NORTHEAST NOW (Assamese)

৩১ মাৰ্চত অৰবিন্দ কেজৰিৱালৰ মুক্তিৰ দাবীত বিশাল সমাৱেশ আয়োজন কৰিছে বিৰোধী ঐক্য ইণ্ডিয়াই

March 24, 2024 5:20 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

দিল্লী সুৰা নীতিৰ গোচৰত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত ৩১ মাৰ্চত দিল্লীৰ ৰামলীলা ময়দানত মেগা ৰেলী অনুষ্ঠিত কৰিব বিৰোধী ঐক্য ইণ্ডিয়াই। 

উল্লেখ্য যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিল্লীৰ চিভিল লাইনছ এলেকাত থকা তেওঁৰ চৰকাৰী বাসগৃহত তালাচী চলাই ২১ মাৰ্চত বলবৎকাৰী সঞ্চালকালয়ে ধন সৰবৰাহৰ বিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে। তাৰ পিছত তেওঁক ২৮ মাৰ্চলৈকে বলবৎকাৰী সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ।

দেওবাৰে সংবাদমেল সম্বোধন কৰি বিৰোধী ঐক্য ইণ্ডিয়াই এই সমাৱেশৰ কথা ঘোষণা কৰে।

আপ নেতা গোপাল ৰায়ে কয়, “গণতন্ত্ৰ আৰু দেশ বিপদত পৰিছে। ইণ্ডিয়াৰ সকলো দলে দেশৰ স্বাৰ্থ আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে এই ‘মহা ৰেলী’ অনুষ্ঠিত কৰিব।”

দিল্লী কংগ্ৰেছৰ মুৰব্বী অৰবিন্দৰ সিং লাভলীয়েও কয় যে, “৩১ মাৰ্চৰ ‘মহা ৰেলী’ ‘ৰাজনৈতিক’ নহয় বৰঞ্চ দেশৰ গণতন্ত্ৰক ৰক্ষা কৰাৰ বাবেহে আহ্বান কৰা হৈছে।

উল্লেখ্য যে শুকুৰবাৰে বিৰোধী ঐক্যৰ কেইবাজনো নেতাই ভাৰতীয় নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী নেতাক লক্ষ্য কৰি লোৱাৰ অভিযোগ পঞ্জীয়ন কৰে।

Related News