• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ চীনৰ ‘এল এ চি’ উলংঘন! : লাডাখ সীমান্তৰ পি পি ১৪ৰ অঞ্চলত পুনৰ ভাৰতীয় ভূমি দখল চীনৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
June 27, 2020 8:04 am
Galwan-Satellite-759

গালৱান উপত্যকাৰ উপগ্ৰহীয় আলোকচিত্ৰ, সৌজন্য-ৰয়টাৰ

21.9k
VIEWS
Share on FacebookShare on Twitter

লাডাখৰ ভাৰত-চীন সীমান্তৰ পেট্ৰলিং পইণ্ট ১৪ত চীনা সৈন্যই পুনৰ ভাৰতৰ ভূখণ্ড দখল কৰিছে!

ভাৰতীয় সেনাৰ দাবী যে উক্ত অঞ্চলবোৰত নতুন আন্তঃগাঠনি নিৰ্মাণ নকৰিলেও সেই এলেকাসমূহ চীনা সৈন্যই পুনৰ দখল কৰিছে।

চীনা সৈন্যৰ উপস্থিতিৰ বাবে পেট্ৰলিং পইণ্ট ১০, ১১, ১১এ, ১২ আৰু ১৩ত টহলদাৰী ভাৰতীয় সেনা উপস্থিত হ’ব পৰা নাই বুলি সেনা সূত্ৰই প্ৰকাশ কৰিছে।

ইফালে ৰাছিয়া ভ্ৰমণ সামৰি নতুন দিল্লীত উপস্থিত হোৱা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ আগত স্থল সেনা প্ৰধান এম এম নৰবণে সীমান্তৰ পৰিস্থিতি ইতিমধ্যে ব্যাখ্যা কৰিছে।

সীমান্তৰ পৰিস্থিতি বুজ লোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মিলিত হোৱাৰ কথা প্ৰতিৰক্ষা মন্ত্ৰীৰ।

চীনস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিস্ত্ৰিয়ে কালি কৈছিল যে, লাডাখৰ সমস্যা সমাধানৰ এটাই পথ আছে।

বেইজিঙে স্থিতাৱস্থা সলনি কৰিব খুজিলে তাৰ ফল চীনে ভুগিব লাগিব বুলিও মিস্ত্ৰিয়ে বেইজিঙক সতৰ্ক কৰি দিয়ে।

তেওঁ স্পষ্টকৈ কয় যে লাডাখ সীমান্তত ভাৰতীয় সেনাৰ টহলদাৰী পথত চীনা সৈন্যই বাধা দিয়া বন্ধ কৰিলেহে সমস্যা সমাধান কৰা সম্ভৱ হ’ব।

১৫ জুনত দুয়ো পক্ষৰ সেনাৰ মাজত হোৱা ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছতে দুই দেশে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা সেনা পিছুৱাই আনিছিল।

কিন্তু ১০ দিনৰ পিছতে পুনৰ গালৱানৰ পেট্ৰিলং পইণ্ট ১৪ত চীনা সৈন্যৰ ভিৰ দেখা গৈছে বুলি সেনা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰিছে।

সেনা সূত্ৰৰ খবৰ অনুসৰি গালৱানৰ বিস্তৃণ অঞ্চল চীনে পুনৰ দখল কৰিছে।

উই ৱাইৰ জংচনৰ পৰা পেট্ৰলিং পইণ্ট ১০, ১১, ১১এ, ১২ আৰু ১৩লৈ যোৱা পথটো চীনা সেনাই দখল কৰাৰ ফলত ভাৰতীয় টহলদাৰী সেনাই উক্ত পইণ্টসমূহত উপস্থিত হ’ব পৰা নাই।

ইয়াৰ ফলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহল দিব নোৱাৰি ভাৰতৰ ভূখণ্ডৰ কেবাকিলোমিটাৰ ভিতৰত অৱদ্ধ হৈ আছে ভাৰতীয় টহলদাৰী সেনা।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd