ICC T-20 World Cup: টী-২০ বিশ্বকাপত জয়ৰ হেট্ৰিকেৰে অপ্ৰতিৰোধ্য ভাৰত; আমেৰিকা যুক্তৰাষ্ট্ৰকো হৰুৱালে ভাৰতে

টী-২০ বিশ্বকাপত ভাৰত অপ্ৰতিৰোধ্য গতিত আগবাঢ়িছে। এতিয়ালৈকে খেলা তিনিওখন মেচতে জয়লাভ কৰিছে মেন ইন ব্লুয়ে। আয়াৰলেণ্ড, পাকিস্তানৰ পিছতে আয়োজক দেশ আমেৰিকা যুক্তৰাষ্ট্ৰকো পৰাস্ত কৰিলে ৰোহিত বাহিনীয়ে। ইয়াৰ লগতে ভাৰতীয় দলটোৱে ছুপাৰ এইটতো স্থান নিশ্চিত কৰে।

চলিত আইচিচি টী- ২০ বিশ্বকাপ ২০২৪ত নিউয়ৰ্কৰ নাছাউ ষ্টেডিয়াম পেচাৰসকলৰ বাবে স্বৰ্গৰাজ্যত পৰিণত হৈছে। বুধবাৰে তাতেই দৃষ্টি আকৰ্ষণ কৰিলে অৰ্শদীপ সিঙে। যুৱ পেচাৰগৰাকীয়ে চাৰি অভাৰত মাত্ৰ ৯ ৰানহে দি ৪টা উইকেট দখল কৰে।

বুধবাৰে কোনো উইকেট নাপালেও যশপ্ৰীত বুমৰাহ-মহম্মদ ছিৰাজহঁতে মিতব্যয়ী বলিং কৰে। অৱশ্যে অ’পেনাৰৰ ফৰ্ম ভাৰতীয় অনুৰাগীৰ বাবে চিন্তাৰ কাৰণ হ’ব পাৰে। পাকিস্তানৰ মেচখনৰ দৰে ইয়াতো ৰোহিত-বিৰাটে চমক দেখুৱাব নোৱাৰিলে।

ফটো সৌজন্যঃ আইচিচি।

টছত জয়ী হৈ ৰোহিতে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। দলটোৰ চাৰিজন পেচাৰে আৰম্ভণিৰে পৰাই আমেৰিকাৰ বেটিং লাইন আপক একেবাৰে ধৰাশায়ী কৰি পেলাইছিল।হাৰ্ডিক পাণ্ডিয়াই দুটা উইকেট দখল কৰে। লগতে এটা উইকেট পায় অক্ষৰ পেটেলে।

অৱশ্যে ভাৰতীয় বলাৰসকলৰ বিৰুদ্ধে আমেৰিকান বেটছমেনে মাজে মাজেডাঙৰ  শ্বট খেলা দেখা গৈছে। কিন্তু তেনেকৈ ক্ৰীজত টিকি থাকি ইনিংছ গঢ়িব নোৱাৰিলে।

ফটো সৌজন্যঃ আইচিচি।

নিৰ্ধাৰিত ২০ অভাৰৰ শেষত আমেৰিকাই ১১০ ৰান সংগ্ৰহ কৰে। কিন্তু নাছাউৰ কঠিন পিটচত এই ৰান লৈও তীব্ৰ যুঁজ দিয়ে  প্ৰথমবাৰৰ বাবে বিশ্বকাপ খেলা দেশখনে। পাকিস্তান, আয়াৰলেণ্ডক পৰাজিত কৰি অহা আমেৰিকাৰ বিৰুদ্ধে প্ৰথমে ব্যৰ্থ হয় ভাৰতৰ টপ অৰ্ডাৰ।

মাত্ৰ ৪৪ ৰানতে তিনিটা উইকেট হেৰুৱাই উজুটি খাবলৈ আৰম্ভ কৰে টীম ইণ্ডিয়াৰ বেটিং। তাৰ পৰাই সূৰ্যকুমাৰ যাদৱৰ ইনিংছেৰে ভাৰত মেচলৈ ঘূৰি আহে। সূৰ্য্যই অৰ্ধশতক অৰ্জন কৰি অপৰাজিত হৈ থাকি দলৰ জয় নিশ্চিত কৰে।

ফটো সৌজন্যঃ আইচিচি।

সংক্ষিপ্ত স্কোৰঃ

আমেৰিকা যুক্তৰাষ্ট্ৰঃ ১১০/৮ (নীতিশ কুমাৰ ২৭, অৰ্শদীপ ৪/৯)

ভাৰতঃ ১১১/৩ (সূৰ্য্যকুমাৰ যাদব ৫০, শিৱম ৩১)

ভাৰতে ৭ উইকেটত জয়লাভ কৰে।