• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ICC T-20 World Cup: কোহলিৰ বিৰাট ইনিংছ, হৃদয় জিনিলে হাৰ্দিকে! দক্ষিণ আফ্ৰিকাক হৰুৱাই বিশ্বজয় ৰোহিত বাহিনীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2024 7:54 am
ICC T-20 World Cup: কোহলিৰ বিৰাট ইনিংছ, হৃদয় জিনিলে হাৰ্দিকে! দক্ষিণ আফ্ৰিকাক হৰুৱাই বিশ্বজয় ৰোহিত বাহিনীৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খেলখনৰ শেষ বলটোৰ পাছতে খেলপথাৰত শুই পৰিল ৰোহিত শৰ্মা। হাৰ্দিক পাণ্ডিয়াৰ চকুত চকুপানীৰ ঢল। বাৰ্বাডোছত ষ্টেডিয়ামৰ পৰা মাত্ৰ এটা ধ্বনি ওলাই আহিল, ছক ডে ইণ্ডিয়া। ৰুদ্ধশ্বাস মেচত ভাৰতৰ বিশ্ব জয়। অৱশেষত সেই মুহূৰ্তটো আহিল। ১১ বছৰীয়া অপেক্ষাৰ অন্ত পৰিল। দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতে টী-২০ বিশ্বকাপ জয় কৰিলে।

 শনিবাৰে বাৰ্বাডোছৰ কেনচিংটন অ’ভেলত ৭ ৰানত জয়লাভ কৰে ৰোহিতে। শেষৰ অভাৰত ১৬ ৰানৰ প্ৰয়োজন হৈছিল।হাৰ্দিক পাণ্ডিয়াৰ বলত বাউণ্ডেৰী লাইনত সূৰ্যকুমাৰ যাদৱৰ দুৰ্ধৰ্ষ কেচ। নিঃসন্দেহে বগা বল ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ কেচ। মিছ কৰিলেই ছয়। সকলোকে আচৰিত কৰি তুলি কেচ হাতত বন্দী কৰিলে সূৰ্য্যই। তাতেই পকেটত সোমাল মেচ।

হাৰ্দিক পাণ্ডিয়াই পার্থক্য গঢ়িলে। প্রায় পৰাজয়ৰ মুখৰ পৰা তেওঁ দেশক জয়ী কৰিলে৷ হাইনৰিখ ক্লাচেন আৰু ডেভিদ মিলাৰৰ দুটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি হাৰ্দিকে ভাৰতৰ বিশ্বকাপ জয় নিশ্চিত কৰে। খেলখনৰ সৰ্বোচ্চ ৰান বিৰাট কোহলিৰ। তেওঁ ৫৯টা বলত ৭৬ ৰান সংগ্ৰহ কৰে। বাৰ্বাডোছত এখন উপভোগ্য ফাইনেল। য’ত ক্ৰিকেটৰ জয় হ’ল।

ফটো সৌজন্যঃ আইচিচি।

২০১৩ চনৰ পিছত ভাৰতৰ প্ৰথমটো আইচিচি ট্ৰফী জয়। ২০১১ চনৰ পিছত প্ৰথম বিশ্বকাপ। ধোনিৰ পিছত ৰোহিতৰ নেতৃত্বত বিশ্ব চেম্পিয়নশ্বিপ লাভ কৰিলে। ভাৰতৰ মুঠ চাৰিবাৰ। দুবাৰ এদিনীয়া বিশ্বকাপ, টী-২০ বিশ্বকাপ দুবাৰ। ২০০৭ চনত অনুষ্ঠিত হোৱা উদ্বোধনী টী-২০ বিশ্বকাপৰ পিছত পুনৰ চেম্পিয়ন হৈছে টীম ইণ্ডিয়া।

অপৰাজিত চেম্পিয়ন হিচাপে নতুন অভিলেখ গঢ়িলে ৰোহিত বাহিনীয়ে। ঠিক সাত মাহ দহ দিন পূৰ্বে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত স্বপ্নভংগৰ নিশাটোৰ যন্ত্ৰণাৰ উপশম ঘটিল ৰোহিত শৰ্মা, বিৰাট কোহলীৰ দলটোৰ। অৱশেষত সুদূৰ কেৰিবিয়ান দ্বীপপুঞ্জত সপোনটো বাস্তৱায়িত হ’ল। যোৱা কেইবছৰমানৰ পৰা ৰোহিতে দলটোক যিদৰে নেতৃত্ব দিছে, আইচিচিৰ ট্ৰফীৰ যোগ্য আছিল। হিটমেন কেৱল অধিনায়কৰ খিতাপতে সীমাবদ্ধ নহয়। তাৰ ওপৰতো তেওঁ এজন যোগ্য ‘নেতা’ হৈ পৰিছে। প্ৰাপ্য স্বীকৃতি লাভ কৰিলে।

অৱশেষত বিদায় বেলাত ৰাহুল দ্ৰাবিড়ে বিশ্বকাপ জয় কৰিলে। ৰোহিত-বিৰাটৰ যুটিৰ বাবে প্ৰথম বিশ্বকাপ। আহমেদাবাদৰ এই আধৰুৱা সপোন বাৰ্বাডোছত বাস্তৱায়িত হ’ল। প্ৰথমে বেটিং কৰি ভাৰতে ৭টা উইকেট হেৰুৱাই ১৭৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত দক্ষিণ আফ্ৰিকাই ৮টা উইকেট হেৰুৱাই ১৬৯ ৰানতে ৰৈ যায়। মেন অৱ দ্য মেচ বিৰাট কোহলি।

ফটো সৌজন্যঃ আইচিচি।

‘ভিনটেজ’ বিৰাট কোহলি ফাইনেল জয়ৰ অন্যতম নেতা। তেওঁ বেটেৰে দুয়োটা দলৰ মাজত পাৰ্থক্য আনিলে। তেওঁ ৫৯টা বলত ৭৬ ৰান সংগ্ৰহ কৰে। ইনিংছত ২টা ছয়, ৬টা চাৰি। গোটেই বিশ্বকাপত তেওঁৰ ৰান নোপোৱা আৰু বেটিং পজিচনক লৈ ব্যাপক চৰ্চা চলিছিল। প্ৰশ্ন উত্থাপন হয় যে তেওঁ অপেন কৰিব লাগে নে নাই। কিন্তু ফাইনেলৰ মঞ্চত বিৰাট প্ৰদৰ্শন দাঙি ধৰিলে কোহলিয়ে। পাৱাৰ প্লে’ত ভাৰতে দ্ৰুতগতিত ৩টা উইকেট হেৰুওৱাৰ পিছত পুৰণি কোহলিক বিচাৰি পালে। সাৱধানে ইনিংছ খেলিলে। কোনো ৰিস্ক লোৱা নাছিল। উইকেটৰ মাজত দৌৰাত গুৰুত্ব দিলে।

কোহলিয়ে অক্ষৰ পেটেলক উইকেটৰ সিটো মূৰত খেলিবলৈ সুয়োগ দিলে। ভাৰতক পুনৰ মেচলৈ অনাৰ বাবে ভাৰতীয় অল ৰাউণ্ডাৰগৰাকী কৃতিত্বৰ যোগ্য। বিৰাটৰ পৰা চাপ তুলি লৈছিল। ছুপাৰষ্টাৰগৰাকীক নিজৰ গতিৰে খেলিবলৈ দিলে। কোহলি-অক্ষৰৰ যুটিয়ে চতুৰ্থ উইকেটত ৭২ ৰান সংযোজন কৰে। অক্ষৰে ৩১টা বলত ৪৭ ৰান সংগ্ৰহ কৰে। ইনিংছত ৪টা ছয়, ১টা চাৰি।

ভাৰতে ৪.৩ অভাৰত ৩৪ ৰানত ৩ উইকেট হেৰুৱায়। ৰোহিতে ৰান নাপালে। মাত্ৰ ৯টা বলত তেওঁ আউট হয়। ঋষভ পন্ত (০) আৰু সূৰ্যকুমাৰ যাদৱে (৩) দায়িত্বহীনতা প্ৰদৰ্শন কৰে। দুয়োজনে বিসৰ্জন দিলে উইকেট। শেষত শিৱম ডুবেই ১৬টা বলত গুৰুত্বপূৰ্ণ ২৭ ৰান সংযোজন কৰে। ভাৰতে ২০ অভাৰত ৭ উইকেটত ১৭৬ ৰান সংগ্ৰহ কৰে।

ফটো সৌজন্যঃ আইচিচি।

ইয়াৰ প্ৰত্যুত্তৰত বেটিং আৰম্ভ কৰিয়েই দক্ষিণ আফ্ৰিকাই উজুটি খায়। মাত্ৰ ১২ ৰানত দুটা উইকেট হেৰুৱালে। উভতি যায় ৰেজা হেণ্ড্ৰিক্স (৪), আইডেন মাৰ্ক্ৰাম (৪)। ট্ৰিষ্টান ষ্টাবছৰ সৈতে তৃতীয় উইকেটত কুইণ্টন ডি ককে ৫৮ ৰান সংগ্ৰহ কৰে। ২১টা বলত ৩১ ৰান কৰি আউট হয় ষ্টাবছ। ডি’ককে এটা দিশ ধৰি ৰাখে। উইকেটৰ আনটো মূৰত ৰুদ্ৰমূৰ্তি ধৰিলে হেইনৰিক ক্লাচেনে। ডি কক, ক্লাচেনে বেট কৰাৰ সময়ত ভাৰত বেকফুটত গুচি যায়। এটা সময়ত এনে লাগিছিল যেন মেচখন ভাৰতৰ হাতৰ পৰা ওলাই গ’ল। ক্লাচেনে দুৰ্দান্ত খেলিছিল।

বল আৰু ৰান প্ৰায় সমান সমান আছিল। উইকেটত ক্লাচেন থকালৈকে ভাৱ হৈছিল যে মেচখন ভাৰতৰ হাতৰ পৰা পিছলি গ’ল। কিন্তু ক্লাচেন আউট হোৱাৰ লগে লগে ভাৰত মেচলৈ ঘূৰি আহিল। ৰোহিত বাহিনীক পুনৰ মেচলৈ ঘুৰাই আনে হাৰ্দিকে। ক্লাচেনে ৫টা ছয় আৰু ২টা চাৰিৰ সহায়ত ২৭টা বলত ৫২ ৰান সংগ্ৰহ কৰি আউট হয়। উইকেটৰ পিছফালে হাৰ্দিকৰ বলত কেচ ধৰে পণ্টে।

ফটো সৌজন্যঃ আইচিচি।

এয়াই মেচখনৰ টাৰ্নিং পইণ্ট। ডেভিদ মিলাৰে দলটোক বিজয় আনি দিব নোৱাৰিলে। শেষৰ অভাৰত ব্যক্তিগত ২১ ৰান সংগ্ৰহ কৰি ঘূৰি আহিছিল কিলাৰ মিলাৰ। এক অভাৰত অক্ষৰে দিয়া ২৩ ৰানে ভাৰতক বেকফুটলৈ ঠেলি দিছিল। কিন্তু বুমৰাহ, হাৰ্দিক, অৰ্শদীপে দলটোক জয় আনি দিলে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

August 18, 2025 4:57 pm
মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

August 18, 2025 3:33 pm
শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

August 18, 2025 3:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

August 18, 2025 4:57 pm
মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd