• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ ৬৬% সংস্থাই কাম আদায়ৰ বাবে চৰকাৰী বিষয়াক দিছে উৎকোচ! চাঞ্চল্যকৰ প্ৰতিবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 9, 2024 10:42 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আদানী গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচ কেলেংকাৰিক লৈ দেশজুৰি চৰ্চা অব্যাহত আছে। তাৰ মাজতে শেহতীয়া এক সমীক্ষাত দাবী কৰা হৈছে যে ভাৰতৰ আধাতকৈ অধিক কোম্পানীয়ে ব্যৱসায় চলাবলৈ চৰকাৰক উৎকোচ দিবলগীয়া হয়। অন্ততঃ যোৱা এবছৰৰ পৰিসংখ্যাত ইয়াৰ প্ৰমাণ স্পষ্ট।

সমীক্ষা অনুসৰি ৬৬শতাংশ কোম্পানীয়ে ১২মাহত উৎকোচ দিছিল। ইয়াৰে ৪৬ শতাংশই ব্যক্তিগতভাৱে চৰকাৰী বিষয়াক ধন দি কাম ক্ষিপ্ৰতাৰে আদায় কৰিছে। আৰু বাকী ৫৪ শতাংশই উৎকোচ দিবলৈ বাধ্য হৈছে ।

Apply Now

যোৱা ২২ মে’ৰ পৰা ৩০ নৱেম্বৰলৈ অনলাইন প্লেটফৰ্ম “লোকেল চাৰ্কেলে” দেশৰ ১৫৯খন জিলাৰ ১৮ হাজাৰ সংগঠনৰ মাজত এই সমীক্ষা চলাইছিল। তাত নাম প্ৰকাশত অনিচ্ছুক ৬৬ শতাংশ সংস্থাই জনায় যে চৰকাৰী কাৰ্যালয়ৰ দ্বাৰা কাম সম্পন্ন কৰিবলৈ, ক্লিয়াৰেন্স পাবলৈ, আনকি বহু ক্ষেত্ৰত নথিৰ ডুপ্লিকেট পাবলৈও সংশ্লিষ্ট বিষয়াক ধন দিব লাগে। মাটি আৰু ঘৰৰ লগত জড়িত প্ৰায় সকলো ধৰণৰ কামৰ বাবে ধনৰ প্ৰয়োজন। কিছুমান ক্ষেত্ৰত ইচ্ছাকৃতভাৱে কাম বন্ধ কৰি দিয়া হয়। ইয়াৰ ভিতৰত অনুজ্ঞা পত্ৰ প্ৰদান, ফাইল হস্তান্তৰ, আদেশ জাৰি কৰা, যোগ্যতাৰ নথি-পত্ৰ প্ৰদান আৰু চৰকাৰী আৱন্টনৰ টকা লাভ কৰা আদি অন্তৰ্ভুক্ত।

লগতে পঢ়কঃ জুনিয়ৰ মহিলা হকী এছিয়া কাপত বাংলাদেশক ১৩-১ গ’লত পৰাস্ত কৰিলে টিম ইণ্ডিয়াই

একাংশৰ মতে সেই সংখ্যা আগৰ তুলনাত কমিছে। কিন্তু তথাপিও বেছিভাগ ক্ষেত্ৰতে যিটো কাম সাধাৰণভাৱে হ’ব লাগে, সেই কামটো টকা নিদিয়াকৈ কৰিব নোৱাৰি।

সমীক্ষা অনুসৰি প্ৰায় ৭৫শতাংশ উৎকোচৰ ধন আইন বিভাগ, জোখ-মাখ বিভাগ, খাদ্য, চিকিৎসা আৰু স্বাস্থ্য আদি বিভাগৰ বিষয়াসকলৰ হাতলৈ গৈছে। বহু ক্ষেত্ৰত জি এছ টি কৰ্তৃপক্ষ, প্ৰদূষণ বিভাগ, পৌৰ নিগম আৰু বিদ্যুৎ বিভাগৰ বিষয়াসকলৰ পকেটত সোমাইছে।

চৰকাৰী কাৰ্যালয়ত চিচিটিভি কেমেৰা থাকিলেও বন্ধ দুৱাৰৰ আঁৰত উৎকোচৰ লেনদেন চলে। ১৬ শতাংশ কোম্পানীয়ে দাবী কৰে যে তেওঁলোকে কেতিয়াও কোনো উৎকোচ দিয়া নাই। সকলো কাম নিয়ম অনুসৰি হৈছে। ১৯ শতাংশই তেওঁলোকৰ উৎকোচ দিয়াৰ প্ৰয়োজন হোৱা নাই বুলি কয়।

লগতে পঢ়কঃ শিশুসকলৰ হোম ছিকনেছ – শিশুৰ গৃহ-কাতৰতা লক্ষণ; জানক ইয়াৰ কাৰণ আৰু প্ৰতিকাৰ

ডেলয়ট ইণ্ডিয়াৰ তথ্য অনুসৰি বহু সংস্থাই বিশ্বাস কৰে যে নীতি আৰু কামৰ ক্ষেত্ৰত আপোচ কৰিলে নিয়ন্ত্ৰক কৰ্তৃপক্ষৰ চকুত পৰা নাযায় বা জৰিমনা ভৰিব লগা নহয়। এনে মনোভাৱে অতীতত কাম কৰিলেও সময় সলনি হৈছে। উৎকোচৰ অভিযোগ ক্ৰমান্বয়ে আৰু বেছিকৈ পোহৰলৈ আহিছে। সংস্থাসমূহৰ পৰিচালনা গাঁথনিলৈ চাই দুৰ্নীতি হ্ৰাস কৰাত মনোনিৱেশ কৰিব লাগিব। “লোকেল চাৰ্কেলে” দাবী কৰিছে যে এই ক্ষেত্ৰত কেন্দ্ৰৰ নেটৰ জৰিয়তে সামগ্ৰী ক্ৰয়ৰ ব্যৱস্থাই কাম দিছে। কিন্তু কিছুমান ক্ষেত্ৰত দুৰ্নীতিৰ পথ মুকলি হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd