NORTHEAST NOW (Assamese)

মাত্ৰ দুমাহৰ ভিতৰতে চীনৰ পাছত বিশ্বৰ দ্বিতীয় বৃহৎ পি পি ই কিট উৎপাদনকাৰী দেশত পৰিণত ভাৰত

May 21, 2020 9:55 pm · এন ই নাও নিউজ

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত ভাৰত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ পি পি ই কিট উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে।

বৃহস্পতিবাৰে দেশৰ টেক্সটাইল মন্ত্ৰ্যালয়ে এই কথা উল্লেখ কৰে।

‘‘ভাৰতে মাত্ৰ দুমাহৰ ভিতৰতে বিশ্বৰ দ্বিতীয় বৃহৎ পি পি ই কিট উৎপাদনকাৰী দেশ হিচাপে চীনৰ পাছতে স্থান লাভ কৰিছে,’’ টেক্সটাইল মন্ত্ৰ্যালয়ে কয়।

চীনৰ পৰা আমদানি কৰা পি পি ই কিটৰ মূল্য অধিক হোৱাৰ বাবে ভাৰতে থলুৱাভাৱে পি পি ই কিট উৎপাদন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছিল বুলি টেক্সটাইল মন্ত্ৰ্যালয়ৰ সচিৱ অজিত চৱনে কয়।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত ভাৰতে প্ৰথম অৱস্থাত চীনৰ পৰা চিকিৎসা কৰ্মী সকলৰ বাবে পি পি ই কিট আমদানি কৰিছিল যদিও এনে পি পি ই কিটত বহু বিসংগতি ধৰা পৰিছিল।

চীনৰ পৰা আমদানিকৃত বিসংগতি পূৰ্ণ পি পি ই কিট আৰু ইয়াৰ মূল্য অধিক হোৱাৰ পাছতে ভাৰতে থলুৱাভাৱে পি পি ই কিট নিৰ্মাণৰ কাম হাতত লয় আৰু মাত্ৰ দুমাহৰ ভিতৰতে বিশ্বৰ দ্বিতীয় বৃহৎ পি পি ই কিট উৎপাদনকাৰী দেশত পৰিণত হয়।

Related News