• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতত জৰুৰীকালীন কোভিড-১৯ ভেকচিন ২০২১ চনৰ জানুৱাৰি-ফেব্ৰুৱাৰিৰ ভিতৰতে প্ৰস্তুত হৈ উঠিব পাৰে : প্ৰাক্তন আই চি এম আৰৰ সঞ্চালক প্ৰধান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 21, 2020 10:19 pm

2 min read

ভাৰতত জৰুৰীকালীন কোভিড-১৯ ভেকচিন ২০২১ চনৰ জানুৱাৰি-ফেব্ৰুৱাৰিৰ ভিতৰতে প্ৰস্তুত হৈ উঠিব পাৰে : প্ৰাক্তন আই চি এম আৰৰ সঞ্চালক প্ৰধান

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

880
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰৰ প্ৰাক্তন সঞ্চালক প্ৰধান এন কে গাংগুলীয়ে ভাৰতত অহা বছৰৰ জানুৱাৰি-ফেব্ৰুৱাৰি মাহৰ ভিতৰতে জৰুৰীকালীন কোভিড-১৯ ভেকচিন প্ৰস্তুত হোৱাৰ সম্ভাৱনা আছে বুলি মত ব্যক্ত কৰে।

ভাৰত বয়’টেক আৰু ফিলাডেলফিয়াৰ জেফাৰছন বিশ্ববিদ্যালয়ে মিলিতভাৱে প্ৰস্তুত কৰি থকা কোভিড-১৯ৰ ভেকচিন অহা বছৰৰ জানুৱাৰি-ফেব্ৰুৱাৰি মাহৰ ভিতৰতে জৰুৰীকালীন ভেকচিন হিচাপে প্ৰস্তুত হৈ উঠিব বুলি গাংগুলীয়ে আশা ব্যক্ত কৰে।

এই ভেকচিন প্ৰস্তুত হৈ উঠাৰ পাছতে মানুহৰ শৰীৰত শক্তিশালী কোভিড-১৯ প্ৰতিৰোধী ব্যৱস্থা এটা গঢ়ি তোলাৰ বাবে প্ৰয়োগ কৰা হ’ব যাতে ভাইৰাছৰ বিধৰ সংক্ৰমণৰ গতি বহু পৰিমাণে হ্ৰাস পায়।

কোভিড-১৯ ভাইৰাছৰ এণ্টিজেন চিকুৱেনছৰ বিষয়ে জ্ঞাত হোৱাৰ পাছতে এই ভেকচিন প্ৰস্তুতৰ গতিবেগ বৃদ্ধি পাব বুলিও আই চি এম আৰৰ প্ৰাক্তন সঞ্চালক প্ৰধান গৰাকীয়ে উল্লেখ কৰে।

আনহাতে, আই চি এম আৰৰ প্ৰাক্তন সঞ্চালক প্ৰধান গৰাকীয়ে সাধাৰণতে ভাইৰাছৰ প্ৰতিৰোধী ভেকচিন পৰীক্ষাগাৰৰ পৰা বজাৰত উপলব্ধ হ’বৰ বাবে পাঁচ বছৰৰ পৰা দহ বছৰ পৰ্যন্ত সময় লয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে যদিও কোভিড-১৯ৰ ভেকচিন ইয়াতকৈ কম সময়ৰ ভিতৰতে প্ৰস্তুত হৈ উঠিব বুলি কয়।

উল্লেখযোগ্য যে, ভাৰতৰ লগতে আমেৰিকা, ইংলেণ্ড, ইজৰাইল আদি বহু দেশত কোভিড-১৯ ভেকচিন প্ৰস্তুত কৰাৰ বাবে গৱেষণা চলি আছে।

ইংলেণ্ডৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষণা বহু পৰিমাণে আগবঢ়িছেও বুলি খবৰ লাভ কৰা হৈছে।

Recent News

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

a People-In-Delhi-Shouted-

মাজনিশা ‘পাকিস্তান জিন্দাবাদ’ ধ্বনিত কঁপি উঠিল ৰাজধানী চহৰ দিল্লীৰ ৰাজপথ, কোনে দিলে এই ধ্বনি?

india

জাতি- জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানেৰে মুখৰিত হল শিৱসাগৰৰ কোঁৱৰপুৰৰ ৰোষেশ্বৰ বৰুৱা খেলপথাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd