India beats Pakistan: হাৰ্ডিকৰ নায়কোচিত প্ৰত্যাৱৰ্তন! এছিয়া কাপত পাকিস্তানক ৫ উইকেটত পৰাজিত কৰিলে ভাৰতে

India beats Pakistan by 5 wickets ঠিক দহ মাহ পূৰ্বে এই মৰু চহৰতে পৰাজিত হৈ উভতি আহিব লগা হৈছিল। প্ৰথমবাৰৰ বাবে বিশ্বকাপত পাকিস্তানৰ হাতত পৰাস্ত হোৱাৰ পিছত ভাৰতে কলঙ্কৰ বোজা লৈ স্বদেশলৈ উভতি আহিব লগা হৈছিল। অৱশ্যে বছৰটোৰ ভিতৰতে দুৰ্দান্ত প্ৰত্যাৱৰ্তনৰে অভিশাপ মোচন কৰিলে ভাৰতে!

দেওবাৰে এছিয়ান কাপৰ প্ৰথমখন খেলত ভাৰতে চিৰপ্ৰতিদ্বন্দী পাকিস্তানক নিৰ্দ্ধাৰিত ৰাণৰ লক্ষ্য অনুসৰণ কৰি হাতত দুটা বল বাকী থকা অৱস্থাত ৫ উইকেটত পৰাস্ত কৰে।

ভাৰতৰ বিজয়ত হাৰ্দিক পাণ্ডিয়া প্ৰত্যাৱৰ্তনৰ নায়ক হিচাপে আত্মপ্ৰকাশ কৰে। তেওঁ প্ৰথমে বল হাতত লৈ ৩ টা উইকেট লয়। তাৰ পিছত বেটেৰে ভাৰতীয় ইনিংছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ইনিংছ খেলি মাত্ৰ ১৭ টা বলত ৩৩ ৰাণ কৰে। তেওঁ নিজস্ব ভংগীমাৰে এটা ছয় মাৰি ভাৰতক বিজয়ৰ সোৱাদ দিয়ে।

প্ৰায় ১৫০ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে আৰম্ভণিতে উইকেট হেৰুৱায়। শ্বাহিন আফ্ৰিদিৰ অনুপস্থিতিত নাছিম শ্বাহ তেওঁৰ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছিল। প্ৰথম অভাৰৰ দ্বিতীয় বলটোতে আউট হয় ৰাহুল।

তাৰ পিছত কোহলী-ৰোহিত যুটিটোৱে ৪৯ ৰাণত উপনীত হোৱাৰ সময়ত ৰোহিত (১২)ছন্দ হেৰুৱাই পেভলিয়নলৈ গতি কৰিছিল। বিপৰীতে কোহলীয়ে (৩৫) দলটোক আত্মবিশ্বাস দি ইনিংছ আগবঢ়াই নিছিল। অৱশ্যে একেৰাহে দুজনকৈ তাৰকা উভতি যোৱাৰ পিছত ভাৰত ৫৩/৩ শলঠেকত পৰিছিল।

মাজৰ অভাৰত জাদেজা-সূৰ্যকুমাৰে ভাৰতীয় ইনিংছৰ দায়িত্ব চম্ভালি লয়। অৱশ্যে নাছিম শ্বাহে ১৫ তম অভাৰত সূৰ্যকুমাৰক ক্লিন বল্ড কৰি খেলখনত অনিশ্চয়তা আনি দিয়ে। কিন্তু তাৰ পিছতে হাৰ্ডিক পাণ্ডিয়াৰ আৱিৰ্ভাৱে সকলো সলনি কৰি দিলে।

এক অনিশ্চিত পৰিস্থিতিৰ পৰা ভাৰতক জয়ৰ সোৱাদ দি খেলপথাৰ এৰিছিল হাৰ্ডিকে। শেষৰ চাৰি অভাৰত ভাৰতক ৪১ ৰাণৰ প্ৰয়োজন আছিল। পাকিস্তানী পেচাৰসকলে বেক অফ দ্য লেংথত বল কৰি গৈছিল।

শেষ অভাৰত মহম্মদ নৱাজৰ বলত ব’ল্ড হোৱাৰ পিছত জাদেজা পেভিলিয়নলৈ উভতি আহিব লগা হয়। শেষৰ পাঁচটা বলত জিকিবলৈ সাত ৰাণৰ প্ৰয়োজন হয়। অৱশ্যে হাৰ্দিকে ভাৰতক জয়ৰ বাবে দীঘলীয়া সময় অপেক্ষা কৰাবলৈ সাজু নাছিল। অভাৰৰ চতুৰ্থ বলটোত হাৰ্ডিকে বেক অফ দ্য লেংথৰ বলটো মিড-উইকেটৰ ওপৰেৰে ছয় মাৰি খেলখনৰ সমাপ্ত ঘটায়।

ইয়াৰ পূৰ্বে পাকিস্তানে সম্পূৰ্ণ ২০ অভাৰ বেটিং কৰিব নোৱাৰিলে। অধিনায়ক ৰোহিত শৰ্মাই টছত জিকি পাকিস্তানক প্ৰথমে বেটিং কৰিবলৈ পঠিয়ায়। আবেশ খান আৰু ভুৱনেশ্বৰ দুয়োজনে পাৱাৰপ্লেত ফখৰ জামান আৰু বাবৰ আজমক ঘূৰাই পঠিয়াই ভাৰতীয় শিবিৰলৈ যথেষ্ট সকাহ আনি দিয়ে। মাজৰ অভাৰত হাৰ্ডিক-ভুৱনেশ্বৰৰ আধিপত্য পাকিস্তানী বেটছমেনসকলে উলাই কৰিব নোৱাৰিলে।

মহম্মদ ৰিজৱানে ৪২ টা বলত ৪৩ ৰাণেৰে দলটোৰ সৰ্বাধিক স্ক’ৰ কৰে। দলটোৱে মুঠ ১৪৭ ৰাণ কৰিবলৈ সক্ষম হয়। ভুৱনেশ্বৰ কুমাৰে তেওঁৰ ৪ অভাৰৰ কোটাত মাত্ৰ ২৬ ৰাণত ৪ টা উইকেট দখল কৰে। ২৫ ৰাণত ৩ টা উইকেট দখল কৰে হাৰ্দিকে। হাৰ্দিকক মেন অফ দ্য মেচ বঁটা প্ৰদান কৰা হয়।