NORTHEAST NOW (Assamese)

টীম ইণ্ডিয়াৰ লজ্জাজনক পৰাজয় : ক্ষমতা কৰ্তন কৰা হ’ব প্ৰশিক্ষক গৌতম গম্ভীৰৰ

November 5, 2024 9:35 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: November 5, 2024 9:15 pm

শেহতীয়াকৈ নিউজিলেণ্ডৰ ওচৰত ধৰাশায়ী হ’ল টীম ইণ্ডিয়া। ইয়াৰ পিছতেই অতিৰিক্ত ক্ষমতা কৰ্তন কৰা হৈছে দলটোৰ প্ৰশিক্ষক গৌতম গম্ভীৰৰ।

উল্লেখ্য যে খেলুৱৈ নির্বাচনৰ ক্ষেত্ৰত তেওঁক সম্পূর্ণ স্বাধীনতা দিছিল ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বর্ডে। কিন্তু নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ শোচনীয় পৰাজয় হোৱাৰ পিছত গম্ভীৰৰ পৰা এই ক্ষমতা কাঢ়ি লোৱআৰ কথা চিন্তা কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে।

উল্লেখ্য যে গৌতম গম্ভীৰ প্রশিক্ষক হোৱাৰ পিছৰ পৰা এতিয়ালৈ উল্লেখনীয় সফলতা লাভ কৰা দলটোৱে। তেওঁ প্ৰশিক্ষকৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমখন খেল আছিল শ্রীলংকাৰ লগত সেই খেলত ভাৰতে শ্ৰীলংকাৰ হাতত পৰাজয় বৰণ কৰে। ২৭ বছৰৰ পিচত শ্রীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত এইবাৰ পৰাস্ত হ’ল ভাৰত।

ইয়াৰ পিছতে নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচিত ০-৩ৰ ব্যৱধানত পৰাজয় হয় টীম ইণ্ডিয়া। এই পৰাজয়ৰ পিচত গম্ভীৰৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে বৰ্ডৰ একাংশ কর্মকর্তা।

ৰ্ডৰ নিয়ম অনুসৰি দল নিৰ্বাচনৰ সময়ত প্রশিক্ষক উপস্থিত থাকিব নোৱাৰে। কিন্তু সেই অনুমতি দিয়া হৈছিল গম্ভীৰক। বৰ্ডৰ এক সূত্রই সদৰী কৰা অনুসৰি ৰবি শাস্ত্রী আৰু ৰাহুল দ্রাবিড়ক যি সুবিধা দিয়া হোৱা নাছিল তেনে সুবিধা লাভ কৰিছিল গৌতম গম্ভীৰেপিছে ক্ষমতা পাই দলটোক হে আগুৱাই নিব নোৱাৰিলে গৌতম গম্ভীৰে। পৰৱৰ্তী সময়ত ভাৰতে ভাল ফল দেখুৱাব নোৱাৰিলে এই ক্ষমতা কৰ্টন কৰাৰ কথা ঘোষণা কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে।

Related News