ভাৰত বিশ্বৰ শৰণাৰ্থীসকলৰ ৰাজধানী হ’ব নোৱাৰে : উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

1533486346-2116-1140x570

ফাইল ফটো

‘’ভাৰত বিশ্বৰ শৰণাৰ্থীসকলৰ ৰাজধানী হ’ব নোৱাৰে।‘’ অসমৰ নাগৰিকপঞ্জী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ক এইদৰে উত্তৰ দিলে কেন্দ্ৰীয় চৰকাৰে।

কেন্দ্ৰই লগতে এন আৰ চিৰ চূড়ান্ত খচৰাত লাখ লাখ লোকৰ নাম ভুলকৈ অন্তৰ্ভুক্ত হোৱা বুলিও জানিবলৈ দিয়ে।

অসমত অবৈধ অনুপ্ৰৱেশকাৰীক আশ্ৰয় দিয়াৰ বাবে নাগৰিক পঞ্জীৰ খচৰাত লাখ লাখ লোকৰ নাম ভুলকৈ অন্তৰ্ভুক্ত কৰা হৈছে বুলি শুকুৰবাৰে উচ্চতম ন্যায়ালয়ক কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিয়ে।

এনে কাৰণতে নাগৰিক পঞ্জীৰ তালিকা চূড়ান্ত কৰাৰ বাবে আৰু অধিক সময়ৰ প্ৰয়োজন বুলিও কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জনায়। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয়, ‘’ভাৰত বিশ্বৰ শৰণাৰ্থীসকলৰ ৰাজধানী হ’ব নোৱাৰে।‘’

শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ দুয়োটাই উচ্চতম ন্যায়ালয়ত এন আৰ চি চূড়ান্ত কৰাৰ বাবে পূৰ্বৰ ৩১ জুলাইৰ সময়সীমা বৃদ্ধিৰ আৰ্জি তোলে।

এন আৰ চিত অন্তৰ্ভুক্ত লোকৰ নমুনা পৰীক্ষাৰ দাবী উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰে কয় যে স্থানীয় কর্মচাৰী জড়িত থকাৰ বাবে বাংলাদেশ সীমান্ত অঞ্চলত আশ্ৰয় লৈ থকা লাখ লাখ লোকৰ নাম ভুলকৈ অন্তৰ্ভুক্ত কৰা হৈছে।

উল্লেখযোগ্য যে ২০১৮ চনৰ ১ জানুৱাৰিত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এন আৰ চিৰ প্ৰথমখন খচৰা প্ৰকাশ পাইছিল। প্ৰথম খচৰাত মুঠ ৩.২৯ কোটি আবেদনকাৰীৰ ভিতৰত ১.৯ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল।