লাডাখৰ ভাৰত-চীন সীমান্তৰ উত্তেজনা নিৰশনৰ বাবে দুয়ো পক্ষৰ সেনাৰ ক’ৰ কামাণ্ডাৰ পৰ্যায়ৰ আলোচনা চলি থাকিলেও উত্তেজনাৰ কোনো শাম কটা নাই।
এই আলোচনাৰ মাজতে কালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হঠাৎ লাডাখ সীমান্ত ভ্ৰমণ কৰাৰ পাছত সীমান্তৰ উত্তেজনাই পুনৰ শীৰ্ষত উঠিছে।
প্ৰধানমন্ত্ৰী মোদীৰ লাডাখ ভ্ৰমণক সহজভাৱে ল’ব পৰা নাই বেইজিঙে।
বেইজিঙে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লাডাখ ভ্ৰমণৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে, দুয়োপক্ষই পৰিস্থিতি ঘোলা কৰাৰ এনে কোনো পদক্ষেপ লোৱা উচিত নহয়।
চীন বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ঝাও লিজিয়ানে শুকুৰবাৰে কয় যে, “ভাৰত ও চীনৰ মাজত যোগাযোগ হৈ আছে। উত্তেজনা নিৰশনৰ বাবে সামৰিক আৰু কূটনৈতিক স্তৰৰ আলোচনা চলি আছে। কোনো নতুন সমস্যাৰ সৃষ্টি কৰাৰ ‘পদক্ষেপ’ লোৱাৰ পৰা উভয় পক্ষই বিৰত থকা উচিত।”
প্ৰধানমন্ত্ৰী মোদীৰ লাডাখ ভ্ৰমণক প্ৰত্যক্ষভাৱে আক্ৰমণ নকৰি চীনৰ বৈদেশিক মন্ত্ৰালয়ে কৌশলী স্থিতি গ্ৰহণ কৰাও দেখা গৈছে।
এই সম্পৰ্কত বৈদেশিক মন্ত্ৰালয়ে ৰাজনৈতিক মন্তব্য প্ৰকাশ নকৰিলেও চীনৰ কূটনৈতিক মহলে প্ৰকাশ কৰিছে যে ১৫ জুনৰ দুয়োপক্ষৰ সেনাৰ ৰক্তক্ষয়ী সংঘৰ্ষই সৃষ্টি কৰা উত্তেজনাক মোদীৰ লাডাখ ভ্ৰমণে পুনৰ নতুন মাত্ৰা প্ৰদান কৰিছে।
অৰ্থাৎ চীনে ইয়াৰ দ্বাৰা এই ইঙ্গিত প্ৰদান কৰিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লাডাখ ভ্ৰমণে সীমান্তৰ উত্তেজনা নিৰশন কৰাৰ বিপৰীতে বৃদ্ধিহে কৰিছে।