্ধে ৰাঁচীত শুকুৰবাৰে খেলা দ্বিতীয়খন টী-২০ মেচত ৭ উইকেটত জয়লাভ কৰিছে টীম ইণ্ডিয়াই। ৰোহিত শৰ্মা আৰু কে এল ৰাহুলৰ দমনীয় বেটিঙেৰে অনায়াসে মেচত বিজয় সাৱ্যস্ত কৰে ভাৰতে।

এতিয়া দেওবাৰে ইডেন গাৰ্ডেনত খেলিবলগীয়া ছিৰিজৰ তৃতীয় তথা অন্তিমখন মেচখন একপ্ৰকাৰ নিয়মৰক্ষাৰ খেললৈ পৰিণত হ’ল।

শেহতীয়া টী-২০ বিশ্বকাপত কেন উইলিয়ামছনৰ নেতৃত্বৰ নিউজিলেণ্ডৰ হাতত পৰাজিত হৈয়েই একপ্ৰকাৰ কোহলিৰ টীম ইণ্ডিয়াই বিশ্বকাপৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল।

ইয়াৰ পাছতেই ভাৰতীয় ক্ৰিকেটত আৰম্ভ হয় দ্ৰাবিড়-ৰোহিত যুগৰ আৰু জয়পুৰত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচতেই নতুন টীম-ইণ্ডিয়াই মধুৰ প্ৰতিশোধ লয়।

Also Read: Covid Update ৰাজ্যত নতুনকৈ কিমান লোক আক্ৰান্ত হ’ল কোভিডত; মৃত্যু কিমানৰ?

শুকুৰবাৰে ৰাঁচীত টীম ইণ্ডিয়াই ৰাহুল-ৰোহিতৰ দুৰ্দান্ত প্ৰদৰ্শেনেৰে ছিৰিজ নিশ্চিত কৰে। ৰোহিতে অধিনায়কত্বৰ দায়িত্ব লৈয়ো দলক বিজয় দিব পৰাৰ দৃষ্টান্ত দাঙি ধৰাই নহয়, নিজৰ ২৫তম টী-২০ অৰ্দ্ধশতকো সম্পূৰ্ণ কৰিলে।

ৰোহিত শৰ্মাই ৫৫ আৰু কে এল ৰাহুলে ৬৫ৰাণ কৰে। ৰাঁচীত সূৰ্যকুমাৰ যাদব ব্যৰ্থ হয়। মাত্ৰ ১ৰাণ কৰিয়েই পেভলিয়নলৈ উভতি যায় প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকী।

টিম ছাউডিয়ে ভাৰতীয় বেটিঙত আঘাত হানিবলৈ আৰম্ভ কৰা সময়লৈকে বহু দেৰি হৈ গৈছিল। তদুপৰি, স্ক’ৰবোৰ্ডত ১৫৩ ৰাণৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি দি ভাৰতীয় বেটিঙক প্ৰত্যাহ্বান জনোৱাৰ ভুল কৰি থৈছিল নিউজিলেণ্ডে।

Also Read: Operation against drugs মহানগৰীৰ দাঁতিকাষৰীয়া বৰ্ণিহাটত আৰক্ষীয়ে জব্দ কৰিলে ৪ কোটি টকা মূল্যৰ হেৰ’ইন, তিনিজনক আটক

টছত হাৰি প্ৰথমে বেটিং কৰিবলৈ নামি গুপ্তিল আৰু মিচেলে নিউজিলেণ্ডৰ বাবে আৰম্ভণিটো ভালেই কৰিছিল। দুয়োজনেই ৩১ৰাণকৈ কৰে। কিন্তু ভাৰতীয় পেচ আৰু স্পীনৰ আগত তিষ্ঠিব নোৱাৰিলে নিউজিলেণ্ডৰ মিডল অৰ্ডাৰ।

গ্লেন ফিলিপছে কিছু প্ৰচেষ্টা চলায় যদিও গুৰুত্বপূৰ্ণ সমত হৰ্ষল পেটেলে তেওঁৰ উইকেটটো দখল কৰে। হৰ্ষলে দুটা উইকেট দখল কৰাৰ বিপৰীতে ভুৱনেশ্বৰ, দীপক চাহাৰ, অক্ষৰ পেটেল আৰু অশ্বিনে এটাকৈ উইকেট লাভ কৰে।