জুনিয়ৰ মহিলা হকী এছিয়া কাপত বাংলাদেশক ১৩-১ গ’লত পৰাস্ত কৰিলে টিম ইণ্ডিয়াই
অভাৱনীয় একো নঘটিল। জুনিয়ৰ মহিলা হকী এছিয়া কাপত ভাৰতৰ হাতত বৃহৎ ব্যৱধানত পৰাস্ত হয় বাংলাদেশৰ মহিলা হকী দল। ইয়াৰ পূৰ্বে বাংলাদেশ দল চীনৰ হাতত লজ্জাজনকভাৱে পৰাস্ত হৈছিল। সেই সময়তে ভাৰতৰ পৰাও তেওঁলোকে এক কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলিয়ে ভবা হৈছিল। সেইটোৱেই হ’ল। এক ডজনৰো অধিক গ’লত পৰাস্ত হ’ল বাংলাদেশৰ মহিলা দল।
খেলখনত ভাৰতৰ হৈ দৃষ্টি আকৰ্ষণ কৰিলে মুমতাজ খানে। তেওঁ অকলেই চাৰিটা গ’ল দিছিল। কণিকা আৰু দীপিকাও বাদ বাদ নপৰিল। তেওঁলোকেও হেট্ৰিক অৰ্জন কৰে। জুনিয়ৰ মহিলা হকী এছিয়া কাপৰ এইখন আছিল ভাৰতীয় মহিলা হকী দলৰ প্ৰথমখন খেল। তাত ৰাণী ৰামপালহঁতৰ উত্তৰাধিকাৰীসকলে বৃহৎ ব্যৱধানত জয়ী হৈ নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰিলে।
মেচ আৰম্ভ হোৱাৰ পৰাই দুয়োটা দলৰ শক্তিৰ বিশাল পাৰ্থক্য সকলোৱে দেখিবলৈ পালে। ৭ মিনিটতে আগবাঢ়ি গ’ল ভাৰত। পেনাল্টি কৰ্ণাৰটো দীপিকাই গ’ললৈ ৰূপান্তৰিত কৰে। ইয়াৰ পিছতে মনিকা আৰু কণিকাই ভাৰতীয় দলৰ অগ্ৰগতি বৃদ্ধি কৰে। তেতিয়াই বাংলাদেশ দলটোৰ ভাগ্য স্পষ্ট হৈ পৰিল যে তেওঁলোকে ডাঙৰ ব্যৱধানত পৰাস্ত হ’ব। শেষত সেই চিন্তাই সঁচা হ’ল যেতিয়া ভাৰতীয় দলৰ সদস্যসকলে এটা এটাকৈ গ’লৰ সংখ্যা বৃদ্ধি কৰি গৈ থাকিল।
দ্বিতীয় আৰু তৃতীয় কোৱাৰ্টাৰত দীপিকা, মুমতাজ, বিউটি ডুং ডুং আৰু সাক্ষী ৰাণাই বেক টু বেক গ’ল দি ভাৰতীয় দলৰ অগ্ৰগতি বৃদ্ধি কৰে। বাংলাদেশৰ হৈ ১২ মিনিটত অৰ্পিতা পালে একমাত্ৰ গ’লটো দিয়ে। শেষত ভাৰতে সেই এটা গ’লেই খালে, বাংলাদেশৰ যুৱতী দলটোৱে আৰু টিম ইণ্ডিয়াৰ মহিলা ব্ৰিগেডৰ নেটত বল সোমাব নোৱাৰিলে। আচলতে তেওঁলোক নিজৰ দুৰ্গটো ৰক্ষা কৰাত অধিক ব্যস্ত আছিল।
ভাৰতৰ কনিকাই খেলখনৰ অন্তিম কোৱাৰ্টাৰত দুটা গ’ল দি নিজৰ হেট্ৰিক সম্পূৰ্ণ কৰে। ইয়াৰ পাছতে মুমতাজ আৰু দীপিকাইও গ’লৰ সংখ্যা বৃদ্ধি কৰি হেট্ৰিক সম্পূৰ্ণ কৰে। আনহাতে ভাৰতীয় দলটোৱে ১২টা পেনাল্টি কৰ্ণাৰ লাভ কৰাৰ বিপৰীতে বাংলাদেশ দলে মাত্ৰ ১টা পেনাল্টি কৰ্ণাৰ লাভ কৰে। এই পৰিসংখ্যা চালেই বুজিব পাৰি যে ভাৰতীয় মহিলা জুনিয়ৰ হকী দলটোৱে বাংলাদেশ দলৰ ওপৰত কিমান চাপ প্ৰয়োগ কৰিছিল।
অৱশ্যে বাংলাদেশৰ গ’লৰক্ষক মহুৱাই অকলেই বহুবাৰ নিশ্চিত পতন ৰক্ষা কৰিছিল৷ নহলে ভাৰতীয় দলটোৱে কৰা গ’লৰ সংখ্যা আৰু অলপ বৃদ্ধি হ’লহেঁতেন৷ এই মেচত জয়ী হোৱাৰ পিছত যদি তেওঁলোকে বাকী গ্ৰুপ মেচবোৰতো জয়ী হয় তেন্তে দীপিকা, কণিকাহঁতৰ দলটোৱে পোনপটীয়াকৈ জুনিয়ৰ মহিলা হকী বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰাৰ সুযোগ পাব। সোমবাৰে মালয়েছিয়াই পৰৱৰ্তী গ্ৰুপ মেচত ভাৰতৰ বিৰুদ্ধে খেলিব।