ৱেষ্ট ইণ্ডিজৰ পিছত এইবাৰ শ্ৰীলংকাৰ বিৰুদ্ধেও টী-২০ শৃংখলা দখল কৰিলে ভাৰতে। তিনিখন মেচৰ শৃংখলাটো টীম ইণ্ডিয়াই ৩-০ ব্যৱধানত হস্তগত কৰে। তিনিওখন মেচতে অৰ্দ্ধশতক কৰি শৃংখলাৰ শ্ৰেষ্ঠ বিবেচিত হয় শ্ৰেয়াস আয়াৰ।
দেওবাৰে ধৰমশালাত টছত জিকি প্ৰথমতে বেটিঙৰ সিদ্ধান্ত লয় শ্ৰীলংকাৰ অধিনায়ক সনকাই। আৰম্ভণিতেই আবেশ খান, ছিৰাজ বাহিনীৰ বিধ্বংসী বলিঙত তিষ্ঠিবই নোৱাৰিলে শ্ৰীলংকাৰ শীৰ্ষ ক্ৰমৰ বেটাৰসকল।
মাত্ৰ ২৯ৰাণতে চাৰিটা উইকেট হেৰুৱাই ভ্ৰমণকাৰী শ্ৰীলংকাই। আবেশ খানে দুটা উইকেট দখল কৰে। এটাকৈ উইকেট পায় ছিৰাজ, হৰ্ষল পেটেল আৰু ৰবি বিষ্ণই।
লগতে পঢ়ক: পাৰমাণৱিক আক্ৰমণৰ ভাবুকি: অৱশেষত ৰাছিয়াৰে আলোচনাৰ বাবে সন্মত হ’ল ইউক্ৰেইন
শ্ৰীলংকাৰ হৈ ছয় নম্বৰত বেটিং কৰিবলৈ নামি অধিনায়ক সনকাই দলৰ ৰাণ সংখ্যা সন্মানজনক স্থিতিলৈ লৈ যায়। তেওঁ ৩৮টা বলত ৭৪ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলে। শ্ৰীলংকাই ৫টা উইকেট হেৰুৱাই মুঠ ১৪৬ৰাণ কৰে।
টী-২০ শৃংখলাটোৰ প্ৰথমখন মেচত অপৰাজিত ৫৭ৰাণ আৰু দ্বিতীয়খনত অপৰাজিত ৭৪ৰাণ কৰা শ্ৰেয়াস আয়াৰে দেওবাৰে তৃতীয়খন মেচতো অপৰাজিত ৭৩ৰাণৰ এক দমনীয় ইনিংছ খেলি ভাৰতক ভাৰতক বিজয় আনি দিয়ে।
দেওবাৰে অধিনায়ক ৰোহিত শৰ্মা আৰু সঞ্জু ছেমছনে অপেনিং কৰিবলৈ নামি বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে। ৰোহিতে ৫ৰাণ আৰ ছেমছনে ১৮ৰাণ কৰি পেভলিয়নমুখী হয়।
কিন্তু শ্ৰেয়াস আয়াৰৰ বেটিং ধুমুহাত তচনচ হৈ পৰে শ্ৰীলংকাৰ বলিং আক্ৰমণ। ভাৰতে ১৬.৫ অভাৰতে ৪টা উইকেটৰ বিনিময়ত ১৪৮ৰাণ কৰি মেচখনত ৬ উইকেটত বিজয় সাৱ্যস্ত কৰে।
অধিনায়ক হিচাপে নেতৃত্ব লাভ কৰাৰ পিছতে হিটমেন ৰোহিত শৰ্মাই একেৰাহে তিনিটা শৃংখলা বিজয়েৰে আশাতীত সফলতা লাভ কৰিছে।