চীনক দিব টক্কৰ! : ইজৰাইলৰ পৰা ভাৰতে আকৌ ক্ৰয় কৰিব বিধ্বংসী এণ্টি টেংক মিছাইল

IMG_06032020_091849_900_x_650_pixel

সামৰিক শক্তি বৃদ্ধি কৰাত গুৰুত্ব দিছে ভাৰতে।

চীনৰ লগত হোৱা সীমা বিবাদৰ পিছতে ভাৰতে সামৰিকভাৱে অধিক শক্তি বৃদ্ধিত গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।

ইয়াৰ সমান্তৰালভাৱে বিদেশৰ পৰা ফাইটাৰ বিমানকে আদি কৰি অত্যাধুনিক আগ্নেয়াস্ত্ৰ ক্ৰয় কৰাৰ পিছত এইবাৰ স্পাইক এণ্টি টেংক মিছাইল ক্ৰয় কৰিব ভাৰতে।

ভাৰতীয় সেনা সূত্ৰৰ মতে ভাৰতে ইজৰাইলৰ পৰা আৰু ১২ টা স্পাইক লাঞ্চাৰ আৰু ২০০ টাৰো অধিক টেংক প্ৰতিৰোধী ক্ষেপণাস্ত্ৰ ক্ৰয় কৰাৰ প্ৰস্তাৱ গৃহীত কৰিছে।

উল্লেখ্য যে, যোৱা বছৰ বালাকোটত পাক সেনাক প্ৰত্যাক্ৰমণৰ সময়ত জৰুৰীভাৱে ভাৰতে একে পৰিমাণৰ ক্ষেপণাস্ত্ৰ আৰু লাঞ্চাৰ ক্ৰয় কৰি পাক-ভাৰত সীমান্তত মজুত কৰিছিল।

এইবাৰ চীনৰ সৈতে সীমান্তত সংঘাত বৃদ্ধি পোৱাৰ পিছত চীনৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পৰাকৈ এই ঘাটক এণ্টি টেংক মিছাইল ক্ৰয় কৰিব খুজিছে ভাৰতে।

ইফালে কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সেনা বাহিনীত যুদ্ধাস্ত্ৰ ক্ৰয় তথা আনুষঙ্গিক কাৰণত ৫০০ কোটি টকাৰ ব্যয় কৰিবলৈ অনুমোদন দিছে।

ইয়াৰ পূৰ্বে ৩৩ খন অতিৰিক্ত যুদ্ধ বিমান ক্ৰয় কৰাৰ বাবে কেন্দ্ৰই এক নিৰ্দেশনা প্ৰকাশ কৰিছিল।

ইয়াৰ মাজতে ৰাছিয়া সৈতে ভাৰতে ১২ খন চুখই যুদ্ধবিমান নিৰ্মাণৰ কৰিবলৈ চৰকাৰী বিমান নিৰ্মাণকাৰী সংস্থা হিন্দুস্তান এৰ’নেটিকছ লিমিটেড(HAL)ক অনুমতি প্ৰদান কৰিছে।